/asomiyapratidin/media/media_files/2026/01/09/ujujjj-2026-01-09-22-54-15.jpg)
ডিজিটেল সংবাদ ,ধেমাজিঃ জিলাখনৰ কৃষি ,পশুপালন, মৎস্য পালন , ৰেচম শিল্প আদিৰ সৈতে জড়িত কৃষক, মহিলা আৰু উদ্যোগী যুৱক-যুৱতী সকলৰ বাবে এখনি বিশেষ মঞ্চ তৈয়াৰ কৰা উদ্দেশ্যে ধেমাজি জিলা প্ৰশাসন , কৃষি বিজ্ঞান কেন্দ্ৰ ধেমাজি আৰু আত্মনিৰ্ভৰ ধেমাজি সমিতিৰ উদ্যোগত শুক্ৰবাৰৰ পৰা চাৰিদিনীয়াকৈ ধেমাজি কাছাৰী ময়দানত পঞ্চম “ আত্মনিৰ্ভৰ ধেমাজি” এক বিশেষ কাৰ্য্যসূচী আৰম্ভ হৈছে ৷ আজি প্ৰথম দিনা বিয়লি ডেৰ বজাত আনুষ্ঠানিকভাৱে ফিটা কাটি শুভ উদ্ধোধন কৰে মিছিং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য সদস্য পৰমানন্দ চায়েঙীয়াই৷
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/09/5d247b01-2f09-49c0-a1ae-fd8a2bacb7aa-2026-01-09-22-56-54.jpeg)
উদ্বোধনী অনুষ্ঠানত ধেমাজি নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ তোলন কোঁৱৰ , সোনোৱাল কাছাৰী স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য সদস্য টংকেশ্বৰ সোনোৱাল , জিলা আয়ুক্ত ৰাহুল সুৰেশ জাৱীৰ , মিছিং স্বায়ত্ত্বশাসিত পৰিষদৰ অধ্যক্ষ সুণিল পেগু আৰু ধেমাজি জিলা পৰিষদৰ কাৰ্য্যবাহী বিষয়া বিতুপন নেওগকে ধৰি বহু কেইগৰাকী লোকে উপস্থিত থাকে ৷ ইফালে বিভিন্ন জনগোষ্ঠী সমূহৰ পৰম্পৰা খাদ্য , সাজপাৰ , ধেমাজিৰ জীৱনশৈলী , সংস্কৃতি আৰু জৈৱ বিচিত্ৰ্যতা , শাকপাচলি ,ফুল আৰু ফলৰ প্ৰদশৰ্নী আৰু প্ৰতিযোগিতাকে ধৰি ১৩০ খন বিপনীয়ে অংশগ্ৰহণ কৰিছে ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/09/dc24ecc4-abc5-4640-9cfc-b2041b26b798-2026-01-09-22-57-15.jpeg)
বিয়লি ২ বজাত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা , শিশু সকলৰ মাজত নৃত্য প্ৰতিযোগিতাৰ পিছতেই সন্ধিয়ালৈ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় ৷ অহা কাইলৈ দ্বিতীয় দিনা পুৱা ৯ বজাত পোহনীয়া কুকুৰৰ প্ৰদৰ্শনী আৰু প্ৰতিযোগিতাৰে কাৰ্য্যসূচী আৰম্ভণি হ'ব । পুৱা ১১ বজাৰ পৰা বিয়লি ২ বজাৰলৈ প্ৰযুক্তিগত আৰু প্ৰশিক্ষণমূলক কেইবাখনো আলোচনাসত্ৰ অনুষ্ঠিত হ'ব ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/09/afb55d2b-c881-4cd4-834e-e2fc0b3de309-2026-01-09-22-57-29.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us