/asomiyapratidin/media/media_files/2025/10/10/ujjjd-2025-10-10-21-45-42.jpg)
ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি জিলাৰ চিচিবৰগাওঁ আৰক্ষীৰ অন্তৰ্গত গাইনদীৰ মথাউৰি পাৰত শুকুৰবাৰে পুৱাই এগৰাকী যুৱতী মৃতদেহ ৰহস্যজনকভাৱে উদ্ধাৰ ঘটনাই অঞ্চলটোৰ লগতে ধেমাজিতো বাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ উল্লেখ্য যে ধেমাজি আৰক্ষী থানাৰ অন্তৰ্গত বিষ্ণুপুৰ শিলআলি মাজগাঁওৰ ২৩ বছৰীয়া যুৱতী জ্যোতিকা কলিতাই ধেমাজি নগৰত ৬ মহীয়া মেকআপ আটিষ্ট প্ৰশিক্ষণ লৈ আছিল ৷
যুৱতী জ্যোতিকাই প্ৰত্যেক দিনে পুৱা ঘৰৰ পৰা পুৱা ৯ বজাত টাউনলৈ ওলাই আহে আৰু বিয়লি ৪ বজাৰ ভিতৰত ঘৰলৈ ঘূৰি যায় ৷ কিন্তু বৃহস্পতিবাৰে যুৱতী গৰাকীয়ে সন্ধিয়া ৫ বজাৰ পৰ্যন্ত ঘৰলৈ নোযোৱাৰ লগতে ফোনৰো কোনো সংযোগ নোপোৱাত ককায়েক ঘন কলিতাই ঘৰৰ পৰা ৰাস্তাৰলৈকে উলাই আহি অপেক্ষা কৰাত কোনো খৱৰ নেপাই ততাতৈয়াৰকৈ ধেমাজি নগৰত থকা প্ৰশিক্ষণ লোৱা দোকানলৈ আহি খৱৰ লোৱা পিছত প্ৰশিক্ষণ দিয়া স্বত্তাধিকাৰীয়ে ৪ বজাতেই দোকানৰ পৰা ইতিমধ্যে ঘৰলৈ যোৱা বুলি জনোৱাৰ পিছতে বিষয়টো হাহাঁকাৰ লাগে ৷
যুৱতী গৰাকীক বিচাৰি পৰিয়াল বৰ্গই গোটে ৰাতিটোৱেই চালাথ কৰিও কোনো সূংসূত্ৰ উলিয়াব নোৱাৰাৰ বিপৰীত ৰহস্যজনকভাৱে পৰিয়াল বৰ্গই শুক্ৰবাৰে ৰাতিপুৱা ৯ বজাত চিচিবৰগাঁওৰ গাইনদীৰ মথাউৰি এক ভিতৰোৱা অঞ্চলত এডোখৰ হাবিত যুৱতী গৰাকীৰ মৃতদেহ পৰি আছে বুলি খৱৰ লাভ কৰি তাৎক্ষণিকভাৱে আৰক্ষীৰ সৈতে যোগাযোগ কৰি মৃতদেহ উদ্ধাৰ কৰে ৷
ককায়েক ঘন কলিতাই জনোৱা মতে এই পৰ্যন্ত আৰক্ষী থানাত কোনো লিখিত এজেহাৰ দাখিল কৰা নাই যদিও ঘটনাটোৰ অধিক স্পষ্ট হোৱা বাবে ইতিমধ্যে পৰিয়ালৰ সহযোগত আৰক্ষীয়ে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰলৈ মৰণোত্তৰ পৰীক্ষাৰ কৰা বাবে মৃতদেহ নিয়া হৈছে বুলি জানিব পৰা গৈছে ৷ পৰিয়ালে সন্দেহ কৰামতে অতি কৌশলগতভাৱে হত্যাকাৰীৰে হত্যা কৰি যুৱতী পেলাই থৈ গৈছে ৷
ইতিমধ্যে মৃতদেহৰ কাষৰ পৰা কিছু দূৰৈত যুৱতী গৰাকীৰ এ. এচ ২২ কে ২১১৭ নম্বৰৰ হিৰু কোম্পানীৰ স্কুটী উদ্ধাৰ হৈছে যদিও যুৱতী পিন্ধা হেমলেট টো পোৱা নাই আৰু মবাইলটোত চিম কাৰ্ডখনো পোৱা নাই ৷ ৰহস্যজনকভাৱে যুৱতী গৰাকীয়ে ব্যৱহাৰ কৰা পানী বটলটো ঠাইত অন্য এটা পানী বটল উদ্ধাৰ হৈছে ৷ মৃতদেহৰ কাষত যুৱতী গৰাকীয়ে ব্যৱহাৰ কৰা হেণ্ড, নীলা জাতীয় কিছু সামগ্ৰী , ইয়াৰ উপৰিও যুৱতী গৰাকীৰ মুখেৰে ফেন উলাই থকা উপৰিও মূৰ আৰু কপালত ফুলি থকা লগতে এটা ভৰিত কোনো আঘাত নাই যদিও কিন্ত কিছু পৰিমানে ভৰিটোত তেজ লাগি আছে ৷