/asomiyapratidin/media/media_files/2025/09/11/juuuaa-2025-09-11-23-09-59.jpg)
ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি জিলা ও সত্ৰ ন্যায়াধীশ কল্যাণজিৎ শইকীয়া আদালতে বৃহস্পতিবাৰে এক ৰায়দান যোগে চিলাপথাৰৰ এটা হত্যা গোচৰত চিত্ৰ পাংগিং নামৰ এজন লোকক যাৱজ্জীৱন কাৰাদণ্ডৰ আদেৰ্শ দিয়া লগতে নগদ পাঁচ হেজাৰ টকাৰ জৰিমনা বিহে ৷
উল্লেখ্য যে ৭ আগষ্ট ২০২২ চনত ভক্ত বাহাদু চেত্ৰী নামৰ লোকজনক চিত্ৰ পাংগিঙে এটা ইটা আৰু লোহাৰৰ গধুৰ বস্তুৱে মূৰত প্ৰচণ্ডভাৱে প্ৰহাৰ কৰি আক্ৰমণ কৰা ফলত লোকজনে ঘটনাস্থলীতে মৃত্যু হয় ৷ উক্ত ঘটনাৰ সবিশেষ বণৰ্না কৰি মৃতকৰ পত্নী ৰীনা পাংগিং চেত্ৰীয়ে চিলাপথাৰ আৰক্ষী থানাত চিত্ৰ পাংগিঙৰ বিৰুদ্ধে এজেহাৰ দাখিল কৰে ৷ তদানীন্তন চিলাপথাৰ আৰক্ষী থানাৰ তদন্তকাৰী আৰক্ষী বিষয়া নবীন গগৈয়ে ঘটনাৰ চজমিন তদন্ত কৰি তাৎক্ষণিকভাৱে চিত্ৰ পাংগিঙক গ্ৰেপ্তাৰ কৰি জেল হাজোলৈ প্ৰেৰণ কৰিছিল ৷
পৰৰ্বতী সময়ত ধেমাজি জিলা ও ন্যায়াধীশ আদালতত ৩ বছৰে চলোৱা গোচৰৰ অন্তত ধেমাজি জিলা ও সত্ৰ ন্যায়াধীশ কল্যাণজিৎ শইকীয়া আদালতে ভাৰতীয় দণ্ডবিধি ৩০২ ধাৰাত অধীনত হত্যাকাৰী চিত্ৰ পাংগিঙক বৃহস্পতিবাৰে যাৱজ্জীৱন কাৰাদণ্ডৰ আদেৰ্শ দিয়াৰ লগতে নগদ পাঁচ হেজাৰ টকাৰ জৰিমনা বিহে ৷ আদালতত অপৰাধী পক্ষৰ হৈ অধিবক্তা ইলা বৰগোহাঁইয়ে উকালতি কৰা লগতে চৰকাৰী পক্ষৰ হৈ উকালতি কৰে জ্যেষ্ঠ অধিবক্তা অজয় ফোগলাই ৷