/asomiyapratidin/media/media_files/2025/09/02/247-2025-09-02-23-36-47.jpg)
ডিজিটেল সংবাদ, ধেমাজি : ধেমাজি জিলাৰ চিলাপথাৰত “স্বত্বিক এন্টাৰপ্ৰাইজ ”নামৰ এটা পানী কোম্পানীৰ এগৰাকী অনা অসমীয়া স্বত্বাধিকাৰীয়ে হৰেণ বৰা নামৰ খিলঞ্জীয়া লোকজনৰ সৈতে মুঠ ৫ জন অসমীয়াক হঠাতে কোনো কাৰন নোহোৱাকৈ কামৰ পৰা আতঁৰাই দিয়াক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টিৰ হৈছে ৷
অভিযোগ অনুসৰি কোম্পানীটোত আৰম্ভণিৰে পৰাই মেনেজাৰ হিচাপে কৰ্মৰত হৰেণ বৰাক জুলাইৰ প্ৰথম সপ্তাহতেই কোনো কাৰণ নোহোৱাকৈয়ে কামৰ পৰা আঁতৰাই দিয়ে ৷ দৈনিক নিজৰ দায়িত্ব পালন কৰি অহা হৰেণ বৰাই কিয় তেওঁক কামৰ পৰা আঁতৰাই দিছে বুলি জানিবলৈ বিচৰাত স্বত্বাধিকাৰী মনোজ হিমানীৰ ভাগিন বুলি পৰিচয় দিয়া ৰাজস্থানৰ ৰাহুল শৰ্মাই হিন্দীতে অসমীয়া চ'প কাম নাই, ফাল্টু, ষ্টু'পিট অসভ্য আচৰেণেৰে গালি-গালাজ পাৰি কামৰলৈ নাযাবলৈ সৰ্তক কৰি দিয়ে ৷
যদি কামৰ স্থলীলৈ বাৰে বাৰে আহি থাকিলে হৰেণ বৰাক জেললৈও পঠিয়াই দিয়াৰ ভাবুকি দিছিল অনা অসমীয়া ৰাহুল শৰ্মাই ৷ হৰেণ বৰাক কামৰ পৰা আঁতৰাই দিয়া এক ধৰণৰ কৌশলেৰেই কোম্পানীটোত থকা আন চাৰিজন অসমীয়া ক্ৰমে জিতু লাহন , দ্বীপক লাহন, অৰূপ লাহন আৰু দ্বীপেন শৰ্মাকো সংস্থাপন নিদিয়া মনোভাবেৰে ভাবুকি দি কামৰ প্ৰাপ্যও নিদিয়াকৈ উলিয়াই দিয়ে ৷
উপায়ন্তৰ হৈ হৰেণ বৰাই বীৰ লাচিত সেনা, অসম ধেমাজি জিলা সমিতিক ঘটনাৰ সবিশেষ জনাই আবেদন দিয়া পিছতহে বিষয়টো পোহৰলৈ আহে ৷ বীৰ লাচিত সেনা অসমৰ ধেমাজি জিলা সমিতিৰ সভাপতি ও মুখ্য সচিবৰ স্বাক্ষৰিত চিঠিত দুয়োপক্ষৰে মাজত এটা বুজাবুজিৰ হোৱা বাবে যোৱা মাহৰ ২২ আগষ্টত কোম্পানীটোৰ স্বত্বাধিকাৰী লৈ চিঠি প্ৰেৰণ কৰিছিল সংগঠনটোৱে ৷
চিঠিৰ অনুসৰি কোম্পানীটোৰ স্বত্বাধিকাৰ মনোজ হিমানীয়ে সেই সময়ত ৰাজ্যৰ বাহিৰত থাকিবলগীয়া হোৱা বাবেই তেওঁৰ পৰামৰ্শ অনুসৰিয়েই তেওঁৰ ভাগিনীয়েক ৰাহুল শৰ্মাই সৈতে যোৱা ২৪আগষ্টত চিলাপথাৰ ইউনিৰ্ভাচ পেলেচ নামৰ হোটেলখনত দুয়োপক্ষৰ মাজত আলোচনাত মিলিত হয় ৷ তাৎপৰ্যপূৰ্ণ বিষয়টো এইয়ে যে দুয়োপক্ষৰ মাজত সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে আলোচনা হোৱা পিছত স্বত্বাধিকাৰ হৈ ৰাহুল শৰ্মাই নিজৰ ভুল স্বীকাৰ কৰি হৰেণ বৰাৰ ওচৰত অনুতপ্ত হয় ৷
উল্লেখ্য যে আলোচনাৰ বুজাবুজিৰ অন্তত হৰেণ বৰাই পাব লগা দৰমহাৰ লগতে কৰ্মহীনতাৰ ক্ষতিপূৰণ বিচাৰি স্বত্বাধিকাৰী মনোজ হিমানীলৈ এখনি পত্ৰ প্ৰেৰণৰ ব্যৱস্থা কৰে ৷ আলোচনাৰ সময়ত স্বত্বাধিকাৰ মনোজ হিমানী নাই যদিও তেওঁৰ হৈ ভাগিন ৰাহুল শৰ্মাই দুয়োপক্ষৰ আলোচনাৰ পত্ৰখনি চমজি লয় ৷
তাৎপৰ্যপূৰ্ণভাৱে পিছদিনাই জোনাই সমষ্টিৰ বিধায়কগৰাকীৰ সৈতে থকা এগৰাকী ঘনিষ্ঠ ব্যক্তিৰ সাহসতেই ধুৰন্ধৰ ৰাহুল শৰ্মাই সকলো আলোচনা বিষয়বস্তু তল পেলাই মিছা অপবাদেৰে খিলঞ্জীয়া হৰেণ বৰাৰ ওপৰতেই উলোটাকৈ চিলাপথাৰ আৰক্ষী থানাত পিছ দিনাই গোচৰ দিয়া ঘটনাই বিষয়টো অধিক জটিলৰ দিশে গতি কৰিছে ৷ অনা- অসমীয়া কোম্পানীটোৰ স্বত্বাধিকাৰী মনোজ হিমানী আৰু ৰাহুল শৰ্মাই বীৰ লাচিত সেনাক অসমৰ গুণ্ডাবাহিনী বুলি হিন্দী ভাষাতে মন্তব্য আগবঢ়োৱা লগতে বীৰ লাচিতৰ সৈনিক আৰোহন দত্ত আৰু মিন্টু চুতীয়াকো ইতিমধ্যে মাৰণাস্ত্ৰৰে ভাবুকি দিছে বুলিও সংগঠনটোৰ বিষয়ববীয়াই অভিযোগ কৰিছে ৷
বীৰ লাচিত সেনা, অসমৰ ধেমাজি জিলা সমিতিয়ে ইতিমধ্যে অনাঅসমীয়া কোম্পানীটোৰ স্বত্বাধিকাৰ মনোজ হিমানী আৰু ৰাহুল শৰ্মাৰ বিৰুদ্ধে জিলাখনৰ ধেমাজি সদৰ আৰক্ষী থানাৰ লগতে চিলাপথাৰ , ডিমৌ , চিমেনচাপৰি , বৰদলনি গেৰুকামুখ আৰু গোগামুখতো সুকীয়া- সুকীয়াকৈ এজাহাৰ দাখিল কৰি শীঘ্ৰেই দুয়োকেই গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাই বীৰ লাচিত সেনা , অসম ধেমাজি জিলা সমিতিৰ সভাপতি যাদৱ নাথ আৰু মুখ্য সচিব হেমন্ত গগৈয়ে এক বিবৃতি প্ৰেৰণ কৰিছে ৷