/asomiyapratidin/media/media_files/2026/02/13/1-2026-02-13-21-55-32.jpg)
ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি জিলাৰ নৱগঠিত ৭৯ নং চিচিবৰগাঁও বিধানসভা সমষ্টিত অগপৰ দলে আগন্তুক নিৰ্বাচনৰ পূৰ্বে দলৰ ৰণকৌশল প্ৰস্তুত লক্ষ্যৰে সমষ্টিটোৰ অন্তৰ্গত শ্ৰীপাণি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত দলৰ বুথ সন্মিলন অনুষ্ঠিত কৰে ৷ অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত আৰু কেন্দ্ৰীয় সমিতিৰ উপস্থিতত দলৰ জিলা, সমষ্টি সমিতি আৰু বুথ সমিতিৰ কৰ্মী সকলে এক প্ৰকাৰে যেন নিজৰ শক্তি প্ৰদৰ্শন কৰি এন ডি এৰ পৰা অগপই আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দিতাৰ বাবে বিচাৰিলে চিচিবৰগাঁও সমষ্টিৰ আসনখন ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/13/whatsapp-im-2026-02-13-21-55-54.jpeg)
শ শ কৰ্মীৰ উপস্থিতিয়ে উৎফুল্লিত কৰি তুলে অগপৰ সভাপতি অতুল বৰা ,কাৰ্যকৰী সভাপতি কেশৱ মহন্তকে ধৰি কেইবাজনো অগপৰ কেন্দ্ৰীয় নেতাক ৷ উল্লেখযোগ্য যে, যি সময়ত বিজেপিয়ে চিচিবৰগাঁও সমষ্টিক লৈ ৰণকৌশল তৈয়াৰ কৰাত ব্যস্ত সেই সময়ত অসম গণ পৰিষদে প্ৰদৰ্শন কৰা শক্তিয়ে বহন কৰিছে বিশেষ তাৎপৰ্য ৷ এই সভাতেই প্ৰাক্তন আছুৰ জিলাৰ বিষয়ববীয়া সহ দুই শতাধিক যুৱকে আনুষ্ঠানিক ভাৱে অগপ ত যোগদান কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/13/1-2026-02-13-21-56-14.jpeg)
ইফালে অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই মুখ্যমন্ত্ৰীৰ বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰ প্ৰস্তাৱক পোনপটীয়াকৈ নাকচ কৰি এয়া সম্ভৱ নহয় বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷ ইপিনে কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে পাকিস্তান লিংক অভিযোগ উঠাটোৱে অতি দুৰ্ভাগ্যজনক কথা বুলি উল্লেখ কৰে কাৰ্যকৰী সভাপতি কেশৱ মহন্তই ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us