দেশে উদযাপন কৰিলে ৭৭ সংখ্যক গণৰাজ্য দিৱস...

চৰকাৰে অসমকে ধৰি ধেমাজি জিলাখনত বিভিন্ন সময়ত হোৱা উন্নয়নমূলক কামকাজ সমূহৰ খতিয়ান ধৰি মন্ত্ৰী ৰণোজ পেগুৱে বক্তব্য আগবঢ়াই ৷ এইবাৰ  গণৰাজ্য দিৱসত মুঠ ৩৪ টা মাৰ্চপাষ্টৰ দলে অংশগ্ৰহণ কৰে ৷

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,ধেমাজিঃ  সমগ্ৰ দেশৰ লগতে ধেমাজিতো সোমবাৰে ৭৭  সংখ্যক গণৰাজ্য দিৱসটি বণাঢ্য কাৰ্য্যসূচীয়ে উদযাপন কৰা হয় ৷ ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত কাছাৰী ময়দানত অনুষ্ঠিত হোৱা গণৰাজ্য দিৱসৰ পুৱা দেশপ্ৰেম মূলক গীতেৰে আৰম্ভণি কৰে ৷ পুৱা ৭  বজাত ব্যক্তিগত বাসভৱন, বে-চৰকাৰী অনুষ্ঠান- -প্ৰতিষ্ঠান , পুৱা ৭.৩০ বজাত চৰকাৰী , অৰ্ধচৰকাৰী কাৰ্য্যালয় ও শিক্ষানুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন, পুৱা ৮.৩০ বজাত জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্ত্তিত মাল্যাৰ্পন,পুৱা ৮.৪৫ বজাত ধেমাজি মহাবিদ্যালয় খেলপথাৰৰ শ্বহীদ স্তস্তত মাল্যাৰ্পণ কৰা পিছতেই পুৱা ৯ বজাত ধেমাজি কাছাৰী ময়দানৰ পেৰড গ্ৰাউণ্ডত কুচ- কাৱাজত অংশগ্ৰহণ কৰা দল সমূহৰ অভিবাদন গ্ৰহন কৰি আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷ ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ পাছতেই
বক্তব্যত মন্ত্ৰী পেগুৱে কয় যে, এখন অনুন্নত পিছ পৰা দুৰ্বল ৰাষ্ট্ৰ আছিল ভাৰতবৰ্ষ ৷ 

WhatsApp Image 2026-01-27 at 12.39.30 PM

পৰৱৰ্তী সময়ত ভাৰতবৰ্ষই যদিও সংগ্ৰাম কৰিছে এখন উন্নত ৰাষ্ট্ৰ হ'বলৈ কিন্ত স্বাধীনতাৰ ৭০ বছৰেই ধৰি ভাৰতবৰ্ষৰ পৰিচয় বিশ্বত এখন ভাৰতবৰ্ষ দৰিদ্ৰ ৰাষ্ট্ৰ হিচাপে পৰিচয় আছিল ৷ বিশ্বত এসময়ত  ডাঙৰ ডাঙৰ বাতৰি হৈছিল  ভাৰতবৰ্ষত হোৱা  মহামাৰী , দুৰ্ভিক্ষ আৰু দুৰ্ঘটনাৰ বাবে। কিন্তু যোৱা ১০ টা বছৰতে  ভাৰতবৰ্ষৰ দৰিদ্ৰতাৰ পৰা মুক্তি পায় বুলি সমগ্ৰ বিশ্বতেই জিলিকি উঠিছে ৷

WhatsApp Image 2026-01-27 at 12.39.31 PM

এই দৰিদ্ৰতাৰ পৰা মুক্ত কৰাৰ কাৰনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যি অক্লান্ত পৰিশ্ৰম কৰি আৰু  সৃষ্টিশীলভাৱে নতুন নতুন আচঁনি আনি এই দেশৰ  দৰিদ্ৰতাক বিদায় দিয়া কাৰণে প্ৰধানমন্ত্ৰীয়ে লোৱা  পদক্ষেপক লৈ মন্ত্ৰী পেগুৱে  প্ৰধানমন্ত্ৰীক শলাগ লয় ৷ লগতে চৰকাৰে অসমকে ধৰি ধেমাজি জিলাখনত বিভিন্ন সময়ত হোৱা উন্নয়নমূলক কামকাজ সমূহৰ খতিয়ান ধৰি মন্ত্ৰীয়ে বক্তব্য ৰাখে ৷ এইবাৰ  গণৰাজ্য দিৱসত মুঠ ৩৪ টা মাৰ্চপাষ্টৰ দলে অংশগ্ৰহণ কৰে ৷ ইয়াৰে আটাইতকৈ ভাল মাৰ্চপাষ্ট দল হিচাপে জিলা আৰক্ষী বিভাগৰ এবি, ইউবি প্লাটন আৰু ধেমাজি কলেজৰ গাৰ্লছ এন চি চি দলটিয়ে ৷ মাৰ্চপাষ্টৰ ছোৱালী শাখাত প্ৰথম স্থান লাভ কৰে ধেমাজি সুবিদ্যা বিদ্যালয়ে৷ দ্বিতীয়টো স্থান লাভ কৰে ধেমাজি কিৰণ একাডেমী বিদ্যালয়ে আৰু তৃতীয় স্থান লাভ কৰে ধেমাজিৰ গুৰুকূল বিদ্যালয়ে ৷ ল'ৰাৰ শাখাত প্ৰথম স্থান লাভ কৰে ধেমাজি জৱাহৰ নবোদয় বিদ্যালয়ে দ্বিতীয় স্থান লাভ কৰে ধেমাজি মাৰ্দাছ প্ৰাইড বিদ্যালয়ে আৰু তৃতীয় স্থান লাভ কৰে ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ৷

WhatsApp Image 2026-01-27 at 12.39.32 PM

গণৰাজ্য দিৱস উপলক্ষে বিভিন্ন বিভাগৰ দ্বাৰা উলিওৱা প্ৰতীক পট প্ৰদৰ্শনত প্ৰথম স্থান লাভ কৰে ধেমাজি শিক্ষা বিভাগে , দ্বিতীয় স্থান লাভ কৰে ধেমাজি মহিলা আৰু  শিশু উন্নয়ন বিভাগে আৰু তৃতীয় স্থান লাভ কৰে ধেমাজি ৰেচম আৰু হস্ততাঁত বস্ত্ৰশিল্প বিভাগে ৷ স্থানপ্ৰাপ্ত সকলক মন্ত্ৰীয়ে সম্বৰ্ধনা আৰু  বঁটা প্ৰদান কৰে ৷ গণৰাজ্য দিৱসত এইবাৰ ৰাষ্ট্ৰপতি উৎকৃষ্ট সেৱা পদক লাভ কৰা ধেমাজিৰ উপ- আৰক্ষী অধীক্ষক অনিল মৰানকো মন্ত্ৰীয়ে সম্বৰ্ধনা জনায় ৷ অনুষ্ঠানত ধেমাজি শংকৰদেৱ বিদ্যা নিকেতনৰ ছাত্ৰী সকলে কৰা সাংস্কৃতিক অনুষ্ঠানে উপস্থিত সকলোকে আপ্লুত কৰে ৷

WhatsApp Image 2026-01-27 at 12.39.34 PM

ধেমাজি