/asomiyapratidin/media/media_files/2026/01/25/whatsapp-image-2026-2026-01-25-23-03-41.jpeg)
ডিজিটেল সংবাদ,ধেমাজিঃ সূৰ্যোদয়ৰ মুহূৰ্তটো সাধাৰণ মানুহৰ বাবে অৰ্থহীন ৷ বহু দেৰিলৈকে শুই থাকিলে সূৰ্যোদয় কি বুজি নাপায় ৷ কিন্তু ভূপেন হাজৰিকা, হোমেন বৰগোহাঁই, হীৰেন গোহাঁই আদিৰ দৰে মহান ব্যক্তিসকলৰ বাবে সূৰ্যোদয়ৰ মুহূৰ্তটো অৰ্থবহ ৷ সেয়ে সূৰ্যোদয় চাবলৈ বহুলোকে অৰুণাচললৈ ঢাপলি মেলে ৷ ময়ো কিছুদিন পূৰ্বে সেই সূৰ্যোদয় চাই আহিছোঁ ৷ এই মন্তব্য বিশিষ্ট লেখক, চিন্তাবিদ তথা শিশু সাহিত্য ন্যাস অসমৰ সচিব হৃষীকেশ গোস্বামীৰ ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/25/whatsapp-ima-2026-01-25-23-02-00.jpeg)
ধেমাজি মহাবিদ্যালয়ৰ গৌৰৱোজ্বল হীৰক জয়ন্তী উৎসৱৰ সামৰণি অনুষ্ঠানৰ দেওবাৰে অন্তিম দিনা অনুষ্ঠিত “ধেমাজি কলেজ কনক্লেভ-২৫”ত বিশেষভাৱে অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে ৷ ভাষণ প্ৰসংগত তেওঁ বিশ্বৰ কেইবাগৰাকী মহান লেখক-বিজ্ঞানীৰ কৰ্মৰ উদাহৰণ দাঙি ধৰি ছাত্ৰ-ছাত্ৰীসকলক নিজৰ জন্মদাতা পিতৃ-মাতৃৰ অবাধ্য নহ’বলৈ উপদেশ দিয়ে ৷ কেইবাটাও কালজয়ী গীতৰ উদ্ধৃতি দি গোস্বামীয়ে বেমাৰ, বাৰ্ধক্য আৰু মৃত্যু কেতিয়াও কাকো সুধি নাহে বুলি উল্লেখ কৰি এনেবোৰ কাৰণতে সিদ্ধাৰ্থই ৰাজহাউলি এৰি গছৰ তলত তপস্যাত মগ্ন হৈছিল বুলি কয় ৷ আন এক প্ৰসংগক্ৰমে গোস্বামীয়ে বক্তব্যত ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি হেৰাই যোৱা ঐতিহ্য সমূহ আধুনিকতাৰ সৈতে সংযোগ ঘটাবলৈ আহবান জনায় ৷ তেওঁ প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰীকে একোজন যুদ্ধা বুলি উল্লেখ কৰি ছাত্ৰ -ছাত্ৰী সকলৰ মাজত থকা নিজা নিজা প্ৰতিভাসমূহ বিকাশ কৰি সমাজৰলৈ বৰঙনি আগবঢ়াই নিবলৈ অনুৰোধ জনায় ৷ লগতে ধেমাজি মহাবিদ্যালয় খনি জ্ঞানৰ মন্দিৰৰূপে আলোকিত কৰি উজ্বলাই তুলিবলৈও কয় ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/25/whatsapp-imag-2026-01-25-23-02-38.jpeg)
ধেমাজি মহাবিদ্যালয়ক এই গৌৰৱোজ্বল হীৰক জয়ন্তী উৎসৱৰ কনক্লেভ অনুষ্ঠানত অংশগ্ৰহণ কৰা অসমীয়া গ্ৰামোফোন ৰেকৰ্ড সংগ্ৰহালয়ৰ পৰিচালক তথা উৎকৰ্ষতা বঁটাপ্ৰাপক উমানন্দ দুৱৰাই গ্ৰামোফোন ৰেকৰ্ডৰ ইতিহাস, গীত আৰু বোলছবিৰ বিভিন্ন দিশ আলোকপাত কৰি মহাবিদ্যালয়ৰ ছাত্ৰীসকলক পুৰণি গীতৰ আখৰা কৰাই সকলোকে আপ্লুত কৰে ৷ উক্ত অনুষ্ঠানতে জ্যোতিপ্ৰসাদ আগৰৱালা , বিষ্ণু প্ৰসাদ ৰাভা ,গিৰিজা বৰুৱা , প্ৰফুল্ল চন্দ্ৰ বৰুৱা , কমলানন্দ ভট্টাচাৰ্য , ভূপেন হাজৰিকা , আনন্দিৰাম দাস ইত্যাদি ১৯৩৬ চন পৰ্যন্ত অতি পুৰণা বিভিন্ন ধৰনৰ গ্ৰামোফোন ৰেকৰ্ড সমূহ প্ৰদৰ্শন কৰে ৷ আনহাতে গুৱাহাটী আইআইটিৰ বায় টেক্নলজিৰ প্ৰাধ্যাপক ড° ৰঞ্জন তামুলীয়ে শৈক্ষিক আৰু অসম চিকিৎসা মহাবিদ্যালয়ৰ পেথ’লজি বিভাগৰ প্ৰাধ্যাপক ডাঃ গায়ত্ৰী গগৈয়ে চিকিৎসা বিজ্ঞানৰ দিশত ছাত্ৰ-ছাত্ৰী সকলে যত্ন ল'ব লগা কেতবোৰ মননশীল বক্তব্যৰে উদ্বুদ্ধ কৰে ৷
উল্লেখ্য যে, আজি সামৰণি দিনাৰ কাৰ্যসূচীৰ আৰম্ভণিতে হীৰক জয়ন্তী উৎসৱৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ মাজত প্ৰাচীৰ পত্ৰিকা প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে ধেমাজি জিলা পৰিষদৰ উপ-মুখ্য কাৰ্যবাহী বিষয়া নবীন চন্দ্ৰ কামানে ৷ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপক কুমাৰ নেওগে আদৰণি ভাষণ আগবঢ়োৱা কনক্লেভ তথা সভাখনৰ অন্তত শলাগৰ শৰাইৰে সকলোকে ধন্যবাদ জ্ঞাপন কৰে প্ৰাক্তন শিক্ষাৰ্থী সংস্থাৰ সভাপতি কৃষ্ণ বৰদলৈয়ে ৷ সন্ধিয়া ৭ বজাৰ পৰা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশৰ গীত-মাতেৰে হীৰক জয়ন্তী উৎসৱৰ সাংস্কৃতিক সন্ধিয়া উদ্ধোধন কৰে বিশিষ্ট সাংস্কৃতিক কৰ্মী তথা আইদেউ সন্দিকৈ বঁটা প্ৰাপক বিমলা গগৈ গোহাঁইয়ে ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/25/whatsapp-image-202-2026-01-25-23-03-16.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us