সমাজসেৱক,ব্যৱসায়ী ৰশ্মি দিহিঙ্গীয়াৰ দেহাৱসান

১৯৬৯ চনৰ জানুৱাৰী মাহত জন্ম গ্ৰহন কৰা দিহিঙ্গীয়াই ১৯৮৮ চনত ধেমাজি অৰুণোদয় হাইস্কুলৰ পৰা মেট্ৰিক পাছ কৰি আৰু  উচ্চ শিক্ষা গ্ৰহণ নকৰি তেতিয়া পৰাই ব্যৱসায়ৰ ক্ষেত্ৰত জড়িত হৈ পৰিছিল ৷

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-01-15 at 10.22.05 PM

ডিজিটেল সংবাদ ,ধেমাজিঃ  দক্ষিণ ধেমাজি গাঁও পঞ্চায়তৰ অন্তৰ্গত বঙ্গালমাৰী আহোম গাঁওৰ নিবাসী তথা সমাজসেৱক ,ব্যৱসায়ী ৰশ্মি দিহিঙ্গীয়াই বুধবাৰে ডিব্ৰুগড়ৰ মেডিচিটি ব্যক্তিগত নাৰ্চিংহোমত চিকিৎসাধীন অৱস্থাতে ইহলীলা সম্বৰণ কৰে। তেখেতৰ মৃত্যুৰ খৱৰে ধেমাজিত শোকৰ ছাঁ পেলাইছে ৷

উল্লেখ্য যে, ১৯৬৯ চনৰ জানুৱাৰী মাহত জন্ম গ্ৰহণ কৰা দিহিঙ্গীয়াই ১৯৮৮ চনত ধেমাজি অৰুণোদয় হাইস্কুলৰ পৰা মেট্ৰিক পাছ কৰি আৰু  উচ্চ শিক্ষা গ্ৰহণ নকৰি তেতিয়া পৰাই ব্যৱসায়ৰ ক্ষেত্ৰত জড়িত হৈ পৰিছিল ৷ তেওঁ দীঘদিন ধৰি ব্যৱসায়ৰ সমান্তৰালভাৱে অঞ্চলটোৰ এগৰাকী সমাজসেৱক হিচাপে পৰিচিত আছিল৷ দিহিঙ্গীয়াই কিছুদিন ধৰি ভুগা মেলিনা ৰোগত পৰৱৰ্তী সময়ত আৰোগ্য হৈছিল যদিও আকৌ যোৱা ৪ জানুৱাৰীত হঠাতে অসুস্থ হৈ পৰে ৷ ততাতৈয়াকৈ পৰিয়ালৰ লোকে তেওঁক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ ব্যক্তিগত মেডিচিটি নাৰ্চিংহোমত ভৰ্তি কৰিছিল যদিও চিকিৎসাধীন অৱস্থাতে বুধবাৰে মৃত্যু হয় ৷ 

WhatsApp Image 2026-01-15 at 8.40.28 PM (1)

দিহিঙ্গীয়াই অন্যান্য ব্যৱসায়ৰ লগতে দক্ষিণ ধেমাজি অঞ্চলটোৰ  বঙ্গালমাৰী গাঁৱৰ লেচিয়াত কেইবাবছৰ ধৰি এখনি ধাবা হোটেলো চলাইছিল ৷ তেওঁৰ বঙ্গালমাৰী আহোম গাঁৱৰ উন্নয়ন সমিতিৰ প্ৰাক্তন সভাপতি উপৰিও গাঁওখনৰ বিভিন্ন সামাজিক কামকাজৰ সৈতে জড়িত হৈ আছিল ৷ মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু দুটি লৰা সন্তানৰ সৈতে পৰিয়ালৰ অনেকজনক এৰি  গৈছে ৷ 
 

ধেমাজী