/asomiyapratidin/media/media_files/2026/01/11/1-2026-01-11-22-43-06.jpg)
ডিজিটেল সংবাদ,ধেমাজিঃ ধেমাজি জিলাৰ কৃষি ,পশুপালন, মৎস্য পালন , ৰেচম শিল্প আদিৰ সৈতে জড়িত কৃষক, মহিলা তথা উদ্যোগী যুৱক-যুৱতীসকলৰ বাবে বিশেষ মঞ্চ তৈয়াৰ কৰাৰ উদ্দেশ্যে ধেমাজি জিলা প্ৰশাসন , জিলা কৃষি বিজ্ঞান কেন্দ্ৰ আৰু আত্মনিৰ্ভৰ ধেমাজি সমিতিৰ উদ্যোগত আয়োজন কৰা হৈছে আত্মনিৰ্ভৰ ধেমাজি শীৰ্ষক অনুষ্ঠানৰ। শুক্ৰবাৰৰ পৰা চাৰিদিনীয়াকৈ ধেমাজি কাছাৰী ময়দানত অনুষ্ঠিত কৰা হৈছে এই বিশেষ কাৰ্য্যসূচী৷
/asomiyapratidin/media/post_attachments/f899d351-f3c.png)
উল্লেখ কৰা প্ৰয়োজন যে, প্ৰথম দিনা বিয়লি ১-৩০ বজাত আনুষ্ঠানিকভাৱে ফিটা কাটি শুভ উদ্ধোধন কৰে মিছিং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য সদস্য পৰমানন্দ চায়েঙীয়াই ৷ অনুষ্ঠানৰ তৃতীয় দিনৰ কাৰ্য্যসূচীৰ মুকলি সভাত উপস্থিত থাকে মন্ত্ৰী ডাঃ ৰণোজ পেগু। এই অনুষ্ঠানতে সাহিত্য ও ক'লাত দিশত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে কেইবাগৰাকীক বঁটা প্ৰদান কৰা হয়। এই সকলৰ ভিতৰত ড° পুষ্প গগৈক, মীন উৎপাদান শিতানত প্ৰদান কৰে এই বঁটা। একেদৰে গিৰিজা প্ৰসাদ দলেকো প্ৰদান কৰে এই বঁটা। উল্লেখযোগ্য যে, জৈৱিক চাউল উৎপাদন ও বিপণৰ ক্ষেত্ৰত উৎকৃষ্টতাৰ বাবে ডল এগ্ৰ অৰ্গেনিক প্ৰডিউচাৰ কোম্পানীৰ ধেমাজি মাছখোৱাক আত্মনিৰ্ভৰ ধেমাজিয়ে আনুষ্ঠানিকভাৱে ধেমাজি গৌৰৱ বটাঁ প্ৰদান কৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/11/whatsapp-ima-2026-01-11-22-41-31.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us