মহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত আঁচনিৰ নাম সলনিক লৈ ধেমাজী জিলা কংগ্ৰেছৰ সংবাদমেল

মহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত আঁচনিৰ নাম সলনি কৰাক লৈ ধেমাজী জিলা কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ ইন্দিৰা ভৱনত ধেমাজী জিলা কংগ্ৰেছ কমিটিয়ে সংবাদমেলৰ আয়োজন কৰে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, ধেমাজিঃ MGNREGA আঁচনিৰ নাম সলনিক লৈ দেশ জুৰি কংগ্ৰেছৰ প্ৰতিবাদ। মহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত আঁচনিৰ নাম সলনি কৰাক লৈ ধেমাজী জিলা কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ ইন্দিৰা ভৱনত ধেমাজী জিলা কংগ্ৰেছ কমিটিয়ে সংবাদমেলৰ আয়োজন কৰে। MGNREGAআঁচনিৰ পৰা মহাত্মা গান্ধীৰ নাম আঁতৰোৱাটো MGNREGA ৰ আধাৰভূত "শ্ৰমৰ মৰ্যাদা" আৰু "গ্রাম স্বশাসন"ৰ মূল্যবোধ হ্রাস কৰাৰ এক প্রচেষ্টাৰ ওপৰত এই মন্তব্য ধেমাজি জিলা কংগ্ৰেছ কমিটিৰ সভাপতি তিলক ফুকনৰ ৷

উল্লেখযোগ্য যে, ধেমাজী জিলা কংগ্ৰেছ কমিটিৰ সভাপতি তিলক ফুকনে কয় যে-  বিকশিত ভাৰত গেৰান্টি ফৰ ৰোজগাৰ আৰু আজীৱিকা মিছন গ্ৰামীণ নামেৰে এখন নতুন আইন আনি কেন্দ্ৰৰ নৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন বিজেপি চৰকাৰে অনা নতুন আঁচনিখনে ৰাজ্য তথা গাওঁ পঞ্চায়তসমূহৰ ক্ষমতা নোহোৱা কৰি  কেন্দ্ৰৰ ওপৰত নিৰ্ভৰশীলতা বৃদ্ধি কৰিব বুলি উল্লেখ কৰি মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্রামীন নিয়োগ নিশ্চিত আইন ২০০৫ চনত ইউ পি এ চৰকাৰে প্ৰণয়ন কৰা কামৰ অধিকাৰ-ভিত্তিক আইন, যাৰ জৰিয়তে প্ৰতিটো গ্রামীন পৰিয়ালক মজুৰি-ভিত্তিক কাম দাবী কৰাৰ আইনী অধিকাৰ নিশ্চিত কৰা হৈছে।

WhatsApp Image 2026-01-10 at 8.29.24 PM

কামৰ দাবী জনোৱাৰ ১৫ দিনৰ ভিতৰত ৰাজ্য চৰকাৰে নিয়োগ প্রদান কৰিবলৈ আইনীভাবে বাধ্য, অন্যথা নিবনুৱা ভাত্তা দিব লাগিব। এই আইনী অধিকাৰেই এম জি এনৰেগাৰ প্ৰধান বৈশিষ্ট্য । ফুকনে কয় যে- MGNREGA গ্রামীন জীৱিকাৰ সুৰক্ষাৰ এক গুৰুত্বপূৰ্ণ আধাৰশিলা হিচাপে এই আইনে প্ৰতিবছৰে প্ৰায় ৫-৬ কোটি পৰিয়ালক কর্ম সংস্থাপন দি আহিছে । ইয়াৰ জৰিয়তে দুখ-কষ্টজনিত প্রব্রজন হ্রাস পাইছে, গ্রামীন মজুৰি বৃদ্ধি পাইছে আৰু স্থিতিশীল সামুহিক সম্পদ সৃষ্টি হৈছে । চাহিদা-ভিত্তিক ব্যৱস্থা, নিশ্চিত মজুৰি আৰু প্ৰত্যক্ষ বেংক পেমেণ্টৰ ফলত বিশেষকৈ মহিলা, দলিত, আদিবাসী আৰু উপেক্ষিত জনগোষ্ঠী সমূহ অধিক উপকৃত হৈছে বুলি উল্লেখ কৰি কয় যে, মুঠ কর্মদিনৰ প্ৰায় ৬০% মহিলা শ্রমিকৰ দ্বাৰা সম্পন্ন হৈছে । 

ইফালে নতুন ভি বি গ্ৰাম জি আইনে এই পৰিকাঠামোৰ পৰা এক মৌলিক বিচ্যুতিক প্রতিনিধিত্ব কৰে বুলি উল্লেখ কৰি ইয়াত কামৰ আই নী নিশ্চয়তা আঁতৰোৱা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ হাতত সিদ্ধান্ত গ্ৰহণৰ অধিকাৰ কেন্দ্ৰীভূত কৰা হৈছে, গ্রাম সভা আৰু পঞ্চায়তৰ ক্ষমতা দুৰ্বল কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ পৰা লাভ কৰা মজুৰি অৱদান ৯০%ৰ পৰা হ্রাস কৰি ৬০% কৰা হৈছে । ইয়াৰ ফলত আর্থিক বোজা ৰাজ্য চৰকাৰ আৰু শ্ৰমিকসকলৰ ওপৰত পৰিব। সীমিত বাজেট আবণ্টন, কৃষি কৰ্মৰ ব্যস্ততাৰ সময়ত কা এৰ ওপৰত নিষেধাজ্ঞা আৰু মজুৰি সুৰক্ষা ব্যৱস্থাৰ শিথিলতাৰ ফলত অনিবার্যভাবে সংস্থাপনহীনতা, মজুৰি হ্রাস আৰু গ্রামীন সংকট বৃদ্ধি পাব । 

প্ৰণিধানযোগ্য যে-  আঁচনিখনৰ পৰা মহাত্মা গান্ধীৰ নাম আঁতৰোৱাটো এম জি এনৰেগাৰ আধাৰভূত "শ্ৰমৰ মৰ্যাদা" আৰু "গ্রাম স্বশাসন"ৰ মূল্যবোধ হ্রাস কৰাৰ এক প্রচেষ্টা বুলি উল্লেখ কৰি নতুনকৈ অনা ভি জি গ্ৰাম জি আইনক কঠোৰ সমালোচনা কৰি পৰবৰ্তী সময়ত বিজেপি চৰকাৰৰ বিৰুদ্ধে কৰিব লগা আন্দোলনৰ কাৰ্য্যসূচী সম্পৰ্কেও কংগ্ৰেছ দলে অৱগত কৰে ৷ সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক ৰজনী কাদং, ধেমাজী জিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক পবিত্ৰ মিলি, ধেমাজী জিলা মহিলা কংগ্ৰেছ কমিটিৰ সভানেত্ৰী জুনু শইকীয়া বৰুৱা, ধেমাজী জিলা কংগ্ৰেছ কমিটিৰ  সম্পাদক খগেন পেগু উপস্থিত থাকে ৷ 

ধেমাজী