/asomiyapratidin/media/media_files/2026/01/03/1-2026-01-03-19-58-09.jpg)
ডিজিটেল সংবাদ,ধেমাজিঃ ধেমাজি জিলাৰ গোগামুখৰ কঠালগুৰিত জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত জাতি বচাওঁক মাটি বচাওঁক এক পদযাত্ৰাৰ কাৰ্য্যসূচীৰ আয়োজন কৰে। গোগামুখৰ কঠালগুৰিৰ পৰা বৰলা চাৰিআলিলৈকে প্ৰায় চাৰি কিলোমিটাৰ পদযাত্ৰা কাৰ্য্যসূচীৰ অন্তত অনুষ্ঠিত হোৱা সভাত গোগামুখৰ যুৱ নেতা,সমাজ কৰ্মী মিল্টন পেগু নেতৃত্বত প্ৰায় অৰ্ধ শতাধিক লোকে কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে ৷
/asomiyapratidin/media/post_attachments/27624422-246.png)
উল্লেখ্য যে, এই পদযাত্ৰা কাৰ্য্যসূচীত নিখিল ভাৰত যুৱ কংগ্ৰেছৰ সভাপতি উদয় ভানু চিব, সৰ্ব ভাৰতীয় যুৱ কংগ্ৰেছৰ তত্বাৱধায়ক মনীশ শৰ্মা, আৰু অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেইৰ আনমৰ লগতে নিখিল ভাৰত যুৱ কংগ্ৰেছৰ সম্পাদকৰ লগতে ৰাজ্যিক সমিতিৰ নেতা কৰ্মী সকলৰ আৰু ধেমাজি জিলা কংগ্ৰেছৰ নেতা কৰ্মী সকল উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/368a56c4-afb.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us