/asomiyapratidin/media/media_files/2026/01/01/1-2026-01-01-20-02-08.jpg)
ডিজিটেল সংবাদ,ধেমাজিঃ অসমৰ একমাত্ৰ আঞ্চলিক দল অগপৰ ২৫ বছৰীয়া শাসনেৰে গৌৰাৱাম্বিত তথা এসময়ৰ অগপ দলৰ অৰ্ভেদ্য দুৰ্গৰূপে জনাজাত ধেমাজি সমষ্টি অথবা নৱগঠিত চিচিবৰগাঁও সমষ্টি দুটাৰ ভিতৰত এটা সমষ্টি আমাৰ অগপ দলক লাগিবই- এই মন্তব্য ধেমাজি জিলা অগপৰ সভাপতি লক্ষীধৰ শেনচোৱাৰ ৷ বুধবাৰে ধেমাজি জিলা অগপৰ মুখ্য কাৰ্যালয় দিলীপ শইকীয়া সোনোৱাল ভৱনত অনুষ্ঠিত এখন সংবাদমেলত অংশগ্ৰহণ কৰি বহু কেইটা মন্তব্য কৰে।
সংবাদমেলত অংশগ্ৰহণ কৰি অসম গন পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক তোলন কোঁৱৰে কয় যে, ধেমাজি জিলাৰ তিনিটা বিধানসভা সমষ্টিৰ ভিতৰত অগপ দলৰ শক্তিশালী ভেটি থকা ধেমাজি সমষ্টি বা নৱগঠিত চিচিবৰগাঁও সমষ্টি দুটাৰ ভিতৰত এটা সমষ্টি অগপ দলক দিবই লাগিব, অন্যথা আমি অগপ দলে ধেমাজি আগন্তুক ২০২৬ চনৰ বিধানসভাৰ নিৰ্বাচনত মিত্ৰতাৰ ক্ষেত্ৰত পুনৰ বিবেচনা কৰাতো খাটাং ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/01/whatsapp-image-2026-2026-01-01-20-00-17.jpeg)
কিয়নো উত্তৰ অসমৰ লগতে লখিমপুৰ আৰু ধেমাজি জিলাৰ এটা সমষ্টিটো অগপ দলৰ দখলত নাই সেইবাবেই আগন্তুক নিৰ্বাচনত ধেমাজি জিলাৰ তিনিটা সমষ্টিৰ ভিতৰত চিচিবৰগাঁও অথবা ধেমাজি যিকোনো এটা সমষ্টিত দলে প্রতিদ্বন্দ্বিতা কৰিবলৈ যাবতীয় ব্যৱস্থা সম্পূৰ্ণ কৰিছে ৷ ভাষনত তেওঁ নৱগঠিত চিচিবৰগাঁও সমষ্টি উন্নয়নৰ বাবে চিচিবৰগাঁও সমষ্টিৰ নতুন চিচিবৰগাঁও ষ্টেচনত ৰাজধানী এক্সপ্ৰেছ ৰখাৰ ব্যৱস্থা কৰা, চিচিবৰগাঁও সমষ্টি চিলাপথাৰত এটা তাৰকাগৃহ নিৰ্মাণ কৰা, চিলাপথাৰ নগৰৰ মডেল হস্পিতালখনক চুপাৰ স্পেছিয়েলিটি সুবিধাযুক্ত চিকিৎসালয়লৈ উন্নীত কৰা, চিলাপথাৰৰ পৰা এখন ইণ্টাৰচিটি ৰে'ল গুৱাহাটীলৈ দিয়াৰ ব্যৱস্থা কৰা, চিচিবৰগাঁও সমষ্টিৰ লালুং তিনিআলিৰ পৰা ধেমাজি বাটঘৰীয়া শিঙিমাৰী হৈ কেকুৰী আহোম গাঁৱলৈ বাইপাছ সংযুক্ত কৰা, চিচিবৰগাঁও সমষ্টি চিলাপথাৰ নগৰত অৱস্থিত ৰাজীৱ গান্ধী ক্রীড়া আৰু সাংস্কৃতিক প্ৰকল্পৰ ষ্টেডিয়াম খনক এখন উন্নত মানৰ ষ্টেডিয়াম হিচাপে নিৰ্মাণৰ ব্যৱস্থা কৰা, সমষ্টিটোৰ মাছখোৱা অঞ্চলত এটা অত্যাধুনিক ৰাজহুৱা প্রেক্ষাগৃহ নিৰ্মাণৰ ব্যৱস্থা কৰা, ঘূগুহাত অৱস্থিত ঐতিহাসিক ঘৃণ্ডহা দৌলক উন্নত মানৰ পৰ্যটন ক্ষেত্ৰ হিচাপে নিৰ্মাণ কৰা, ৰঙিয়া- মুৰ্কংচেলেক ব্ৰডগজ ৰে'ল লাইনটোক ডাবোল ট্রেক দ্বৈত লাইন যুক্ত ৰে'ল পথলৈ উন্নীত কৰিবলৈ দাবী জনায় ৷
উল্লেখিত দাবী অসম চৰকাৰৰ লগতে ভাৰত চৰকাৰ আৰু ৰে'ল মন্ত্ৰালয়লৈ দাবী পত্ৰৰ প্ৰতিলিপি প্ৰেৰন কৰি চিচিবৰগাঁও সমষ্টি উন্নয়নত গুৰুত্ব দিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দাবী জনায় ৷ সংবাদমেলত অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিৰ মুখপাত্ৰদ্বয় তুলাৰাম গগৈ, কস্তূৰী চুতীয়া, অসম মহিলা পৰিষদৰ কাৰ্যকৰী সভানেত্ৰী প্ৰনিতা গগৈ, চিচিবৰগাঁও বিধানসভা সমষ্টি কমিটিৰ সভাপতি হৰেন কছাৰী, সম্পাদকদ্বয় তৰুন ফুকন, মহন্ত নৰহ আৰু যুৱ পৰিষদৰ ডিম্পল গগৈ উপস্থিত থাকি চিচিবৰগাঁও অথবা ধেমাজি সমষ্টি দুটাৰ ভিতৰত কমেও এটা সমষ্টিৰ অগপক দিবলৈ সাজোৰে দাবী উত্থাপন কৰে ৷ উল্লেখ্য যে, আজিৰ সংবাদমেলত উপস্থিত থকা অগপ দলৰ জেষ্ঠ্য নেতা তোলন কোঁৱৰ, লক্ষীধৰ শেনচোৱা, তুলাৰাম গগৈ, কস্তূৰী চুতীয়া আৰু প্ৰনিতা গগৈয়ে নৱগঠিত চিচিবৰগাঁও সমষ্টিৰ পৰা অগপ দলৰ প্ৰাৰ্থীত্বৰ দাবীদাৰ হৈ আছে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us