/asomiyapratidin/media/media_files/2025/12/30/new-ap-web-11-11-24-new-2-2025-12-30-19-47-08.jpg)
ডিজিটেল সংবাদ,ধেমাজিঃ ধেমাজিৰ FCI ভৰাঁলৰ পৰাই নোহোৱা হ'ল ২৬ হাজাৰ ৮০০ বস্তা চাউল। যাৰ বজাৰ মূল্য প্ৰায় ৫ কোটিত কৈ অধিক বুলি জানিব পৰা গৈছে। এই চাউল হৰলুকিৰ সন্দৰ্ভত গুদাম ইনচাৰ্জ ৰাকেশ দাস সহ চাৰিজন কৰ্মচাৰীক নিলম্বন কৰিছে FCI উৰ্ধতম কতৃপক্ষই।
/asomiyapratidin/media/post_attachments/8b53fabc-d0e.png)
উল্লেখ্য যে, এতিয়াও পোহৰলৈ অহা নাই চাউল হৰলুকি ঘটনাৰ লগত জড়িত আন সকলৰ নাম। ধেমাজিৰ ভাৰতীয় খাদ্য নিগমৰ গুদামৰ পৰা হৰলুকি হোৱা বৃহৎ পৰিমাণৰ চাউলৰ বৃহৎ কেলেংকাৰীৰ চি বি আই তদন্তৰ দাবীত ধেমাজি কাছাৰী ময়দানত ধেমাজি জিলা কংগ্ৰেছ কমিটিয়ে তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি বিভিন্ন শ্ল'গানৰে উত্তাল কৰি তোলে পৰিৱেশ ৷
/asomiyapratidin/media/post_attachments/d463dbfa-433.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us