/asomiyapratidin/media/media_files/2025/12/28/1-2025-12-28-14-38-52.jpg)
ডিজিটেল সংবাদ,ধেমাজিঃ চিকিৎসাধীন অৱস্থাত ডিব্ৰুগড়ত শুক্ৰবাৰে মৃত্যু হোৱা ধেমাজি জিলা সাংবাদিক সংস্থাৰ প্ৰাক্তন উপ- সভাপতি তথা ঘিলামৰাৰ সাংবাদিক,গোগামুখ অঞ্চলৰ নিবাসী অতুল বৰুৱাৰ মৃত্যুত ধেমাজিত শোকৰ ছাঁ পৰিছে ৷ সৰ্তীথ সাংবাদিক গৰাকীৰ মৃত্যুত শনিবাৰে বিয়লি ধেমাজি প্ৰেছ ক্লাবৰ সভাপতি অশ্বিনী কুমাৰ দুৱৰাৰ সভাপতিত্বত এখনি শোক সভা অনুষ্ঠিত হয় ৷
প্ৰেছ ক্লাবৰ সাধাৰণ প্ৰদুম্ন্য ভৰালীয়ে প্ৰাক্তন জিলা সাংবাদিক সংস্থাৰ বিষয়ববীয়া প্ৰয়াত বৰুৱাৰ বিষয়ে উদ্দেশ্যে ব্যাখ্যাত উল্লেখ কৰে৷ অকালতে হেৰোৱাব লগীয়া হোৱা সাংবাদিক অতুল বৰুৱাৰ মৃত্যুত সভাই গভীৰ শোক প্ৰকাশ কৰি ১ মিনিট সময় মৌন প্ৰাৰ্থনা কৰা লগতে শোকসন্তপ্ত পৰিয়ালবৰ্ষ লৈ সমাবেদনা জ্ঞাপন কৰে ৷ সভাত জ্যেষ্ঠ সাংবাদিকজনৰ কৰ্মৰাজিৰ সম্পৰ্কে সোঁৱৰি বক্তব্য ৰাখে ধেমাজি প্ৰেছ ক্লাবৰ মুখ্য উপদেষ্টা দিলীপ কুমাৰ হাজৰিকা , জ্যেষ্ঠ সাংবাদিক তথা ধেমাজি জিলা সাংবাদিক সংস্থাৰ প্ৰাক্তন সম্পাদক জীৱন কোঁৱৰ , ধেমাজি প্ৰেছ ক্লাবৰ প্ৰাক্তন সম্পাদক হৰেন্দ্ৰ নাথ শৰ্মা , জ্যেষ্ঠ সাংবাদিক দ্বীপেন ভিতৰুৱাল কোঁৱৰ আৰু জয়ন্ত বৰাই ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/28/image-24-2025-12-28-14-39-22.png)
বিগত ২৫ বছৰে সংবাদসেৱা আগবঢ়োৱা লগতে ধেমাজি , লখিমপুৰ দুয়োখন জিলাতে সামাজিক আৰু সাংস্কৃতিক দিশত বৰঙনি আগবঢ়াই অহা সাংবাদিক অতুল বৰুৱাৰ মৃত্যুয়ে দুয়োখন জিলাতেই এক অপুৰনীয় ক্ষতি হোৱাৰ সভাই অনুভৱ কৰে ৷ দীঘদিন ধৰি সংবাদসেৱা আগবঢ়াই অহা সাংবাদিক গৰাকীৰ পৰিয়ালবৰ্গলৈ চৰকাৰে ক্ৰমেও ৫ লাখ টকা অৰ্থ সাহায্য আগবঢ়াবলৈ সভাই দাবী জনায় ৷ সাংবাদিকৰ পৰিয়ালটিক এই অৰ্থ সাহায্যদিয়াৰ ক্ষেত্ৰত সভাই অসম বাৰ্তাজীৱী সংঘক বিশেষভাৱে আগভাগ
লবলৈও সভাই অনুৰোধ জনাই প্ৰস্তাৱ গ্ৰহণ কৰে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us