/asomiyapratidin/media/media_files/2025/12/21/1-2025-12-21-19-33-19.jpg)
ডিজিটেল সংবাদ,ধেমাজিঃ ভাৰতীয় খাদ্য নিগম ধেমাজি গুদামৰ পৰা হৰলুকী হোৱা কেইবা কোটি টকীয়া বেগ চাউল কেলেংকাৰী ঘটনাৰ শীঘ্ৰেই চি.বি.আইক প্ৰদান। ইপিনে অএম এচ এচৰ ঠিকাদাৰ অজয় আগৰৱালা আৰু লখিমপুৰৰ ভাৰতীয় খাদ্য নিগমৰ এৰিয়া মেনেজাৰ নিৰঞ্জন লাল জাংগীক তদন্তৰ আওতালৈ অনা দাবীত অসম জাতীয়তাবাদী যুৱ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি ধেমাজি জিলা সমিতিৰ যৌথ উদ্যোগত ধেমাজি কাছাৰী ময়দানৰ সমীপত শনিবাৰে পুৱা ৯ বজাৰ বিয়লি ৩ বজাৰলৈ “ ৬ ঘন্টীয়া অনশন ” ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/21/9c2d8617-01b7-4a80-9850-207253b1762a-2025-12-21-19-33-42.jpeg)
উল্লেখ্য যে, অনশন ধৰ্মঘট কাৰ্য্যসূচীত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল চুতীয়া,কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সদস্যকৃষ্ণ ভুঞা ,ধেমাজি জিলা সমিতিৰ সভাপতি সঞ্জীৱ চেতিয়া,উপ- সভাপতি ৰিদিপ দত্ত, জিলাৰ ভাৰপ্ৰাপ্ত সম্পাদক ধীৰেন দিহিঙীয়া , কৃষক মুক্তি সংগ্ৰাম সমিতি কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাজু বৰপাত্ৰগোঁহাই , ধেমাজি জিলা সমিতিৰ সভাপতি ভৱেন হালৈ ,জিলা সম্পাদক দূৰ্গা বড়া , গণ অধিকাৰ মঞ্চৰ , ধেমাজি সভাপতি লক্ষীনাৰায়ন বুঢ়াগোঁহাই আৰু ঐক্যমঞ্চৰ ধেমাজি জিলা সমিতিৰ মুখ্য উপদেষ্টা হৰিশ পেগুকে ধৰি কেইবাগৰাকীও বিষয়ববীয়া আৰু কৰ্মকতাই অংশগ্ৰহণ কৰে ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/21/51b7b603-90d1-460c-99ea-347feb62c6fc-2025-12-21-19-33-58.jpeg)
কাৰ্য্যসূচীৰ শেষত এখন সভাও অনুষ্ঠিত কৰে ৷ জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি সঞ্জীৱ চেতিয়াই আঁত ধৰা সভাখনত জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল চুতীয়া আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাজু বৰপাত্ৰগোঁহাই য়ে বক্তব্যত কয় যে- দীঘদিন ধৰি হৰলুকী হোৱা ভাৰতীয় খাদ্য নিগম ধেমাজি গুদামৰ ২৬,৮০০ বেগ চাউলৰ কেইবা কোটি টকীয়া বৃহত কেলেংকাৰী ঘটনা শীঘ্ৰেই চি. বি.আইক তদন্তৰ ভাৰ অৰ্পণ নকৰিলে আগন্তুক দিনত দুই সংগঠনে ব্যাপক প্ৰতিবাদী কাৰ্য্যসূচীৰ লগতে ধেমাজি জিলা বন্ধ কাৰ্য্যসূচী লোৱা হ'ব বুলিও সকিয়ানি প্ৰদান কৰা পৰিলক্ষিত হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us