ধেমাজি কাছাৰী ময়দানত 'বন্দে মাতৰম'ৰ ডেৰশ বছৰীয়া জয়ন্তী কাৰ্যসূচী...

দেশৰ স্বাধীনতা  আন্দোলনৰ সময়ত বিশেষ  ভূমিকা গ্ৰহণ কৰা ডেৰশ বছৰীয়া জয়ন্তী গৰকা “বন্দেমাতৰম” দেশ প্ৰেমিক গীতকলৈ জনসাধাৰণৰ মাজত সদায় সজীৱ ৰখা উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে লোৱা প্ৰয়াসৰ

author-image
Asomiya Pratidin
New Update
yhhhd

ডিজিটেল সংবাদ ,ধেমাজিঃ  দেশৰ স্বাধীনতা  আন্দোলনৰ সময়ত বিশেষ  ভূমিকা গ্ৰহণ কৰা ডেৰশ বছৰীয়া জয়ন্তী গৰকা “বন্দেমাতৰম” দেশ প্ৰেমিক গীতকলৈ জনসাধাৰণৰ মাজত সদায় সজীৱ ৰখা উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে লোৱা প্ৰয়াসৰ লগতে শুক্ৰবাৰে ধেমাজি জিলা আৰক্ষী  প্ৰশাসনেও কাছাৰী  ময়দানত এক কাৰ্য্যসূচী অনুষ্ঠিত কৰে ৷

পুৱা ১০ বজাত জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ৰ পৰা বেনপাৰ্টিৰে সৈতে আৰক্ষী দলটিয়ে পদযাত্ৰা কৰি জিলা আয়ুক্ত  ৰাহুল সুৰেশ জাভীৰ আৰু জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ৰ উপস্থিতত আৰক্ষী দলটিয়ে বহু সময় ধৰি “ বন্দেমাতৰম” আৰু চাৰে জাহাছে আচ্ছা বেণ্ডৰ পৰিৱেশন পিছত পুনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ত গৈ আৰক্ষী সকলেটিয়ে কাৰ্য্যসূচী সামৰণি পেলায় ৷

ধেমাজি