ধেমাজিত মিছন বসুন্ধৰা ৩.০ৰ অধীনত ভূমি পট্টা প্ৰদান

‘অসমৰ প্ৰতিজন খিলঞ্জীয়া মানুহক আমি পট্টা দিমেই, আৰু অবৈধ বাংলাদেশী মুছলমানক এটা এটাকৈ খেদি পঠিয়াম’- এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ৷

author-image
Asomiya Pratidin
New Update
land patta cmjjkj

ডিজিটেল সংবাদ, ধেমাজি: ‘অসমৰ প্ৰতিজন খিলঞ্জীয়া মানুহক আমি পট্টা দিমেই, আৰু অবৈধ বাংলাদেশী মুছলমানক এটা এটাকৈ খেদি পঠিয়াম’- এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ৷ শুকুৰবাৰে  ধেমাজি জিলাৰ তেলিজানৰ দেউৰীবিলত অসম চৰকাৰৰ উদ্যোগত সমগ্ৰ অসমৰ ভিতৰত ১ লাখ ৫ হাজাৰ ভুমিহীন খিলঞ্জীয়া লোকক ডিজিটেল ম্যাদী পট্টা বিতৰণৰ শুভাৰম্ভ কৰি ড° শৰ্মাই কয় যে- বিগত পাঁচ বছৰত বসুন্ধৰা ১.০, ২.০ আৰু ৩.০ তিনিটা সংস্কৰণ কৰি সমগ্ৰ অসমৰ ১০ লাখ পৰিয়ালক ম্যাদী পট্টা দিয়া হৈছে, তাৰে ধেমাজি জিলাত এইবাৰ বসুন্ধৰা ৩.০ ৰ অধীনত ৪৪,৬৯৯ গৰাকী খিলঞ্জীয়া মানুহক মাটিৰ ম্যাদি পট্টা দিয়া হৈছে৷ 

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কয় যে, মিছন বসুন্ধৰা ৩.০ৰ অধীনত ৰাজ্যৰ খিলঞ্জীয়া ভূমিহীন পৰিয়ালক ভূমি পট্টা প্রদান, বিভিন্ন ৰাজহুৱা অনুষ্ঠানৰ বাবে ডিজিটেল পট্টা আৰু আবণ্টন পত্র বিতৰণ আৰু 'স্বমিত্ব' আঁচনিৰ জৰিয়তে জৰীপ সম্পন্ন হোৱা পূৰ্বৰ এনচি গাওঁসমূহৰ ভূমি বন্দবস্তি প্রক্ৰিয়াৰ শুভাৰম্ভ কৰা হৈছে৷ লগতে বন অধিকাৰ আইন ২০০৬-ৰ অধীনত সোৱণশিৰি আৰু জীয়াধল সংৰক্ষিত বনাঞ্চলৰ মুঠ ৫৩৮ গৰাকী লোকক আজি কনভূমিৰ স্বত্ব প্রদান কৰা হয়। 

ইয়াৰ পূৰ্বে মুখ্যমন্ত্রী ড° শৰ্মাই ধেমাজি জিলাত প্রশাসনীয় কাম-কাজ অধিক সৰল আৰু ক্ষীপ্ৰ কৰাৰ লক্ষ্যৰে ৪৯ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা জিলা আযুক্তৰ সংহত কার্যালয় ভৱন আৰু ৩.৬৫ কোটি টকাৰ ব্যয় সাপেক্ষে ধেমাজি জ্যেষ্ঠ আৰক্ষী অধীক্ষক কাৰ্য্যালয়টোৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে । 

উল্লেখযোগ্য যে, ধেমাজি জিলাৰ তিনিটা বিধানসভা সমষ্টি ক্রমে ধেমাজি, চিচিবৰগাঁও আৰু জোনাই সমষ্টিৰ সৰ্বমুঠ ৪৪,৭০০ গৰাকী লোকক ভূমি পট্টা, ভূমিৰ আৱণ্টন পত্র আৰু বন্দোবস্তি পত্র প্রদান কৰা হয়। ইয়াৰে ধেমাজি সমষ্টিৰ ১৪,৩১৯ গৰাকী, চিচিবৰগাঁও সমষ্টিৰ ১০,৭৪৪ গৰাকী আৰু জোনাই সমষ্টির ১৯,৬৩৭গৰাকী অনুমোদিত আবেদনকাৰীক এই ভূমি স্বত্ব প্রদান কৰা হৈছে। 

পটভূমি সন্দর্ভত মুখ্যমন্ত্রীয়ে কয় যে, অসমত ভূমি পট্টা প্রদানৰ ব্যৱস্থাটোক কোনো চৰকাৰে অগ্ৰাধিকাৰ দিয়া নাছিল। অসমত মাটিৰ কাগজ-পত্ৰৰ যথেষ্ট খেলি-মেলি আছিল। বহু মানুহে চেষ্ট কৰিও ভূমি পট্টা পোৱা নাছিল। ভূমিৰ কাগজ নথকাত ঋণ লোৱাত অসুবিধাৰ সম্মুখীন হৈছিল। মাটিৰ সঠিক নথি নথকাৰ সুযোগ লৈ বহু লোকে অনৈতিক উপায়েৰে আনৰ মাটি দখল কৰিছিল। ৫ বছৰ পূৰ্বে চৰকাৰ গঠন কৰিয়ে মিছন বসুন্ধৰা আৰম্ভ কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে অসমত ৭৮ হাজাৰ বৰ্গ কিলোমিটাৰ ভূমি আছে। সেয়ে ৫ টা বছৰতে মাটিৰ সকলো সমস্যা সমাধান কৰাটো সম্ভৱ নহয়। 

সমাধানৰ প্ৰক্ৰিয়া আৰম্ভ হলে এদিন সামৰণিও পৰিব বুলি মন্তব্য কৰি মুখ্যমন্ত্রীয়ে কয় যে- ২০২১ চনত মিছন বসুন্ধৰা ১.০ আৰম্ভ কৰি একচনীয়া মাটি পট্টাকৰণ, পট্টাত ভুলকৈ থকা নামৰ সংশোধন, মাটিৰ শ্ৰেণী বিভাজন আদি বিষয়সমূহ সমাধান কৰা হৈছিল। ৫ লাখ ৮২ হাজাৰ পৰিয়ালৰ মাটি সংক্রান্তীয় সমস্যা সমাধান কৰা হৈছিল। ইয়াৰ পিছত মিছন বসুন্ধৰা ২.০ আৰম্ভ কৰি চৰকাৰী মাটিত যুগ যুগ ধৰি বাস কৰি থকা খিলঞ্জীয়া লোকক মাটিৰ পট্টা দিয়াৰ পদক্ষেপ লোৱা হৈছিল। ২ লাখ ২৯ হাজাৰ পৰিয়ালক এনেদৰে ভূমি পট্টা প্রদান কৰা হৈছিল। ভূমি পট্টা পোৱা ৮৫ শতাংশ লোকেই আছিল অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু অ'বিচি সম্প্রদায়ৰ লোক। 

ভূমি সমস্যা সমাধানৰ বাবে পৰৱৰ্তী পৰ্যায়ত অনা-জৰীপ বা এনচি গাঁওসমূহক ৰাজহ গাঁৱলৈ ৰূপান্তৰ আৰু ধর্মীয় অনুষ্ঠান, বিদ্যালয়, মহাবিদ্যালয় আদিক মাটিৰ পট্টা দিয়াৰ পদক্ষেপ গ্রহণ কৰা হয় বুলি উল্লেখ কৰি তেওঁ কয় যে- সমগ্ৰ অসমৰ ৮,৪০৬ টা ধর্মীয় অনুষ্ঠান, ২,২১৩টা ক্লাৱ, সংগীত বিদ্যালয় আদি আৰু ১৩,৬৩৭ খন শিক্ষানুষ্ঠানে ভূমি পট্টা লাভ কৰিছে। অসমত থকা ৯০৩খন অনা-জৰীপ বা এনচি গাঁৱৰ ভিতৰত ৭৬৯ খনত জৰীপ সম্পন্ন কৰা হৈছে আৰু ৰাজ্যৰ ১২ খন জিলাত ভূমিস্বত্ব বিচৰা ১,০৬,৩৭২ খন আবেদন লাভ কৰা হৈছে। 

ইয়াৰে ৩০ হেজাৰ পৰিয়ালক মাটিৰ পট্টা দিয়া হৈছে। বাকীসমূহকো পট্টা দিয়াৰ প্রক্রিয়া অব্যাহত থাকিব। ধেমাজি জিলাত ৰাজ্যৰ ভিতৰতে সৰ্বাধিক অনা-জৰীপ বা এনচি গাঁও থকা বুলি উল্লেখ কৰি তেওঁ কয় যে- ধেমাজি আৰু লখিমপুৰ জিলা এই আঁচনিৰ জৰিয়তে আটাইতকৈ বেছি উপকৃত হৈছে। মুখ্যমন্ত্রীয়ে কয় যে- মিছন বসুন্ধৰা ১.০ ত বিভিন্ন কাৰণত মাটিৰ পট্টা নোপোৱা ৮০ হেজাৰ পৰিয়ালক পুনৰীক্ষণৰ পিছত পট্টা দিয়াৰ পদক্ষেপ গ্রহণ কৰা হৈছে। 

মিছন বসুন্ধৰা আৰম্ভ হোৱাৰ পিছত বিগত ৫ বছৰত অসমৰ ১০ লাখ পৰিয়ালৰ ভূমি সংক্রান্তীয় অভিযোগ নিষ্পত্তি কৰা হৈছে বুলি সদৰী কৰি মুখ্যমন্ত্রীয়ে কয় যে- ধেমাজি, ঢকুৱাখনা আদি এলেকাৰ ট্রাইবেল বেল্ট আৰু ব্লকত ভূমিৰ অধিকাৰ নোপোৱা আহোম, চুতীয়া আদি সম্প্রদায়ৰ লোকক ভূমিৰ অধিকাৰ প্ৰদান কৰা হ'ল। 

তেওঁ কয় যে- মিছন বসুন্ধৰা ৪.০ আৰু মিছন বসুন্ধৰা ৫.০ৰ জৰিয়তে ভূমিৰ শ্ৰেণী পৰিৱৰ্তন, বন গাঁৱত থকা অজনজাতীয় লোকক মাটিৰ পট্টা প্রদানকে ধৰি ভূমি সম্পৰ্কীয় সৰু-সুৰা সকলো সমস্যাৰ সমাধান কৰিব পৰা যাব । ৫ বছৰত ৮০ শতাংশ সমস্যা সমাধান কৰা হল আৰু অনাগত সময়ত বাকীখিনি সমস্যাও সমাধান কৰা হ'ব। অনাগত ৫ বছৰত মাটিৰ সমস্য থকা ২-৩ লাখ মানুহৰ সমস্যা সমাধান কৰা হ'ব যাতে অসমত মাটিৰ বাবে খিলঞ্জীয়া ভূমিপুত্রই কষ্ট পাবলগীয়া নহয়। 

পূৰ্বতে ধনৰ অভাৱত বহু দৰিদ্ৰ লোকে মাটিৰ পট্টা ল'ব নোৱাৰিছিল বুলি উল্লেখ কৰি তেওঁ কয় যে- এতিয়া প্রতি বিঘাৰ বিপৰীতে মাত্র ৫০০ টকা প্রিমিয়াম লৈ চৰকাৰে মাটিৰ পট্টা দিছে। মাটিৰ পট্টা কেবল ভাৰতীয় নাগৰিকক দিয়া হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে- চৰকাৰে কোনো বাংলাদেশী লোকক অসমৰ মাটি ল'ব নিদিয়ে। বিগত ৫ বছৰত ডেৰ লাখ বিঘা মাটি বেদখলমুক্ত কৰা হৈছে আৰু অনাগত সময়ত ৫ লাখ বিঘা মাটি বেদখলমুক্ত কৰা হ'ব। এই উচ্ছেদ অভিযানত খিলঞ্জীয়া লোকক কষ্ট দিয়া হোৱা নাই। মুখ্যমন্ত্রী ড° শর্মাই কয় যে- বনগাঁৱত তিনিটা প্রজন্ম ধৰি বাস কৰা বুলি গাঁও সভাই প্রমাণ পত্র দিলে আন কোনো নথি অবিহনেই অজনজাতীয় লোককো বন গাঁৱত মাটিৰ পট্টা দিয়াৰ পদক্ষেপ লোৱা হ'ব। চাহ বাগিচাৰ শ্রমিকক ভূমিৰ পট্টা দিয়াৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ১৩ মার্চত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে পট্টা বিতৰণৰ শুভাৰম্ভ কৰিব । ধেমাজি নগৰৰ ৫ কিলোমিটাৰ ব্যাসার্ধ এলেকাক নগৰ হিচাপে ধৰা হয় বাবে এজন মানুহে সর্বাধিক ডেৰ কঠাকৈ মাটি নিজৰ নামত পোৱাৰ নিয়ম সংশোধন কৰি নগৰখনৰ যিকোনো স্থানতে এজন লোকে ৭ বিঘাকৈ মাটি পোৱাৰ ব্যৱস্থা কৰা হয় বুলি তেওঁ সদৰী কৰে। 

আজি মুকলি কৰা ধেমাজি জিলা আয়ুক্তৰ সংহত কার্যালয় ভৱনটোৰে ধেমাজিত কর্ম সংস্কৃতিৰ এটা নতুন পৰিবেশ সৃষ্টি কৰিব বুলি মন্তব্য কৰি মুখ্যমন্ত্রীয়ে কয় যে ধেমাজি অসমৰ আটাইতকৈ পিছপৰা জিলা আছিল। কিন্তু আজি মুকলি কৰা জিলা আয়ুক্ত  কার্যালয়টো হৈছে অসমৰ ভিতৰতে আটাইতকৈ ধুনীয়া জিলা আয়ুক্তৰ কাৰ্যালয়। অর্থাৎ বানে গৰকা ধেমাজিৰ আজি অভূতপূর্ব উন্নয়ন হৈছে। ধেমাজিত সুন্দৰ ষ্টেডিয়াম নির্মাণ হৈ আছে। ধেমাজিত মেডিকেল কলেজ নিৰ্মাণ হ'ল। জিলাখনৰ প্রতিটো সমষ্টিতে উন্নয়নৰ নতুন দিগন্ত হোৱা বুলি তেওঁ মন্তব্য কৰে। 

ধেমাজি জিলাৰ গোগামুখ ৰাজহ চক্ৰ ৮৩৫৬ জনক, জোনাই ৰাজ চক্ৰ ৮৩২২ জনক, ধেমাজি ৰাজহ চক্ৰ ৮০৬৮৮ জনক আৰু চিচিবৰগাঁও ৰাজহ চক্ৰৰ ১৯,৯৫৩ জনক আজি মাটিৰ ম্যাদী পট্টা বিতৰণৰ শুভাৰম্ভ অনুষ্ঠানত শিক্ষামন্ত্ৰী তথা ধেমাজিৰ বিধায়ক ডাঃ ৰনোজ পেগুৱে আদৰনী ভাষন প্ৰদান কৰি ধেমাজি এতিয়া উন্নত জিলাৰ তালিকাত স্থান লাভ কৰাৰ কথা উল্লেখ কৰে৷ 

ইফালে, সাংবাদিক সকলৰ সৈতে হোৱা কথাবাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয় যে- ইতিমধ্যে বিপিএফ আৰু ৰাভা যৌথ সংগ্ৰাম সমিতিৰ সৈতে প্ৰায় বুজাবুজি চূড়ান্ত হৈছে৷ অহা ১০ মাৰ্চৰ ভিতৰত অগপৰ সৈতে আসন বুজাবুজি বিষয়টো নিষ্পত্তি হ'ব৷ অগপই যদি আসন বুজাবুজিৰ ক্ষেত্ৰত স্পষ্ট নীতি গ্ৰহন নকৰিলে প্ৰয়োজন সাপেক্ষে ঠায়ে ঠায়ে অগপৰ সৈতে বন্ধুত্বমূলক নিৰ্বাচন খেলাও বিজেপিৰ কোনো আপত্তি নাই বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে৷ 

অনুষ্ঠানত ধেমাজিৰ অভিভাৱক মন্ত্ৰী তথা শক্তি মন্ত্ৰী প্ৰশান্ত ফুকন, অসম চৰকাৰৰ ৰাজহ মন্ত্ৰী কেশৱ মহন্ত, লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, জোনাইৰ বিধায়ক ভূৱন পেগু,  অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব এল এছ চাংচন, অসম চৰকাৰৰ ৰাজহ আৰু দূৰ্যোগ ব্যৱস্থাপনা বিভাগৰ বিশেষ সচিব ভাস্কৰ পেগু, মিছিং স্বায়ত্ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, সোণোৱাল কছাৰী স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল, ধেমাজি জিলা আয়ুক্ত ৰাহুল সুৰেশ জাভিৰ, ধেমাজি জিলা পৰিষদৰ সভাপতি ভূপেন চুতীয়া, ধেমাজি উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ তোলন কোঁৱৰ, ধেমাজি জিলা বিজেপিৰ সভাপতি ৰূপা কামান, ধেমাজি জিলা পৰিষদৰ সদস্যক্ৰমে লক্ষীধৰ শেনচোৱা, ক্ষমালী দেউৰী দৈমাৰী, জ্যোতিপ্ৰভা পেগু দলে আদি উপস্থিত থাকে৷ 

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা