/asomiyapratidin/media/media_files/2026/01/12/adaddad-2026-01-12-23-11-41.jpg)
ডিজিটেল সংবাদ , ধেমাজিঃ কৃষি , পশুপালন ,মৎস্য পালন ,ৰেচম শিল্প আদিৰ সৈতে জড়িত থকা কৃষক ,মহিলা আৰু উদ্যোগী যুৱক-যুৱতী সকলক স্বাৱলম্বী গঢ়ি তোলাৰ উদ্দেশ্যে জিলা প্ৰশাসন , কৃষি বিজ্ঞান কেন্দ্ৰ ধেমাজি আৰু আত্মনিৰ্ভৰ ধেমাজি সমিতিৰ উদ্যোগত যোৱা ৯ জানুৱাৰী পৰা চাৰিদিনীয়াকৈ ধেমাজি কাছাৰী ময়দানত অনুষ্ঠিত হৈ থকা “আত্মনিৰ্ভৰ ধেমাজি ”য়ে আজি চতুৰ্থ দিনা সামৰণি পৰে ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/12/99ebc3b6-d5c7-4012-af94-62f3a77bff53-2026-01-12-23-05-33.jpg)
শেষদিনাৰ দুপৰীয়া মূল্য সংযোজিত খাদ্যসামগ্ৰীৰ উৎপাদনৰে গৃহভিত্তিক উদ্যোগ স্হাপন , মাছপোনা উৎপাদনৰ কৌশল আৰু ব্যৱস্হাপনা , কৃষকৰ কথাৰে কৃষি আৰু সহযোগী খণ্ডৰ উন্নয়নৰ দিশসমূহ আৰু পৰ্যটনৰ সম্ভাৱনীয়তাৰে ধেমাজি দৰ্শনকে ধৰি বিষয়বস্তুক কেন্দ্ৰ কৰি চাৰিখন গুৰুত্বপূৰ্ণ আলোচনা সত্ৰ অনুষ্ঠিত হয় ৷ আলোচনা সত্ৰত সমল ব্যক্তি হিচাপে ধুবুৰী জিলাৰ অনুভা পাল , কিয়া চৌধুৰীৰ লগতে লখিমপুৰৰ পৰ্যটন বিভাগৰ দিকপল লাহনৰ উপস্থিতত বিশেষভাৱে ব্লেক ৰাইচ , মৃতশিল্প আৰু পৰ্যটনৰ সৰ্ম্পকেও আলোচনাচক্ৰ অনুষ্ঠিত হয় ।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/12/99ebc3b6-d5c7-4012-af94-62f3a77bff53-2026-01-12-23-05-43.jpg)
বিয়লি লৈ ধেমাজি জিলা শৰীৰ চৰ্চা সংস্হাৰ উদ্যোগত দেহশ্ৰী প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ জিলাখনৰ কেইবাগৰাকীও প্ৰতিযোগীয়ে অংশগ্ৰহণ প্ৰতিযোগিতাখনি পৰিচালনা কৰে অসম শৰীৰ চৰ্চা সন্থাৰ উপ- সভাপতি ঘনকৃষ্ণ বৰগোহাঁইয়ে ৷ প্ৰতিযোগিতাত কুলদীপ গগৈয়ে মিষ্টাৰ ধেমাজি ২০২৬ বৰ্ষৰ সন্মান লাভ কৰাৰ লগতে নগদ দহ হাজাৰ টকা ,বটাঁ আৰু প্ৰমানপত্ৰ লাভ কৰে ৷ সন্ধিয়ালৈ তিনি গৰাকীকৈ জনপ্ৰিয় কন্ঠশিল্পীয়ে সাংস্কৃতিক সন্ধিয়া অংশগ্ৰহণ কৰে ৷ইফালে দেওবাৰে তৃতীয় দিনাও কৃত্ৰিমভাৱে প্ৰজনন কৰা চেউৰী গৰু প্ৰদৰ্শন আৰু প্ৰতিযোগিতাৰ পিছতেই দুপৰীয়া পৰম্পৰাগত পিঠা আৰু জলপান প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা , দুপৰীয়ালৈ অৱশিষ্ট কাপোৰৰ পৰা অলংকাৰ প্ৰস্তুতি , ধেমাজি জিলাত দুগ্ধপালন বিশ্লেষণ আৰু সম্ভাৱনাৰ লগতে ধেমাজি জিলাত ফলমূল খেতিৰ সম্ভাৱনীয়তাৰ বিষয়লৈ কেইবাখনো আলোচনা সত্ৰ অনুষ্ঠিত হয় ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/12/81ece599-f7e8-4178-9e32-f4eb8108cfc0-2026-01-12-23-05-53.jpg)
বিয়লিলৈ বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰী সকলৰ মাজত মডেল প্ৰতিযোগিতাৰ পিছতেই পৰম্পৰাগত ফেশ্বন শ্ব' প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ এইবাৰ “ আত্মনিৰ্ভৰ ধেমাজি ”য়ে বিগত দশক ধৰি লেখক , গৱেষক , সাহিত্যিও ক'লা দিশত বিশেষ অৰিহণা আগবঢ়াই অহা ড° পুষ্প গগৈক , জিলাখনত মীন উপাদানত বিশেষ অৰিহণা যোগাই অহা গোগামুখৰ গিৰিজা প্ৰসাদ দলেক আৰু জৈৱিক চাউল উৎপাদনও বিপণৰ ক্ষেত্ৰত উৎকৃষ্টতাৰ ফল দেখোৱা ধেমাজিৰ মাছখোৱা ডল এগ্ৰো অৰ্গেনিক প্ৰডিউচাৰ কোম্পানীক“ আত্মনিৰ্ভৰ ধেমাজি”ৰ মুকলি সভাত মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে আনুষ্ঠানিকভাৱে ধেমাজি গৌৰৱ বটাঁ প্ৰদান কৰাৰ লগতে একোখনকৈ পঞ্চাশ হাজাৰ টকাৰ চেক ,ফুলাম গামোচা আৰু একোটাকৈ জলপানৰ টোপোলা প্ৰদান কৰে ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/12/02d277f3-eab2-4328-b063-942e7090a4a8-2026-01-12-23-06-02.jpg)
এই উপলক্ষে বটাঁ প্ৰদান অনুষ্ঠানত জিলা আয়ুক্ত ৰাহুল সুৰেশ জাৱিৰ , ধেমাজি নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ তোলন কোঁৱৰ , জিলা পৰিষদৰ কাৰ্য্যবাহী বিষয়া বিতুপন নেওগ , জিলা উন্নয়ন আয়ুক্ত দেৱেশ্বৰ বৰা আৰু জিলা পৰিষদৰ উপ কাৰ্য্যবাহী বিষয়া নবীন কামনকে ধৰি জিলা প্ৰশাসনৰ বহুকেইগৰাকী বিষয়া কৰ্মচাৰীয়ে উপস্থিত থাকে ৷ ড° গুঞ্জন গগৈ আৰু আৰু ডাঃ অনিল কুমাৰ পেগুৱে আঁত ধৰা বটাঁ প্ৰদান অনুষ্ঠানৰ পূৰ্বে জিলাখনৰ বিভিন্ন দিশত স্বাৱলম্বী হৈ সফলতা অৰ্জন কৰা তেত্ৰিশ গৰাকী কৃষক ,মহিলা , উদ্যোগী আৰু যুৱক-যুৱতী লৈ বটাঁ আৰু মানপত্ৰ প্ৰদান কৰে ৷ উদ্যোগতা ড° গুঞ্জন গগৈ জনোৱামতে আত্মনিৰ্ভৰ ধেমাজি চাৰিদিনীয়া কাৰ্য্যসূচীতে এইবাৰ মুঠ এক কোটি টকা বিক্ৰী হৈছে বুলিও জনাইছে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us