সদৌ অসম কেৱল কাল সংহতি সংঘৰ মুখ্য কাৰ্য্যালয়ৰ তোৰণ উন্মোচন

ধেমাজি ঘুগুহাস্থিত কেন্দ্ৰীয় কাৰ্য্যালয়ৰ মুখ্যদ্বাৰৰ তোৰণখন আনুষ্ঠানিকভাৱে চমৰাজান কেকুৰী আহোম গাঁৱৰ প্ৰয়াত সদৌ অসম কেৱল কাল সংহতি ধৰ্মৰ  সাধু পুৰুষ প্ৰয়াত যদু গগৈৰ পত্নী অমিলী গগৈয়ে তেওঁৰ স্বামীৰ স্মৃতিত উন্মোচন কৰে ৷

author-image
Asomiya Pratidin
New Update
304

ডিজিটেল সংবাদ, ধেমাজি : সদৌ অসম কেৱল কাল সংহতি সংঘৰ মুখ্য কাৰ্য্যালয় ও সেৱা আশ্ৰমৰ মুখ্যদ্বাৰ তোৰণৰ দেওবাৰে শুভ উন্মোচন কৰা হয় ৷ এই উপলক্ষে ধেমাজি ঘুগুহাস্থিত কেন্দ্ৰীয় কাৰ্য্যালয়ৰ মুখ্যদ্বাৰৰ তোৰণখন আনুষ্ঠানিকভাৱে চমৰাজান কেকুৰী আহোম গাঁৱৰ প্ৰয়াত সদৌ অসম কেৱল কাল সংহতি ধৰ্মৰ  সাধু পুৰুষ প্ৰয়াত যদু গগৈৰ পত্নী অমিলী গগৈয়ে তেওঁৰ স্বামীৰ স্মৃতিত উন্মোচন কৰে ৷

উল্লেখ্য যে জীৱিত কালত সাধু যদু গগৈ আৰু পত্নী অমিলী গগৈয়ে অতি কষ্টৰে ঘুগুহা দ'লৰ সমীপৱৰ্তী গাঁওখনত ৰাইজক এক গোট কৰি এই ধৰ্মটো প্ৰসাৰ আৰু প্ৰচাৰত ব্যপকভাৱে অগ্ৰগতি লাভ কৰিছিল ৷ পৰবৰ্তী সময়ত প্ৰয়াত গগৈয়ে অঞ্চলটোত এবিঘাতকৈ অধিক মাটি ৰাইজৰ পৰা দান সূৰ্ত্ৰে সংগ্ৰহ কৰি কেৱল কাল সংহতি ধৰ্মৰ প্ৰচাৰৰ বাবে সংঘৰ সেৱা আশ্ৰম প্ৰতিষ্ঠা কৰাত সাধু গগৈয়ে আগ ভাগ লৈছিল ৷

২০০৮ চনৰ মৃত্যুৰ পূৰ্বে সাধুগৰাকীয়ে সংঘৰ কেন্দ্ৰীয় কাৰ্য্যালয়ৰ নিৰ্মাণ কাৰ্য্য সম্পূৰ্ণ হ'লে তেওঁ সংঘৰ আশ্ৰমৰ  প্ৰৱেশদ্বাৰৰ মূল তোৰণখন তেওঁ নিৰ্মান কৰি দিয়াও মনৰ ইচ্ছা  আছিল ৷ প্ৰয়াত সাধুগৰাকীৰ মনৰ ইচ্ছা পূৰণ কৰা বাবেই পত্নী অমিলী গগৈয়ে নিজৰ গাঁঠিৰ ধন খৰচ কৰি আশ্ৰমৰ মূল প্ৰৱেশদ্বাৰৰ তোৰণখনি নিৰ্মান কৰাই দেওবাৰে নিজে উন্মোচন কৰে ৷

ইফালে ২০০৫ চনতেই স্থাপন হোৱা সদৌ অসম কেৱল কাল সংহতি সংঘৰ নেতৃত্ব ও ধৰ্মৰ ভক্তসকলে পৰিয়ালটোক ধন্যবাদ জ্ঞাপন কৰে ৷ উন্মোচনী অনুষ্ঠানত সদৌ অসম কেৱল কাল সংহতি সংঘৰ ও সেৱা আশ্ৰমৰ কেন্দ্ৰীয় সমিতিৰ উপ- সভাপতিদ্বয় অনন্ত গগৈ আৰু লক্ষী ফুকন, প্ৰধান সম্পাদক সৰ্বানন্দ গগৈ, জিলা সমিতিৰ উপ- সভাপতি কেহুৰাম বৰপাত্ৰগোহাঁই সম্পাদক দয়াৰাম ফুকন ,সংঘৰ গৃহ নিৰ্মান সমিতিৰ সভাপতি টংকেশ্বৰ বৰপাত্ৰগোঁহাই, সম্পাদক নৃপেন চেতিয়া, কেন্দ্ৰীয় সংঘৰ পদ্ম ফুকনৰ লগতে দাতা পৰিয়ালবৰ্গ উপস্থিত থাকে ৷ 

dhemaji