ধেমাজিৰ জীয়াঢলৰ বিশেষ অঞ্চল সমূহ আকৰ্ষণীয় পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিবলৈ ৰাজ্যপালৰ আহবান

জীয়াঢলৰ মথাউৰিৰ বাবে জনসাধাৰণ উপকৃত হোৱাত উৎফুল্লিত হয় ৰাজ্যপাল গৰাকী ।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,ধেমাজিঃ  বৃহস্পতিবাৰে  অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই বানবিধস্ত ধেমাজিৰ জীয়াঢলৰ বাওঁপাৰৰ মথাউৰি পৰিদৰ্শন কৰে ৷ চলিত বৰ্ষত সম্পন্ন হোৱা ৫০ কোটি টকাৰে নিৰ্মাণ কৰা জীয়াঢলৰ বাওঁপাৰৰ  মথাউৰিটো পৰিদৰ্শন কৰি  জীয়াঢলৰ গতিবিধি সম্পৰ্কেও ধেমাজি জল সম্পদ বিভাগৰ অভিযন্ত্ৰা সকলৰ পৰা অৱগত হয় ।

উল্লেখ্য যে, পূৰ্বে বাৰিষা সময়চোৱাত জীয়াঢল নদীৰ পানীয়ে যি বান সৃষ্টি কৰি সংহাৰী ৰূপ ধাৰণ কৰিছিল তাৰ পৰিৱৰ্তে বৰ্তমান চৰকাৰে নিৰ্মাণ কৰা জীয়াঢলৰ মথাউৰিৰ বাবে জনসাধাৰণ উপকৃত হোৱাত উৎফুল্লিত হয় ৰাজ্যপাল গৰাকী ৷ ৰাজ্যপাল গৰাকীয়ে জিলাখনত এক পৰ্য্যটনৰ আকৰ্ষণৰ স্থলী হিচাপে গঢ়ি তোলাৰ বাবে গুৰুত্বআৰোপ কৰে ৷ 

আমফালে অঞ্চলটোত আৰু অধিক আঁচনিৰ কাম-কাজ ৰূপায়ণ কৰিবলৈ জল সম্পদ বিভাগ আৰু জিলা প্ৰশাসনক পৰামৰ্শ দিয়ে ৷ ইয়াৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক ৰাজ্যপাল গৰাকীয়েও অনুৰোধ জনাব বুলি উল্লেখ কৰে ৷ সমান্তৰালভাৱে যাতায়তৰ বাবে ৰাজ্যৰ ৰে'ল ব্যৱস্থা উন্নত হোৱাৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী আৰু ৰে'ল মন্ত্ৰীকো ধন্যবাদ জ্ঞাপন কৰে ৰাজ্যপাল গৰাকীয়ে ৷ 
 
উল্লেখ্য যে সদৌ অসম সত্ৰ মহাসভা ধেমাজিৰ উদ্যোগত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় সত্ৰীয়া সাংস্কৃতিক দিৱস আৰু সত্ৰীয়া নৃত্যৰ ৰাষ্ট্ৰীয় স্বীকৃতিৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ কাৰ্য্যসূচীত মুখ্য অতিথি হিচাপে অংশ লবলৈ অহা ৰাজ্যপাল গৰাকীয়ে বৃহস্পতিবাৰে ৰাতিপুৱা ৫ বজাতেই লাচিত এক্সপ্ৰেছ ট্ৰেইনত গুৱাহাটীৰ পৰা ধেমাজিত আহি উপস্থিত হয় ৷ ৰাজ্যপাল গৰাকীয়ে বিয়লি ১ বজাত ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সদৌ অসম সত্ৰ মহাসভাৰ মুকলি সভাত অংশগ্ৰহণ কৰি বক্তব্য প্ৰদান কৰে ৷ 

ধেমাজি