/asomiyapratidin/media/media_files/2025/12/16/1-2025-12-16-19-10-19.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা: ৰাজ্যৰ প্ৰাথমিক শিক্ষা বিভাগত এক নব্য দৃষ্টান্ত সংযোজনেৰে শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৰ সমষ্টিৰ শিক্ষা বিভাগে এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিলে । জিলাখনৰ চৰকাৰী খণ্ডৰ বিদ্যালয় সমূহৰ শিক্ষাৰ্থীসকলে সন্মুখীন হৈ অহা আৰ্থ সামাজিক পৰিস্থিতি আৰু শৈক্ষিক দূৰৱস্থাৰ বাস্তৱসন্মত সূক্ষ্ম বিশ্লেষণৰ জৰিয়তে উন্মোচিত নেতিবাচক দিশ সমূহৰ নিৰাময়ৰ সাৰ্বজনীন পথ উদ্ভাৱনত ব্ৰতী হ'ল শিক্ষা মন্ত্ৰীৰ গৃহ সমষ্টিৰ শিক্ষা বিভাগ ।
ধেমাজি জিলাৰ শৈক্ষিক উত্তৰণৰ হকে আত্মনিয়োগ কৰি অহা ধেমাজি জিলাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া কবিতা ডেকাৰ বিশেষ উদ্যোগত যোৱা শনিবাৰে "A Holistic Survey of the Socio-Economic and Educational Conditions in Goroimari and Baduluka Village " শীৰ্ষক বিষয়ৰ ওপৰত চাহ জনগোষ্ঠী অঞ্চলক নমুনা হিচাপেলৈ প্ৰস্তুত কৰা এক গৱেষণাপত্ৰ প্ৰকাশ কৰে।
শিক্ষাৰ্থীসকলৰ আৰ্থ সামাজিক পৰিস্থিতি আৰু শৈক্ষিক অৱস্থাক বিষয়বস্তু হিচাপে নিৰ্ধাৰণ কৰি ধেমাজি জিলা শিক্ষা বিভাগ তথা জিলা শিক্ষা বিষয়া কবিতা ডেকাই এই গুৰুত্বপূৰ্ণ বিষয়বস্তুৰ ওপৰত প্ৰণালীবদ্ধ অধ্যয়ন আৰু গৱেষণাৰ বাবে দায়িত্ব ন্যস্ত কৰিছিল বৰদলনি শিক্ষা খণ্ডৰ খণ্ড সমল ব্যক্তি মুকুল সুত আৰু মণ্ডল সমন্বয়ক মুক্তা শইকীয়াক।
জিলা শিক্ষা বিষয়া ডেকাই বি আৰ পি সূত আৰু শইকীয়াক মুখ্য গৱেষক হিচাপে নিযুক্তি প্ৰদানেৰে গৱেষণাৰ বাবে নিৰ্দেশনা প্ৰদান কৰিছিল। তাৰেই পৰিপ্ৰেক্ষিতত গৱেষক দলটোৱে জিলাখনৰ বৰদলনি শিক্ষাখণ্ডৰ অৰ্ন্তগত অনগ্ৰসৰ , ভিতৰুৱা অঞ্চলৰ আৰ্থ সামাজিক আৰু শৈক্ষিক পৰিস্থিতিক উপজীৱ্য কৰি বাদোলুকা আৰু গৰৈমাৰী গাঁৱক মূল নমুনা হিচাপে নিৰ্বাচন কৰে।
এক সুদীর্ঘ দিনীয়া অধ্যয়ন বিশ্লেষণ আৰু প্ৰাসংগিক তথ্য সংগ্ৰহৰ অন্তত দেওবাৰে জিলা শিক্ষা বিষয়া কবিতা ডেকাৰ হাতত আনুষ্ঠানিক ভাবে উক্ত বিশেষ গৱেষণাপত্ৰ অৰ্পন কৰে মুখ্য গৱেষকদ্বয়ে। এই সন্দৰ্ভত জিলা শিক্ষা বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত এক অনাড়ম্বৰপূৰ্ণ অনুষ্ঠানত গৱেষণা পত্ৰখনে সামৰি লোৱা বিভিন্ন দিশসমূহৰ লগতে গৱেষণাপত্ৰখনৰ গভীৰতাৰ বিষয়ে অৱগত কৰে অন্যতম মুখ্যগৱেষক, খণ্ড সমল ব্যক্তি মুকুল সূতে ।
মুঠ ৫২ পৃষ্ঠা জোৰা গৱেষণাপত্ৰখনত বিশেষকৈ উদ্দেশ্য ( Research objectives), তথ্য সংগ্ৰহৰ পদ্ধতি ( samples collection n Methodology), তথ্য পৰ্যালোচনা (Data analysis), আর্থ সামাজিক অৱস্থা( Socio-economic condition) , Parental Literacy, Occupation and Awareness, Child Health, Malnutrition, Attendance Patterns & Impact on Learning আদিৰ লগতে মুখ্য কাৰণসমূহ নিৰ্বাচন আৰু পৰামৰ্শ( summary of Key Findings and Recommendations)কে ধৰি প্ৰতিটো দিশ সঠিক পৰ্যায়ত মূল্যায়ন আৰু অধ্যয়ন কৰি সন্নিবিষ্ট কৰা বুলি ব্যক্ত কৰে ।
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড০ প্ৰাণজিৎ বৰুৱাৰ দ্বাৰা Plegerism পৰীক্ষা কৰি প্ৰস্তুত কৰা গৱেষণা পত্ৰখনৰ ১০০% স্বচ্ছতা নিশ্চিত কৰা হোৱা বুলি প্ৰকাশ কৰে। অনুষ্ঠানত ধেমাজি শিক্ষা খণ্ডৰ প্ৰাথমিক শিক্ষা বিষয়া বনমালী পেগু , জিলা আঁচনি বিষয়া ক্ৰমে অৰুণিমা দুৱৰা আৰু পাঞ্জাৱ দলে,খণ্ড সমল ব্যক্তি কনক গগৈ,মণ্ডল সমন্বয়ক চম্পক সোণোৱালৰ লগতে গৱেষণা পত্ৰখনৰ তিনিগৰাকী সহযোগী ক্ৰমে মণ্ডল সমন্বয়ক অপূৰ্ব চুতীয়া , সীমান্ত বৰগোহাঞি আৰু হলিৰাম হেমৰনো উপস্থিত থাকে ।
গৱেষণা পত্ৰখনৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ শিকন ঘাটি সমূহৰ মূল কাৰণ সমূহ , সামাজিক অৱস্থা, অভিভাৱকৰ সচেতনতা আৰু দায়িত্ব , শিশুৰ মানসিক, বৌদ্ধিক আৰু স্বাস্থ্যৰ ওপৰত মাতৃৰ বাল্য বিবাহৰ কুপ্ৰভাৱ, পিতৃ মাতৃৰ ৰাগীয়াল দ্ৰব্যৰ আসক্তই পৰিয়াল আৰু সমাজত সৃষ্টি কৰা উশৃংখলতা আদি বিভিন্ন কাৰক সমূহ স্বচ্ছ, নিৰ্মোহ আৰু প্ৰণালীবদ্ধ ৰূপত দাঙি ধৰিছে।
উল্লেখযোগ্য যে, যোৱা সোমবাৰে গুৱাহাটীৰ কাহিলীপাৰাত থকা সমগ্ৰ শিক্ষা অসমৰ মুখ্য কাৰ্যালয়ত ৰাজ্য চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ লগতে সমগ্ৰ শিক্ষাৰ পৰিচালন সঞ্চালক ড০ ওম প্ৰকাশক এই গৱেষণা পত্ৰ প্ৰতিলিপি আনুষ্ঠানিক ভাবে অৰ্পন কৰে জিলা প্ৰাথমিক শিক্ষা বিষয়া ডেকাই । শিক্ষা মন্ত্ৰী ডাঃ পেগুৱে গৱেষণাপত্ৰখন গ্ৰহণ কৰে আৰু অধ্যয়ন কৰি যাবতীয় পদক্ষেপ গ্ৰহণৰ আশ্বাস দিছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us