/asomiyapratidin/media/media_files/2025/12/28/1-2025-12-28-12-19-56.jpg)
ডিজিটেল সংবাদ,ধেমাজিঃ ধেমাজি স্নাতকোত্তৰ প্রশিক্ষণ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, ধেমাজি বালিকা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাক উপাধ্যক্ষ , বিশিষ্ট শিক্ষাবিদ প্রদীপ কুমাৰ দাসৰ শনিবাৰে নিশা ডিব্ৰুগড়ৰ আদিত্য নাছিং হোমত চিকিৎসাধীন অৱস্থাতে দেহাৱসান ঘটে। বিশিষ্ট শিক্ষাবিদগৰাকী নোহোৱা হোৱাৰ খবৰে সমগ্ৰ ধেমাজিতেই শোকৰ ছাঁ পেলাইছে।
ধেমাজিত স্ত্রী-শিক্ষাৰ বিকাশৰ ক্ষেত্ৰত অগ্রণি ভূমিকা পালন কৰা শিক্ষাবিদ প্ৰদীপ কুমাৰ দাসে ধেমাজি নগৰত থকা ধেমাজি বালিকা মহাবিদ্যালয় প্রতিষ্ঠা সময়ৰ পৰা উপাধ্যক্ষ দায়িত্ব পালন কৰি পৰৱৰ্তী পর্যায়ত ধেমাজি স্নাতকোত্তৰ মহাবিদ্যালয়ৰ অধ্যক্ষ দায়িত্ব গ্রহণ কৰি অগণন মেধা ছাত্র-ছাত্ৰীক প্রজ্ঞাৰ সন্ধান দিছিল। অৱসৰ কিছুদিনৰ পাছতেই এটি জটিল ৰোগত ভুগি থকা দাসে পৰৱৰ্তী সময়ত স্বাস্থ্য কিছু উন্নত হৈছিল যদিও হঠাতে স্বাস্থ্য অৱনতি হোৱাত পৰিয়ালে ততাতৈয়াকৈ
শনিবাৰে ডিব্ৰুগড়ৰ আদিত্য নাৰ্চিংহোমত ভৰ্তি কৰাই চিকিৎসা কৰাইছিল যদিও চিকিৎসাধীন অৱস্থাতে শিক্ষাবিদজনৰ মৃত্যু হয় ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/28/whatsapp-image-2025-12-28-12-20-31.jpeg)
১৯৬৩ চনৰ ১৭ ডিচেম্বৰত ধেমাজি কপহুৱা গাঁৱত জন্মগ্ৰহণ কৰা দাসে কপহুৱা প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা আৰম্ভ কৰি ধেমাজি লৰা উচ্চ মাধ্যমিক বিদ্যালয় বৰ্তমান ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা সু-খ্যাতিৰে মেট্ৰিক , ধেমাজি মহাবিদ্যালয়ৰ পৰা অৰ্থনীতি শাস্ত্ৰত সন্মান সহকাৰে স্নাতক ডিগ্ৰী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা তিনিটা বিষয়তে স্নাতকোত্তৰ ডিগ্ৰী লোৱা উপৰিও বি.এড আৰু এম.এড ডিগ্ৰীও লাভ কৰে ৷ ধেমাজিৰ বিভিন্ন শিক্ষাষ্ঠানৰ সৈতে জড়িত থকা উপৰিও তেওঁ জিলাখনৰ সামাজিক- সাংস্কৃতিক ক্ষেত্ৰখনতো অনবদ্য বৰঙনি আগবঢ়াইছিল ৷
প্ৰদীপ কুমাৰ দাসে সদৌ অসম পদ্মনাথ গোহাঞিবৰুৱা সোঁৱৰণী একাংক নাট প্রতিযোগিতাৰ প্ৰাক্তন সভাপতি, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ প্ৰাক্তন উপদেষ্টা , চিত্ৰবন যুৱক সংঘৰ প্ৰতিষ্ঠাৰ কালৰ সহকাৰী সম্পাদক, অসম নাট্য সম্মিলনৰ আজীবন সদস্য পদ, অসম সাহিত্য সভাৰ আজীবন সমস্যকে ধৰি বিভিন্ন সামাজিক-সাংস্কৃতিক ক্ষেত্ৰখনত জড়িত হৈ তেওঁ নতুন প্রজন্মৰ বাবে আদৰ্শৰ বাট দেখোৱাৰ লগতে কেইবাখনো কালজৰী নাট ৰচনা কৰাৰ উপৰিও মঞ্চ আৰু ভাওনাত হাস্য-ব্যঙ্গ অভিনয় কৰি দশক শ্ৰোতাৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল ৷
শিক্ষাবিদজনৰ নশ্বৰ দেহ আহি পোৱাৰ লগে লগে শতাধিক ৰাইজে গাড়ীত শোভাযাত্ৰা কৰি তেখেতে অৱসৰ গ্ৰহন কৰা ধেমাজি স্নাতকোত্তৰ প্ৰশিক্ষন মহাবিদ্যালয়লৈ নি মহাবিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ত্ৰী, অনুষ্ঠান-প্ৰতিষ্ঠান , দল , সংগঠন আৰু ৰাইজেৰ সৈতে ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° বুদ্ধিন্দ্র বৰুৱা, বর্তমানৰ অধ্যক্ষ ড°দীপক কুমাৰ নেওগ, ধেমাজি স্নাতকোত্তৰ প্রশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষা ড° কিলোমণি চুতীয়া, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক বিজন বায়ন, সদৌ অসম ছাত্ৰ সন্থা সহকাৰী সাধাৰণ সম্পাদক দীপক শর্মা, সদৌ টাই আহোম ছাত্র সন্থাৰ উপ-সভাপতি মনোজ গগৈ, সদৌ অসম পদ্মনাথ গোহাঞিবৰুৱা সোঁৱৰণী একাংক নাট প্রতিযোগিতা সম্পাদক মুক্তা দিহিঙীয়া, চিত্ৰবন যুৱক সংঘৰ সাধাৰণ সম্পাদক ভগবান দাস আদি কৰি বহুসংখ্যক বিশিষ্ট ব্যক্তিয়ে শোক প্রকাশ কৰি অন্তিম শ্ৰদ্ধাঞ্জলি জনায় ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/28/whatsapp-image-2-2025-12-28-12-21-16.jpeg)
ইফালে অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ উপ- সভাপতি দেবজিত দাসে অন্তষ্টিক্রিয়াত উপস্থিত থাকি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে, ধেমাজিৰ বৌদ্ধিক মহলৰ এগৰাকী পুৰুধা তথা স্ত্রী-শিক্ষা প্ৰসাৰত অগ্রণী ভূমিকা গ্রহণ কৰা প্রয়াত দাসৰ বিয়োগে এক অপূৰণীয় ক্ষতি বুলি মত প্রকাশ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us