ধেমাজিত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ

ধেমাজি জিলা কংগ্ৰেছৰ প্ৰায় এক সহস্ৰাধিক কংগ্ৰেছ কৰ্মীয়ে হাতে হাতে বেনাৰ,পোষ্টাৰ,প্লে'কাৰ্ড লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গ'বেক, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা কাম নাই ইত্যাদি শ্ল'গানেৰে প্ৰতিবাদ কৰে ৷

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ ,ধেমাজিঃ বিজেপি চৰকাৰে বিশুদ খোৱাপানী যোগান আঁচনি জলজীৱন মিছন আঁচনিৰ বিফলতা আৰু এই বিভাগটোত হোৱা ব্যাপক দুৰ্নীতিৰ প্ৰতিবাদত তৎকালীনভাৱে চি.বি.আইৰ তদন্তৰ বিচাৰি ধেমাজিত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতত ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিছে। 

উল্লেখ্য় যে, ধেমাজি জিলা কংগ্ৰেছৰ প্ৰায় এক সহস্ৰাধিক কংগ্ৰেছ কৰ্মীয়ে হাতে হাতে বেনাৰ,পোষ্টাৰ,প্লে'কাৰ্ড লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গ'বেক, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা কাম নাই, জনস্বাস্থ্য কাৰিকৰী বিভাগত হোৱা দুৰ্নীতিৰ শীঘ্ৰেই চি বি আই তদন্ত কৰক ইত্যাদি শ্ল'গানেৰে প্ৰতিবাদ কৰে৷ প্ৰতিবাদকাৰী সকলে জিলা কংগ্ৰেছৰ কাৰ্য্যালয় পৰা ধেমাজি আৰক্ষী তিনি আলি লৈকে প্ৰতিবাদ সাৱ্যস্ত কৰা পৰিলক্ষিত হয়৷

গৌৰৱ গগৈ ধেমাজী