/asomiyapratidin/media/media_files/2025/10/31/1-2025-10-31-20-33-33.jpg)
ডিজিটেল সংবাদ,ধেমাজিঃ ধেমাজি মহাবিদ্যালয়ৰ হীৰক জয়ন্তী উদযাপন সমিতিৰ উদ্যোগত শুকুৰবাৰে ৰাষ্ট্ৰীয় শিক্ষা নীতি -২০২০, সমতা আৰু অৰ্ন্তভুক্তকৰণৰ প্ৰসংগত অসমৰ দূৰবৰ্তী আৰু উপ-নগৰীয় অঞ্চলৰ শিক্ষানুষ্ঠানসমূহৰ সুযোগ আৰু প্ৰত্যাহ্বানৰ সম্পৰ্কে এখনি শৈক্ষিক সমাবৰ্তন অনুষ্ঠিত হয় ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/31/whatsapp-i-2025-10-31-20-34-21.jpeg)
সমাবৰ্তনত আমন্ত্ৰিত অতিথি হিচাবে উপস্থিত থাকে ৰাজ্যৰ শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে ৷ ধেমাজি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপক কুমাৰ নেওগৰ সঞ্চালনা কৰা শৈক্ষিক সমাবৰ্তন খনি উদ্বোধন কৰে লখিমপুৰ বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য ড° মুকুল চন্দ্ৰ বৰাই ৷
সমল ব্যক্তি হিচাবে অংশগ্ৰহণ কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ড° চন্দন কুমাৰ শৰ্মাই ৷ অনুষ্ঠানত ধেমাজি জিলা বিদ্যালয় সমূহৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক তথা শিক্ষা বিষয়া কবিতা ডেকা, ধেমাজি চিটি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপক বৰগোহাঁই , ধেমাজি বানিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কমলা কান্ত বড়ি আৰু ধেমাজি নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ তোলন কোঁৱৰে উপস্থিত থাকে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/31/whatsapp-im-2025-10-31-20-34-36.jpeg)
শৈক্ষিক সমাবৰ্তন খনিত জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ১২০ খন বিদ্যালয়ৰৰ ২৪০ গৰাকী শিক্ষকে অংশগ্ৰহণ কৰে। ইফালে এই শৈক্ষিক সমাবৰ্তন খনত উপস্থিত থাকি শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে কয় যে কেৱল শোভাযাত্ৰা সাংস্কৃতিক অনুষ্ঠানতেই বিভিন্ন জয়ন্তী সমূহ সীমাবদ্ধ নাৰাখি এনেধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰাৰ পোষকতা কৰে ৷
প্ৰসংগক্ৰমে মন্ত্ৰীয়ে বিশ্ব শিল্পী জুবিন গাৰ্গৰ জীৱনী শৈক্ষিক পাঠ্যক্ৰমত অন্তভুৰ্ক্তি কৰাৰ বিষয়ে ইতিমধ্যে বিবেচনা কৰি থকা হৈছে বুলিও মন্ত্ৰীয়ে মন্তব্যত সাংবাদিক সকলক জনাবলৈ দিয়ে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us