ধেমাজিত ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি...

ধেমাজিৰ মৰিধল মাজগাঁৱৰ  জীয়ৰী-বোৱাৰীসকলে সমূহীয়াভাৱে  পিঠা পনা প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে।

author-image
Asomiya Pratidin
New Update
609

ডিজিটেল সংবাদ,ধেমাজিঃ ভোগালী বিহুলৈ মাজত মাথো দুটামান দিন ৷ মাঘ বিহুৰ বাবে তৎপৰতাৰ  যেন অন্ত নাই অসমীয়াৰ ৷ ইতিমধ্যে সমগ্ৰ ৰাজ্য ভোগালী বিহুৰ আয়োজনত ব্যস্ত। গাঁও চহৰ সকলোতে ভোগালীৰ উৎসাহ। গাঁৱৰ পথাৰত নিৰ্মাণ কৰা হৈছে বিভিন্ন আৰ্হিৰ ভেলাঘৰ। পিছপৰি ৰোৱা নাই চহৰসমূহ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ধেমাজিতো ভোগালীক আদৰাৰ চলিছে ব্যাপক প্ৰস্তুতি। ব্যতিক্ৰম নহয় ধেমাজিৰ জীয়ৰী-বোৱাৰীসকল ৷  

উল্লেখ্য যে- ধেমাজিৰ মৰিধল মাজগাঁৱৰ  জীয়ৰী - বোৱাৰীসকলে সমূহীয়াভাৱে  পিঠা পনা প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে। অসমীয়া সমাজৰ পৰা প্ৰায় লুপ্ত হ'বলৈ ধৰা ঢেঁকীৰ চাপে চাপে হিয়া উজাৰি খুন্দিছে  নানা চাউলৰ নানা পিঠা ৷ ভাগে ভাগে কৰিছে কাম৷ গাঁৱৰ ডেকা-গাভৰুসকলে উলাহতে জুৰিছে বিহু নাম ৷ জাত জাত বিহু নামেৰে মুখৰিত হৈ পৰিছে চৌদিশ ৷ কেৱল এয়াই নহয়  উৰুকা নিশালৈ  মিলা প্ৰীতিৰে এসাঁজ খোৱাৰ বাবেও  সাজু হৈছে মৰিধল মাজগাঁৱৰ জীয়ৰ -বোৱাৰীসকল ৷

ধেমাজি