/asomiyapratidin/media/media_files/2025/08/17/fdfdfdf-2025-08-17-23-25-14.jpg)
ডিজিটেল সংবাদ, ধেমাজিঃ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি সদৰ আঞ্চলিক সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক যিশু বৰগোহাঁইৰ (৪২) দেওবাৰে বিয়লি দেহাৱসান ঘটে। তেওঁৰ অকাল মৃত্যুত ধেমাজিত পৰিছে গভীৰ শোকৰ ছাঁ ।
২০১০-১২ চনত ধেমাজি সদৰ আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক হিচাপে দায়িত্ব পালন কৰা যিশু বৰগোহাঁই কিছুমান দিন ধৰি যকৃতজনিত অসুখত ভুগি আছিল। গুৱাহাটীৰ নেমকেয়াৰ চিকিৎসালয়ত চিকিৎসা কৰি ঘৰলৈ উভতি অহাৰ পিছত মাত্র এক সপ্তাহৰ ভিতৰতে মৃত্যু খবৰে পৰিয়ালসহ সকলোকে শোকাকুল কৰি তুলিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/17/whatsapp-imag-2025-08-17-23-25-31.jpeg)
শান্ত, নম্ৰ আৰু সম্ভীৰ স্বভাৱৰ যিশু বৰগোহাঁইৰ অকাল মৃত্যুত ধেমাজি জিলা যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ভাস্কৰ বুঢ়াগোহাঁই, সাধাৰণ সম্পাদক ৰঞ্জন বৰা, কেন্দ্ৰীয় উপ-সভাপতি দেৱজিৎ দাস, প্ৰাক্তন কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁই, সহকাৰী সম্পাদক বিষ্ণু শৰ্মা আদিয়ে শোক প্ৰকাশ কৰে। ইফালে উদীয়মান যুৱনেতাগৰাকীৰ মৃত্যুত বিভিন্ন দল-সংগঠনেও পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। মৃত্যুৰ সময়ত তেওঁ পত্নী, এগৰাকী কন্যা, এজন পুত্ৰক এৰি গৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us