ধেমাজিৰ জিলা উন্নয়ন আয়ুক্তৰ চৰকাৰী গাড়ীৰ খুন্দাত আহত পিতা-পুত্ৰ

ধেমাজি জিলা উন্নয়ন আয়ুক্তৰ দেৱেশ্বৰ বৰাৰ চৰকাৰী বাহনৰ সুৰামত্ত চালকে আন এখন বাহনত মুখামুখীকৈ খুন্দা মৰাৰ পিছত পিতা-পুত্ৰ দুৰ্ঘটনাগ্ৰস্ত কৰা ঘটনাই ধেমাজিত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে

author-image
Asomiya Pratidin
New Update
DHEMAJI Untitled-1 copy

ডিজিটেল সংবাদ, ধেমাজিঃধেমাজি জিলা উন্নয়ন আয়ুক্তৰ দেৱেশ্বৰ বৰাৰ চৰকাৰী বাহনৰ সুৰামত্ত চালকে আন এখন বাহনত মুখামুখীকৈ খুন্দা মৰাৰ পিছত পিতা-পুত্ৰ দুৰ্ঘটনাগ্ৰস্ত কৰা ঘটনাই ধেমাজিত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷

উল্লেখ্য যে, সোমবাৰে নিশা প্ৰায় ৯ মান বজাত এখন আই টুৱেন্টী বাহনে হাতীগড়স্থিত বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ত অনুষ্ঠিত ৰূপালী জয়ন্তী অনুষ্ঠানৰ পৰা পিতৃ জ্যোতি প্ৰসন্ন গগৈ আৰু নৱম শ্ৰেণীৰ ছাত্ৰ তথা তেওঁৰ পুত্ৰ সংগীত গগৈৰ সৈতে ঘৰমুৱা হয়।

সেই সময়তে নলনীপাম বজাৰৰ সমীপত তীব্ৰ বেগী ধেমাজি জিলা উন্নয়ন বিষয়া দেৱেশ্বৰ বৰাৰ চৰকাৰী ইন’ভাৰ খুন্দাত গুৰুতৰভাৱে আহত পিতা-পুত্ৰ। আহত দুয়ো বৰ্তমান ডিব্ৰুগড়ত চিকিৎসাধীন অৱস্থাত আছে৷ 

ইফালে, এই ঘটনাৰ পিছতেই জিলা উন্নয়ন আয়ুক্তৰ গাড়ীখনৰ চালক পলাতক হয়৷ জানিব পৰা মতে, দুৰ্ঘটনাৰ সময়ত বাহনত নাছিল জিলা উন্নয়ন আয়ুক্ত গৰাকী। তাৎপৰ্যপূৰ্ণভাৱে জিলা উন্নয়ন আয়ুক্ত গৰাকী যোৱাকৈয়ে সম্পূৰ্ণ সুৰামত্ত হৈ কাৰ অনুমতিত চৰকাৰী গাড়ী লৈ গৈছিল ইয়াক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

অসম ধেমাজি