/asomiyapratidin/media/media_files/2025/10/14/520-2025-10-14-20-53-24.jpg)
ডিজিটেল সংবাদ, ধেমাজি : প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ আহবান মৰ্মে ধেমাজি জিলা ছাত্ৰ সন্থাই মঙ্গলবাৰে পুৱা ১১ বজাৰ পৰা বিয়লি ১ বজাৰলৈকে দুইঘন্টাতকৈ অধিক সময় ধৰি জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। সন্থাৰ কৰ্মীসকলে হাতে- হাতে বেনাৰ পোষ্টাৰ, প্লে'কাৰ্ড লৈ উই ওৱান্ট জাষ্টটিছ , জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় লাগে , জুবিন গাৰ্গৰ মৃত্যুক লৈ ৰাজনীতি কৰা বন্ধ কৰক , ছাত্ৰ ঐক্য জিন্দাবাদ ইত্যাদি শ্লো'গানেৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে।
ধেমাজি জিলা ছাত্র সন্থাৰ অন্তৰ্গত প্ৰতিখন আঞ্চলিক ছাত্র সন্থাৰ বিষয়ববীয়া সকলৰ লগতে কাৰ্য্যসূচীত সদৌ অসম ছাত্র সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক দিপক শৰ্মাই উপস্থিত থাকি কয় যে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ বাবে গঠন কৰা এচ আই টিয়ে ক্ষিপ্ৰ আৰু পানী নসৰকা তদন্ত কৰিবলৈ আহ্বান জনোৱাৰ লগতে কোনো কাৰণতে যাতে দোষীয়ে সাৰি যাব নোৱাৰে তাৰ বাবে কঠোৰ চাৰ্জশ্বীট প্ৰস্তুত কৰিবলৈ দাবী জনায় ।
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুক লৈ কোনোপক্ষকে ৰাজনীতি নকৰিবলৈ সকীয়াই দিয়ে আছু বিষয়ববীয়া গৰাকীয়ে ৷ কাৰ্যসূচীত ধেমাজি জিলা ছাত্র সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি দেৱ কলিতা, সাধাৰণ সম্পাদক জয়ন্ত বৰগোহাঁই,উপদেষ্টা ৰবি কছাৰীৰ লগতে তিনি শতাধিক ছাত্ৰ কৰ্মী উপস্থিত থাকে ।