গৌৰৱ গগৈক গুপ্তেশ্বৰ দেৱালয়ত প্ৰৱেশত বাধা প্ৰদান স্থানীয় মহিলা আৰু বজৰং দলৰ

সেই সময়ত এদল স্থানীয় মহিলা আৰু বজৰং দলৰ সদস্যসকলে সাংসদগৰাকীক গুপ্তেশ্বৰ দেৱালয়ত প্ৰৱেশত বাধা দিয়াৰ লগতে বিভিন্ন শ্লোগান দি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে৷ 

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-02-07 at 5.24.30 PM

ডিজিটেল সংবাদ, ঢেকীয়াজুলিঃ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈ আজি বিয়লি দলীয় সতীৰ্থসকলকলৈ শিঙৰীৰ ঐতিহাসিক গুপ্তেশ্বৰ দেৱালয়ত উপস্থিত হয় ৷ পিছে, সেই সময়ত এদল স্থানীয় মহিলা আৰু বজৰং দলৰ সদস্যসকলে সাংসদগৰাকীক গুপ্তেশ্বৰ দেৱালয়ত প্ৰৱেশত বাধা দিয়াৰ লগতে বিভিন্ন শ্লোগান দি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে৷ 

বজৰং দলৰ সদস্যসকলে ভাৰত মাতা কী জয়, জয় শ্ৰী ৰাম আদি শ্লোগান দিয়াৰ বিপৰীতে কংগ্ৰেছৰ সদস্যসকলে কংগ্ৰেছ জিন্দাবাদ, গৌৰৱ গগৈ জিন্দাবাদ আদি শ্লোগান দিয়ে ৷ ইয়াত পাছতে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয় ৷ অৱশ্যে কংগ্ৰেছৰ স্থানীয় নেতা বেণুধৰ নাথ, অঞ্জন উপাধ্যায় আদিৰ তৎপৰতাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ, নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জীতেন সিঙ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা প্ৰাণেশ্বৰ বসুমতাৰী, জিলা কংগ্ৰেছৰ সভাপতি কাৰ্তিক কুৰ্মী আদি গুপ্তেশ্বৰ দেৱালয়ত প্ৰৱেশ কৰে ৷

আনহাতে, গুপ্তেশ্বৰ দেৱালয়ৰ অধ্যক্ষ অৰূপ বৰঠাকুৰ আৰু পুৰোহিতসকলে গৌৰৱ গগৈক দেৱালয়ৰ ভিতৰলৈ আদৰি নিয়ে ৷ দেৱালয় দৰ্শনৰ পিছত সাংসদ গৌৰৱ গগৈ বাহিৰলৈ অহাৰ পিছত বজৰং দলৰ সদস্যসকলে সাংসদ গৰাকীক উদ্দেশ্যি বিভিন্ন শব্দ বাক্য প্ৰয়োগ কৰি উচ্চস্বৰত সমালোচনা কৰিবলৈ লয় ৷ প্ৰদেশ কংগ্ৰেছ সভাপতি তথা সাংসদ গৌৰৱ গগৈক পাকিস্তানী, মিঞাৰ ৰক্ষক আদি বিভিন্ন শব্দ বাক্য প্ৰয়োগ কৰাত কংগ্ৰেছৰ স্থানীয় নেতা-কৰ্মীসকল সৰৱ হৈ পৰে আৰু বজৰং দলৰ সদস্যসকলৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হয় ৷

ইফালে, সাংসদ গৌৰৱ গগৈয়ে দেৱালয় চৌহদৰ বাহিৰলৈ অহাৰ পিছত স্থানীয় সাংবাদিকৰ উল্লেখ কৰে যে, মঠ-মন্দিৰ, মছজিদ আদিত প্ৰৱেশত বাধা দিয়াটো দুৰ্ভাগ্যজনক ৷ শাসকীয় বিজেপিৰ এনে ধৰণৰ মানসিকতা আছে ৷ কংগ্ৰেছৰ নেতা-কৰ্মীয়ে এনে মানসিকতা নাই বুলি তেওঁ মন্তব্য প্ৰকাশ কৰে ৷

অসম প্ৰদেশ কংগ্ৰেছ কংগ্ৰেছ