/asomiyapratidin/media/media_files/2025/11/17/whatsapp-image-2025-11-17-16-04-58.jpeg)
ডিজিটেল সংবাদ,ঢেকীয়াজুলিঃ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলে বিভিন্ন দাবীৰ সমৰ্থনত ৰাজ্যজুৰি আৰম্ভ অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট কাৰ্যসূচী। ঢেকীয়াজুলি উন্নয়ন খণ্ডৰ কাৰ্যালয়ত ঠিকাভিত্তিক কৰ্মচাৰীৰ অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট।পঞ্চায়তৰ কাম-কাজ অচল হোৱাৰ লগতে প্ৰধানমন্ত্ৰী আবাস যোজনা, এম জি এনৰেগাৰ কাম-কাজো স্তব্ধ। আজি ছয়দিন অতিক্ৰম কৰিছে যদিও চৰকাৰ তথা সংশ্লিষ্ট বিভাগে তেওঁলোকৰ আন্দোলনক গুৰুত্ব নিদিয়াত ঠিকাভিত্তিত কৰ্মচাৰীসকল বাৰুকৈ ক্ষুব্ধ হৈ পৰে ৷
উল্লেখ্য যে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ চাকৰি ৬০ বছৰলৈ সুনিশ্চিত কৰা, প্ৰতিবছৰে ন্যূনতম ১০ শতাংশ বেতন বৃদ্ধি কৰা, ঠিকাভিত্তিক কৰ্মচাৰীৰ বৰ্তমানৰ মাহিলী বেতনৰ উপৰিও ৩০ হেজাৰ টকা এককালীন বেতন বৃদ্ধি কৰা, HR পলিচি অনুসৰি বিভিন্ন সা-সুবিধা প্ৰদানৰ দাবীত সমগ্ৰ ৰাজ্যৰ লগতে ঢেকীয়াজুলি উন্নয়ন খণ্ডৰ কাৰ্যালয়ত যোৱা ১১ নৱেম্বৰৰ পৰা ঠিকাভিত্তিক কৰ্মচাৰীসকলে অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে ৷ যাৰ ফলত গাওঁ পঞ্চায়ত, ব্লক তথা বিভাগটোৰ বিভিন্ন কাৰ্যালয়ৰ কাম কাজ অচল হৈ পৰিছে ৷
আনপিনে এই আন্দোলনৰ ফলত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ কাম কাজ স্তব্ধ হোৱাৰ লগতে এম জি এনৰেগাৰ কাম-কাজতো ব্যাঘাত জন্মাও পৰিলক্ষিত হয়। ইপিনে ঠিকাভিত্তিক কৰ্মচাৰীসকলে ৰাজ্যজুৰি আন্দোলন অব্যাহত ৰখাৰ পিছতো ৰাজ্য চৰকাৰ তথা সংশ্লিষ্ট বিভাগে এই ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ সমস্যাসমূহ সমাধানত গুৰুত্ব প্ৰদান কৰা নাই বুলি কৰ্মচাৰীসকলে ক্ষোভ প্ৰকাশ কৰে ৷
তাৰোপৰি,ঠিকাভিত্তিক কৰ্মচাৰীসকলে তেওঁলোকৰ সমস্যাসমূহ মুখ্যমন্ত্ৰীক অৱগত কৰিবলৈ যোৱা চাৰি বছৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সাক্ষাৎ বিচাৰি আবেদন জনোৱাৰ পিছত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ অনুমতি নোপাত ক্ষোভিত হৈ পৰে কৰ্মচাৰীসকল। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আঠ হেজাৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ সমস্যাসমূহ চলিত বৰ্ষৰ অক্টোবৰ মাহৰ ভিতৰত সমাধান কৰা হ’ব বুলি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাসে আশ্বাস দিছিল যদিও এই ক্ষেত্ৰত তেওঁলোকে কোনো সুফল লাভ নকৰিলে৷
আনফালে,অনিৰ্দিষ্টকালীন আন্দোলন কৰিবলৈ তেওঁলোক বাধ্য হোৱা বুলি অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশ লোৱা কৰ্মচাৰীসকলে সাংবাদিকৰ আগত প্ৰকাশ কৰিছে ৷ এইক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৰ্মচাৰীসকলে পুনৰবাৰ দাবী উত্থাপন কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us