হঠাতে অসুস্থ ধৰ্মেন্দ্ৰ...

বলিউদৰ বৰ্ষীয়ান বিশিষ্ট অভিনেতা ধৰ্মেন্দ্ৰ অসুস্থ। সোমবাৰে হঠাতে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে ততাতৈয়াকৈ ভৰ্তি কৰা হয় মুম্বাইৰ এখন হস্পাতালত। অৱশ্যে বৰ্তমান তেওঁৰ স্বাস্থ্য উন্নতি হোৱা বুলি সদৰি কৰিছে

author-image
Asomiya Pratidin
New Update
ujjd

ডিজিটেল ডেস্কঃ বলিউদৰ বৰ্ষীয়ান বিশিষ্ট অভিনেতা ধৰ্মেন্দ্ৰ অসুস্থ। সোমবাৰে হঠাতে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে ততাতৈয়াকৈ ভৰ্তি কৰা হয় মুম্বাইৰ এখন হস্পাতালত। অৱশ্যে বৰ্তমান তেওঁৰ স্বাস্থ্য উন্নতি হোৱা বুলি সদৰি কৰিছে চিকিতসকে। 

উল্লেখ কৰা প্ৰয়োজন যে, বৰ্তমান ৮৯বছৰত ভৰি দিয়া ধৰ্মেন্দ্ৰ এতিয়াও যথেষ্ট সক্ৰিয়। তেওঁৰ অভিনীত এখন ছবিৰ কাম এতিয়াও চলি আছে। অহা ২৫ডিচেম্বৰত মুক্তি লাভ কৰিব এই ছবিখন। এই ছবিখনৰ কামত লাগি থকাৰ সময়তে অসুস্থ হৈ পৰিছিল অভিনেতাগৰাকী।

অভিনেতাগৰাকী ভেন্টিলেশ্যনত থকা বুলি বাতৰি প্ৰকাশ হৈছিল যদিও শেহতীয়াকৈ পৰিয়ালে এই খবৰ মিছা বুলি সদৰি কৰিছে। বৰ্তমানো তেওঁ অসুস্থ যদিও ভেন্টিলেশ্যনত ৰখা হোৱা নাই বুলি সদৰি কৰিছে তেওঁৰ মেনেজাৰে। 

বলিউড