সামাজিক মাধ্যমত আৱেগিক পোষ্টৰে ধৰ্মেন্দ্ৰক স্মৰণ দেওল পৰিয়ালৰ

চিৰসেউজ অভিনেতাগৰাকী নোহোৱা হোৱাত বলিউড জগতৰ বৃহৎ ক্ষতি। সামাজিক মাধ্যমত এই বিশেষ দিনটোত আৱেগিক পোষ্টৰে স্মৰণ কৰিছে দেওল পৰিয়ালে ধৰ্মেন্দ্ৰক।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-12-08 at 6.56.06 PM

ডিজিটেল ডেস্কঃ কিংবদন্তি অভিনেতা ধৰ্মেন্দ্ৰৰ আজি ৯০ সংখ্যক ওপজা দিন। তেওঁ বিহীন এয়া প্ৰথমটো জন্মদিন । সকলো আৱেগিক হৈ পৰিছে। ধৰ্মেন্দ্ৰৰ বিয়োগত প্ৰতিজন অনুৰাগী ভাগি পৰিছে। 

Dharmendra 90th birth anniversary ...

চিৰসেউজ অভিনেতাগৰাকী নোহোৱা হোৱাত বলিউড জগতৰ বৃহৎ ক্ষতি। সামাজিক মাধ্যমত এই বিশেষ দিনটোত আৱেগিক পোষ্টৰে স্মৰণ কৰিছে দেওল পৰিয়ালে ধৰ্মেন্দ্ৰক। অভিনেতাগৰাকীৰ জ্যেষ্ঠ পুত্ৰ ছানী দেওল, কন্যা ঈশা দেওল আৰু তেওঁৰ ভতিজা অভিনেতা অভয় দেওলে বলীউডৰ কিংবদন্তিগৰাকীক স্মৰণ কৰিছে লিখিছে এক পোষ্ট ।

Dharmendra 90th birthday tribute Deol ...

উল্লেখ্য যে, ছানী দেওলে সেই বিশেষ পোষ্টতোত লিখিছে,  "আজি মোৰ দেউতাৰ জন্মদিন। দেউতা মোৰ লগত সদায় আছে,লাভ ইউ দেউতা। তোমালৈ মনত পৰিছে। আনপিনে  কন্যা ঈশা দেওলেও সামাজিক মাধ্যমত এক দীঘলিয়া আৱেগিক পোষ্ট লিখিছে। য'ত কৈছে-  স্বৰ্গ হওক বা পৃথিৱীয়ে হওক,আমি সদায় একেলগে আছোঁ দেউতা। লগতে কয়  মই প্ৰতিশ্ৰুতি দিছো আপোনাৰ লিগেচিক গৌৰৱ আৰু সন্মানেৰে আগবঢ়াই নিম। এনেদৰেই মনৰ ভাৱ প্ৰকাশ কৰি সামাজিক মাধ্যমত বহু দীঘলিয়া পোষ্টযোগে অভিনেতা ধৰ্মেন্দ্ৰক স্মৰণ কৰিছে। 

image (47)

ধৰ্মেন্দ্ৰ