বলীউডৰ যশস্বী অভিনেতা ধর্মেন্দ্রলৈ মৰণোত্তৰভাৱে ২০২৬ বৰ্ষৰ পদ্মবিভূষণ সন্মান

যশস্বী অভিনেতা ধৰ্মেন্দ্ৰলৈ মৰণোত্তৰভাৱে পদ্ম বিভূষণ বঁটা প্ৰদান কৰাৰ বাবে ভাৰত চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰে হেমা মালিনীয়ে ।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-01-26 at 5.33.19 PM

ডিজিটেল ডেস্কঃ যশস্বী অভিনেতা ধৰ্মেন্দ্ৰলৈ মৰণোত্তৰভাৱে পদ্ম বিভূষণ বঁটাৰে সন্মানিত কৰা হৈছে। ভাৰত চৰকাৰে চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অতুলনীয় অৱদানৰ স্বীকৃতি স্বৰূপে ধৰ্মেন্দ্ৰলৈ এই সন্মান প্ৰদান কৰাৰ সিদ্ধান্ত লয় কেন্দ্ৰীয় চৰকাৰে। 

যশস্বী অভিনেতা ধৰ্মেন্দ্ৰলৈ মৰণোত্তৰভাৱে পদ্ম বিভূষণ বঁটা প্ৰদান কৰাৰ বাবে ভাৰত চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰে হেমা মালিনীয়ে ৷ সামাজিক মাধ্যমত পোষ্ট কৰাও পৰিলক্ষিত হৈছে। পোষ্টটোত লিখিছে যে- মই অতি গৌৰৱান্বিত কিয়নো চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অপৰিসীম অৱদানক স্বীকৃতি দি চৰকাৰে ধৰম জীক সন্মানীয় পদ্ম বিভূষণ বঁটাৰে সন্মানিত কৰিছে।

WhatsApp Image 2026-01-26 at 5.26.25 PM

উল্লেখ্য যে, ২০২৫ চনৰ ২৪ নৱেম্বৰত দেহাৱসান ঘটা ধৰ্মেন্দ্ৰই ভাৰতীয় চলচ্চিত্ৰ জগতক বহু স্মৰণীয় ছবি প্ৰদান কৰাৰ লগতে শক্তিশালী অভিনয়, একচন আৰু ৰোমান্টিক চৰিত্ৰৰে লাখ লাখ দৰ্শকৰ হৃদয়ত এক বিশেষ স্থান খোদিত কৰে । চলচ্চিত্ৰ জগতত তেওঁ “হি-মেন” নামেৰে পৰিচিত আছিল ।

ধৰ্মেন্দ্ৰ