/asomiyapratidin/media/media_files/2025/08/20/ikkd-2025-08-20-12-47-45.jpg)
ডিজিটেল সংবাদ, বোকাখাতঃ নুমলীগড় শোধনাগাৰে প্ৰায় জন্মলগ্নৰে পৰা সমিপৰ ধনশিৰি নদীক ব্যাপক ভাৱে প্ৰদূষিত কৰি আহিছে। বিগত সময়চোৱাত এই সন্দৰ্ভত নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈ আহিছে যদিও নদীখনক প্ৰদূষণৰ পৰা মুক্ত কৰিব পৰাৰ কোনো ব্যৱস্থা কাৰ্যকৰি হৈ উঠা নাছিল। আশাৰ বতৰা যে শেহতীয়াকৈ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে নিজাকৈ গোচৰ ৰুজু কৰিছে। ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে ধনশিৰি নদীত নুমলীগড় শোধনাগাৰে তৈলজাত সামগ্ৰী পেলাই নদীখন প্ৰদূষিত কৰা ঘটনাৰ বিৰুদ্ধে নিজাববীয়াকৈ (৮৬/২০২৫/ই জেদ )এক গোচৰ তৰে।
উল্লেখযোগ্য যে নুমলীগড় শোধনাগাৰ লিমিটেডৰ ঔদ্যোগিক নিৰ্গমনৰ ফলত ব্ৰহ্মপুত্ৰৰ এখন গুৰুত্বপূৰ্ণ উপনৈ ধনশিৰি নদীত তীব্ৰ প্ৰদূষণৰ সন্মুখীন হোৱাৰ লগতে প্ৰদূষণ হৈ আহিছে আৰু নদীখনৰ জলচৰ প্ৰাণী, জলজ উদ্ভিদ আদি ধ্বংসৰ গৰাহত পৰিছে বুলি বিশিষ্ট পৰিৱেশকৰ্মী তথা জেষ্ঠ সাংবাদিক অপূৰ্ব বল্লভ গোস্বামীয়ে তথ্য সহকাৰে অভিযোগ উত্থাপন কৰি আহিছিল। এই সন্দৰ্ভত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ পিছতে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে গুৰুত্ব সহকাৰে লৈ নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰি সংশ্লিষ্ট বিভাগ সমূহক এফিডেফিদ দিবলৈ নিৰ্দেশ দিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/20/ujjj-2025-08-20-13-07-13.jpg)
উল্লেখযোগ্য যে, ধনশিৰি নদীত নুমলীগড় শোধনাগাৰে তৈলজাত সামগ্ৰী তেল, গ্ৰীচ আদি ৰাসায়নিক পদাৰ্থ পেলাই নদীখন প্ৰদূষিত কৰিছে আৰু নুমলীগড় শোধনাগাৰ লিমিটেড পৰা ঔদ্যোগিক নিৰ্গমনৰ ফলত ব্ৰহ্মপুত্ৰৰ এক গুৰুত্বপূৰ্ণ উপনৈ ধনশিৰি নদীত তীব্ৰ প্ৰদূষণৰ সন্মুখীন হৈছে বুলি পৰিবেশকৰ্মী অপূৰ্ব বল্লভ গোস্বামীয়ে জনাই আহিছে লগতে গোস্বামীয়ে গুৱাহাটীস্থ বায়'টেক ৰাসায়নিক পৰীক্ষাগাৰত নুমলীগড় শোধনাগাৰৰ পিছফালে থকা ধনশিৰি নদীৰ পানীৰ নমুনা লৈ পৰীক্ষা কৰাত বিভিন্ন ৰাসায়নিক পদাৰ্থ ধনশিৰি নদীত মিহলি হৈ নদীখন ভয়ানক ভাৱে প্ৰদূষিত হোৱাৰ তথ্য পোহৰলৈ আহিছিল। ৰিপৰ্টৰ প্ৰতিবেদনৰ মতে জৈৱ অক্সিজেন ১৮, ৰাসায়নিক অক্সিজেন ১৪২, অইল আৰু গ্ৰীচ ১১.৫, ফিনল বিডিএল নদীখনত আছে বুলি জনা গৈছে।
এনেধৰণৰ তৈলজাত সামগ্ৰী নুমলীগড় শোধনাগাৰে ধনশিৰি নদীত পেলাই দিয়াৰ ফলত নদীখনৰ জলচৰ প্ৰাণী, জলজ উদ্ভিদ আদি ধ্বংসৰ গৰাহত পৰিছে। নুমলীগড় তেল শোধনাগাৰৰ পৰিৱেশ আৰু বাতাবৰণ সন্তুলন বজাই ৰাখিবলৈ এটা বিভাগ আছে। কিন্তু উক্ত বিভাগটোৱে নদীখনক ধ্বংসৰ গৰাহলৈ ঠেলি দি তেওঁলোকে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ, কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ নিয়ন্ত্ৰণ পৰিষদৰ সৈতে গোপন মিতিৰালি কৰি নদীখনত ধ্বংসকাৰ্য সংঘটিত কৰি আহিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/20/ujjjs-2025-08-20-13-08-32.jpg)
নুমলীগড় শোধনাগাৰে সততে কৈ আহিছে যে, নুমলীগড় শোধনাগাৰ এটা হাইটেক শোধনাগাৰ আৰু শোধনাগাৰৰ পৰা নিৰ্গত হোৱা ৰাসায়নিক দ্ৰব্যসমূহ ৱাটাৰ ট্ৰিটমেণ্ট কৰি ধনশিৰি নদীত পেলায়। যদি সেয়াই হয় তেনেহলে নদীখনত তৈলজাত সামগ্ৰী ওলাল কেনেকৈ ? পৰিৱেশ আৰু প্ৰদূষণে জলসিঞ্চন আৰু খোৱাপানীৰ বাবে নদীখনৰ ওপৰত নিৰ্ভৰশীল স্থানীয় ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰিছে।
ইফালে নগালেণ্ডৰ পৰা উৎপত্তি হোৱা ধনশিৰি নদী ডিমাপুৰ আৰু গোলাঘাটৰ মাজেৰে বৈ আহি বোকাখাতৰ ধনশিৰিমুখত ব্ৰহ্মপুত্ৰৰ সৈতে মিলিত হৈছে গতিকে ই স্বাভাৱিকতেই ব্ৰহ্মপুত্ৰৰ পানীৰ প্ৰতিও অশনি সংকেত কঢ়িয়াই আনিছে। ইফালে ব্ৰহ্মপুত্ৰৰ পানীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকো প্ৰভাৱিত কৰি আহিছে গতিকে নুমলীগড় শোধনাগাৰ সৃষ্ট এই প্ৰদুষণে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকো যে ক্ষতি কৰি আহিছে ই নিশ্চিত।
অভিযোগ সত্ত্বেও কৰ্তৃপক্ষই আৱৰ্জনা নিষ্কাশনৰ ক্ষেত্ৰত কঠোৰ নিয়ম বলবৎ কৰাত ব্যৰ্থ হৈছে নুমলীগড় শোধনাগাৰ। বহনক্ষম নদী ব্যৱস্থাপনা আৰু কঠোৰ ঔদ্যোগিক অনুসৰণৰ জৰুৰী প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰি ধনশিৰিৰ অৱস্থা অপ্ৰত্যাৱৰ্তনীয় হোৱাৰ পূৰ্বে প্ৰদূষণ ৰোধৰ বাবে চৰকাৰে তাৎক্ষণিক ব্যৱস্থা লোৱাৰ দাবী জনাইছে স্থানীয় ৰাইজে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us