ধনশিৰি মহকুমাত আমছুৰ প্ৰায় ৮০০ পৰিয়ালক খাদ্য-সামগ্ৰী বিতৰণ…

ধনশিৰি মহকুমাত আমছুৰ প্ৰায় ৮০০ পৰিয়ালক খাদ্য-সামগ্ৰী বিতৰণ…

author-image
asomiyapratidin
New Update
ধনশিৰি মহকুমাত আমছুৰ প্ৰায় ৮০০ পৰিয়ালক খাদ্য-সামগ্ৰী বিতৰণ…

ডিজিটেল সংবাদ, উৰিয়ামঘাট: COVID-19 ৰ ভয়ত কম্পমান সমগ্ৰ বিশ্ব ।বৰ্তমান ভাৰতত Lock down ৰ ফলত বহু দৰিদ্ৰ পৰিয়াল গভীৰ খাদ্য সংকটত ভুগিছে । এনে দুৰ্যোগৰ সময়ত আমছুৰ গোলাঘাট জিলা সমিতিয়ে ধনশিৰি মহকুমা আমছুৰ আৰু বিভিন্ন আঞ্চলিক সমিতিৰ সহযোগত শনিবাৰে প্ৰায় ৮০০ দৰিদ্ৰ পৰিয়ালক কিছু অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী যোগান ধৰে।

Advertisment

এই অত্যাৱশ্যকীয় সামগ্ৰী সমূহৰ ভিতৰত আছিল চাউল, দাইল , মিঠাতেল, নিমখ আদি । ধনশিৰি মহকুমাৰ ৰজাপুখুৰী , দয়ালপুৰ, নাওজান, দলনিপথাৰ , সৰুপথাৰ আদি অঞ্চলত এই খাদ্য সামগ্ৰী বিতৰণ কৰা হয়।

এই বিতৰণ কাৰ্যসূচীত উপস্থিত আছিল আমছু কেন্দ্ৰীয় কাৰ্য্যকৰী সদস্য ইমতিয়াজ আলি , গোলাঘাট জিলা আমছুৰ সাধাৰণ সম্পাদক ইৰফান আহমেদ , ধনশিৰী মহকুমা সভাপতি চাহতাজ আহমেদ ,ধনশিৰি মহকুমা সাধাৰণ সম্পাদক আটাউৰ ৰহমান চৌধুৰী আদিকে প্ৰমুখ্য কৰি বহু কেইজন সক্ৰিয় কৰ্মী।।