/asomiyapratidin/media/media_files/2025/10/23/38-2025-10-23-16-07-06.jpg)
ডিজিটেল সংবাদ, বোকাখাত : বোকাখাতৰ কুৰুৱাবাহীত ধনশিৰি নদীৰ ব্যাপক বান খহনীয়া নতুন কথা নহয়। খহনীয়াৰ কবলত ষাঠি দশকৰ পৰাই বহু গাঁও জাহ গৈছে কুৰুৱাহীত।
বহু লোক হৈছে ভূমিহীন। ক্ষতিগ্ৰস্ত লোকৰ বহু দাবী, আন্দোলন আদিৰ পাছতো কুৰুৱাবাহীত ধনশিৰি নদীৰ খহনীয়াৰ স্থায়ী সমাধান আজিলৈকে নহ'ল।
শেহতীয়াকৈ অঞ্চলটোৰ ৰঙাগড়া গাঁৱৰ কাষেদি যোৱা ধনশিৰি নদীৰ মথাউৰিৰ কাষত খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে। মথাউৰিটোৰ নিচেই কাষতে বহু ঠাইত ভূমি বহু যোৱাৰ ফলত মথাউৰিটোৰ প্ৰতিও ভাবুকিৰ সৃষ্টি হৈছে।
আনহাতে শতাধিক গাঁৱৰ ৰাইজে যাতায়ত কৰা মথাউৰিটোৰ বৰ্তমান খহনীয়াই তীব্ৰ ধাৰণ কৰি থকা ঠাইত যদি কেনেবাকৈ চিগি যায় অঞ্চলটোৰ বহু গাঁৱৰ লোকৰ যাতায়তৰ প্ৰতি ভীষণ সমস্যাৰ সৃষ্টি হোৱাৰ লগতে বানপানীৰ সময়ত মহাপ্ৰলয়ত সৃষ্টি হ'ব বৃহত্তৰ কুৰুৱাবাহী অঞ্চলত। উল্লেখ্য যে বৰ্তমান খহনীয়া হৈ থকা মথাউৰিটোৰ কাষত এক দশক পূৰ্বে শিলৰ স্পাৰ দি খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰা হৈছিল যদিও সেয়াও জাহ গ'ল খহনীয়াত।
পৰৱৰ্তী সময়ত ২০১২ চনত পাৰ্কুপাইন আৰু জিঅ'বেগৰ দ্বাৰা খহনীয়া প্ৰতিৰোধৰ চেষ্টা কৰা হৈছিল যদিও সঘনাই গতিপথ সলাই থকা ধনশিৰি নদীৰ খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত বিশেষ সফলতা লাভ কৰা হোৱা নাই। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি কুৰুৱাবাহীৰ বান খহনীয়াৰ ক্ষেত্ৰত যথোচিত গুৰুত্ব প্ৰদান কৰা নাই বিভাগীয় কৰ্তৃপক্ষই।
লগতে বিশেষজ্ঞৰ দ্বাৰা খহনীয়াগ্ৰস্ত ঠাইসমূহৰ বিজ্ঞানসন্মত জড়িপ নোহোৱাৰ ফলত জলসম্পদ বিভাগৰ দ্বাৰা যি প্ৰতিৰোধৰ ব্যৱস্থা মাজে সময়ে কৰা হৈছে সেয়া ফলপ্ৰসু হোৱাৰ বিপৰিতে সাময়ীক সকাহহে হৈ আহিছে। ইফালে বৃহস্পতিবাৰে স্থানীয় ৰাইজৰ দাবীত খহনীয়াগ্ৰস্ত উক্ত অঞ্চলটো জলসম্পদ বিভাগৰ বোকাখাত কাৰ্যালয়ৰ কাৰ্যবাহী অভিযন্তা ৰাজেশ বৰুৱাই স্থানীয় গাওঁপ্ৰধান, কুৰুৱাবাহী গাঁও পঞ্চায়তৰ সভাপতি আৰু স্থানীয় ৰাইজৰ উপস্থিতিত পৰিদৰ্শন কৰি স্থানীয় ৰাইজৰ আগত অতি সোনকালেই বিভাগৰ তৰফৰ পৰা পাৰ্কুপাইনৰ সহায়ত খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰা হ'ব বুলি জানিবলৈ দিয়ে।
অভিযন্তা গৰাকীয়ে লগতে জানিবলৈ দিয়া মতে তাৎক্ষণিক ভাৱে পাৰ্কুপাইনৰ ব্যৱস্থা কৰা হ'ব যদিও পৰৱৰ্তী সময়ত স্থায়ী প্ৰতিৰোধৰ বাবে যাবতীয় কাম কাজ আৰম্ভ কৰা হ'ব। অভিযন্তা গৰাকীৰ এই আশ্বাস কিমানদুৰ কাৰ্যকৰী হয় সেয়া স্বাভাৱিকতেই লক্ষ্যণীয় হ'ব।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us