/asomiyapratidin/media/media_files/2025/12/06/whatsapp-ima-2025-12-06-21-10-24.jpeg)
ডিজিটেল সংবাদ ধেমাজিঃ ভাৰতীয় খাদ্য নিগমৰ ধেমাজি গুদামৰ পৰা অনুমানিক ৫ কোটিতকৈ অধিক প্ৰায় ২৬,৮০০ হাজাৰ বস্তা চাউল হৰলুকি হোৱা ঘটনাই ধেমাজিত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ খাদ্য নিগমৰ কেলেংকাৰী ঘটনাৰ সৈতে জড়িত দোষী সকলক শীঘ্ৰেই ব্যৱস্থা গ্ৰহন কৰাৰ লগতে ধেমাজি খাদ্য নিগমৰ কোটি টকা চাউল কেলেংকাৰী ঘটনাটো শীঘ্ৰেই চি বি আইক তদন্ত কৰিবলৈ দিয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/06/whatsapp-image-2025-12-06-21-01-48.jpeg)
বহু বেয়া চাউলৰ বস্তা সমূহ সমবায় সমিতি আৰু সূলভ মূল্য দোকানীক দিয়া শীঘ্ৰেই বন্ধ কৰা,ভাৰতীয় খাদ্য নিগমৰ লখিমপুৰ জিলাৰ অধীনৰ বিভিন্ন গুদামসূমহ তদন্তৰ আওতালৈ অনা ব্যৱস্থা কৰা, দীঘ দিন ধৰি একেটা কাৰ্যালয়তে কৰ্মৰত নিগমৰ বিষয়া কৰ্মচাৰী সকলক শীঘ্ৰেই বদলিকৰনৰ ব্যৱস্থা কৰা, ধেমাজি খাদ্য নিগমৰ গুদামৰ সৈতে জড়িত থকা লোক সকলকো তদন্তৰ আওতালৈ অনা ব্যৱস্থা কৰা আৰু ট্ৰেইনৰ ডবাত ধেমাজি খাদ্য নিগমলৈ অহা চাউলৰ বস্তা সমূহ, খাদ্য নিগমৰ গুদামলৈ শ্ৰমিক সকলে পৰিবহণৰ সময়ত কটকটীয়া নিৰীক্ষনৰ ব্যৱস্থা কৰাকে ধৰি কেইবাটাও দাবীত অসম জাতীয়তাবাদী যুৱ পৰিষদ ধেমাজি জিলা সমিতি আৰু ধেমাজি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি দুই সংগঠনৰ কৰ্মী সকলে ভাৰতীয় খাদ্য নিগমৰ ধেমাজি কাৰ্যালয়ৰ গুদামৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। ইপিনে ভাৰতীয় খাদ্য নিগমৰ প্ৰতিমুৰ্ত্তি দাহ কৰাও পৰিলক্ষিত হয় ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/06/whatsapp-im-2025-12-06-21-09-18.jpeg)
উল্লেখ্য যে, প্ৰতিবাদীস্থলীত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল চুতীয়া আৰু জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ভৱেন হালৈয়ে ভাৰতীয় খাদ্য নিগমৰ কোটি টকীয়া চাউল কেলেংকাৰীৰ সৈতে জড়িত থকা সকলক শীঘ্ৰেই ব্যৱস্থা গ্ৰহন কৰি শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে ৷ তেওঁলোকে কয় যে, ভাৰতীয় খাদ্য নিগমৰ ধেমাজি গুদামৰ এই চাউল চুৰি কাণ্ডই নতুন নহয় দীঘ দিন ধৰি চলি আহিছে ৷ এই বিয়াগোম কেলেংকাৰীৰ সৈতে অকল খাদ্য নিগমৰে কৰ্মচাৰীয়ে জড়িত হৈ থকা নাই , এই কেলেংকাৰীৰ লগত যোগান বিভাগৰ বিষয়া কৰ্মচাৰী সকলৰ উপৰিও এফ চি আই চাউল ঠিকাদাৰ আৰু সমবায় সমিতিৰ কেতবোৰ কৰ্মকৰ্তাও জড়িত থকাৰ তেওঁলোকে সন্দেহ প্ৰকাশ কৰিছে ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/06/whatsapp-image-2025-12-06-21-09-41.jpeg)
সেইয়ে দুই সংগঠনে এই কেলেংকাৰীক লৈ শীঘ্ৰেই চি বি আই তদন্ত দাবী কৰিছে৷ তাৎপৰ্যপূৰ্ণভাৱে ৰাজহুৱা বিতৰণ ব্যৱস্থা জড়িতে চৰকাৰী শিক্ষানুষ্ঠানৰ মধ্যাহ্ন ভোজনৰ চাউল আৰু সমবায় সমিতি সমূহলৈ পঠোৱা হাজাৰ হাজাৰ চাউলৰ বস্তা মাজতে হৰলুকি হোৱা ঘটনা ৰহস্যজনক হৈ আছে ৷ এনে ঘটনাৰ হৈ থকা পিছতো জিলা প্ৰশাসনৰ লগতে যোগান বিভাগে নিৰৱ ভূমিকা লোৱা কাণ্ডই ৰহস্যৰ সৃষ্টি কৰিছে বুলি দুই সংগঠনে দাবী কৰিছে ৷ অতি শীঘ্ৰেই ইয়াৰ প্ৰকৃত তদন্ত নকৰি যদি দোষী ব্যৱস্থা গ্ৰহন নকৰে তেন্তে দুই সংগঠনে ভাৰতীয় খাদ্য নিগমৰ কাৰ্যালয়ে দামৰ গেইটত তলা লগাই দিয়াৰো ভাবুকী প্ৰদান কৰে ৷ প্ৰতিবাদী কাৰ্য্যসূচীত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি সঞ্জীৱ চেতিয়া,সম্পাদক ধীৰেন দিহিঙীয়া, জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক দুৰ্গা বড়া আৰু টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক গনেশ গগৈয়ও উপস্থিত থাকে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us