ধেমাজিত সদ্য নৱ নিযুক্ত ২০৯ গৰাকীক শিক্ষকক নথি বিতৰণ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ

ধেমাজি জিলা শিক্ষা বিভাগৰ উদ্যোগত ধেমাজি জিলা অধিবিদ্যা পৰিষদৰ  সহযোগত অনুষ্ঠিত হোৱা সভাখনৰ আদৰণি ভাষণ দিয়ে ধেমাজি জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক কবিতা ডেকাই। 

author-image
Asomiya Pratidin
New Update
new ap web 4 (13)

ডিজিটেল সংবাদ,ধেমাজিঃ ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত  শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ দ্বাৰা সদ্য নিযুক্তি প্ৰাপ্ত ২০৯ গৰাকী স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকক নিযুক্তিৰ নথি বিতৰণ সম্পৰ্কে সভা অনুষ্ঠিত হয়। ধেমাজি জিলা শিক্ষা বিভাগৰ উদ্যোগত ধেমাজি জিলা অধিবিদ্যা পৰিষদৰ  সহযোগত অনুষ্ঠিত হোৱা সভাখনৰ আদৰণি ভাষণ দিয়ে ধেমাজি জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক কবিতা ডেকাই। 

উল্লেখ্য যে সভাত শুভেচ্ছামূলক বক্তব্য আগবঢ়ায় জিলা আয়ুক্ত ৰাহুল সুৰেশ জাৱীৰে ৷ অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে মুখ্য অতিথি হিচাপে উপস্থিত থাকি নৱ নিযুক্ত ২০৯ গৰাকী শিক্ষকক আনুষ্ঠানিকভাৱে  নথি বিতৰণ কৰে ৷ নথি বিতৰণৰ প্ৰাকমুহূৰ্ত মন্ত্ৰী গৰাকীয়ে বক্তব্যত  নৱ নিযুক্ত শিক্ষক সকলৰ লৈ চাৰ্ভিছ ৰোল পঢ়িবলৈ প্ৰথমেই আহবান জনায় ৷

 নতুন চাৰ্ভিছ ৰোলৰ ইতিমধ্যে খচৰা প্ৰস্তুত কৰা  হৈছে বুলি উল্লেখ কৰি প্ৰাথমিক শিক্ষক সকলৰ লগতে  হাইস্কুল আৰু হায়াৰচেকেণ্ডেৰী শিক্ষকৰ পৰ্যায়ক্ৰমে পদোন্নতি হ'ব বুলিও উল্লেখ কৰে ৷ অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত দেৱেশ্বৰ বৰা , ধেমাজি উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ তোলন কোৱঁৰে উপস্থিত  থাকে। 

ধেমাজি