/asomiyapratidin/media/media_files/2026/02/02/dtefdsdasas-2026-02-02-15-46-12.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ঢকুৱাখনাৰ ডাংধৰা বৰামাৰী গাঁওৰ তীৰ্থংকৰ নৰাম ভূঞা সমন্বয় ক্ষেত্ৰ বিগত তিনিটা দিন ধৰি আধ্যাত্মিকতাৰ প্ৰবাহত আচ্ছন্ন হৈ পৰিছে। বিগত ৩১ জানুৱাৰীৰ পৰা ২ফেব্ৰুৱাৰী পৰ্যন্ত আধ্যাত্মিকতাত বিধৌত হোৱা সমন্বয় ক্ষেত্ৰৰ চৌদিশে সোমবাৰে ভাগৱত পাঠ ,নাম প্ৰসংগৰ অমিয়া ধ্বনি শুনিবলৈ পোৱা গৈছে।
ঢকুৱাখনা জিলা বৈদিক সনাতন ধৰ্মালোচনী সমাজৰ ৪৭ সংখ্যক দ্বিবাৰ্ষিক অধিবেশন আৰু বাৰেচহৰীয়া সবাহ যুৱ আৰু মহিলা সমাৰোহ সফলতাৰে সম্পন্ন হৈছে। অন্তিম দিনৰ প্ৰথম কাৰ্যসূচী শৰাই প্ৰতিষ্ঠা, নাম প্ৰসংগ আৰু ভাগৱত পাঠৰ পাছতে উলিওৱা হয় এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা ।
বৈদিক ধৰ্মালোচনী সমাজৰ লখিমপুৰ জিলাৰ সাংস্কৃতিক সম্পাদক হেমচন্দ্ৰ দত্তই শুভ উদ্বোধন কৰা শোভাযাত্ৰাত ধৰ্মীয় পৰম্পৰা, থলুৱা কৃষ্টি সংস্কৃতি, আধ্যাত্মিক প্ৰচাৰৰ সাৱলীলতা প্ৰতিফলিত হয়। কেইবা শতাধিক ধৰ্মপ্ৰাণ ৰাইজ, যুৱ সমাজ, ভকত বৈষ্ণবে অংশগ্ৰহণ কৰা শোভাযাত্ৰাই সমগ্ৰ অঞ্চল পৰিভ্রমণ কৰি দৰ্শকক সন্মোহিত কৰে।
দুপৰীয়া অসম বৈদিক সমাজৰ সভাপতি গৌতম গোস্বামীয়ে জনাকীৰ্ণ মুকলি সভাৰ শুভ উদ্বোধন কৰে। ঢকুৱাখনা জিলা বৈদিক সনাতন ধৰ্মালোচনী সমাজৰ ভাৰপ্ৰাপ্ত সভাপতি সদানন্দ ভূঞাই সভাপতিত্ব কৰা মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাবে অসম বৈদিক যুৱ মহা সভাৰ প্ৰাক্তন সভাপতি জীতেন শইকীয়া, শ্ৰী শ্ৰী দক্ষিনপাট সত্ৰ, মাজুলীৰ সত্ৰাধিকাৰ ননী গোপাল দেৱ গোস্বামী আদিৰ লগতে বহু কেইজন ধৰ্মপ্ৰাণ বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
উল্লেখযোগ্য যে, সমন্বয় ক্ষেত্ৰত দেওবাৰে যুৱ সমাজৰ মাজত আধ্যাত্মিক জ্ঞানৰ প্ৰাসঙ্গিকতা দোহাৰী অনুষ্ঠিত কৰা হয় " কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত যুৱ প্ৰজন্মৰ বাবে আধ্যাত্মিক শিক্ষাৰ প্ৰাসংগিকত " শীর্ষক এখন মনোজ্ঞ যুৱ আলোচনা। শিক্ষক, যুৱ বক্তা টমক ৰঞ্জন দত্তই উদ্বোধন কৰা আলোচনা চক্ৰত আলোচক হিচাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ ত্ৰিদীপ ভাগৱতীয়ে মননশীল বক্তব্য আগবঢ়াই যুৱ প্ৰজন্মৰ লগতে অন্য সকলকো উপকৃত কৰে। এই পবিত্ৰ অনুষ্ঠানতেই সৰ্বমুঠ ৫৩ জোৰা দম্পত্তিৰ সমজুৱা বিবাহ কাৰ্য ধৰ্মীয় পৰম্পৰাৰে সম্পন্ন কৰা হয়।
আনহাতে, সোমবাৰে নিশা দাংধৰা আঞ্চলিক যুৱ সমাজৰ অভিনীত "শ্ৰী শ্ৰী ভগৱত দৰ্শন" শীর্ষক ভাওনা মনস্থ কৰি এই ধৰ্মালোচনী সমাজৰ এই পবিত্ৰ অনুষ্ঠানৰ সফল সামৰণি মৰা হব বুলি জনাইছে আদৰণি সমিতিৰ সম্পাদক যতীন বৰা, যুৱ সমাজৰ সভাপতি প্ৰশান্ত চুতীয়া আৰু জিলা সমিতিৰ সম্পাদক ৰাজু চুতীয়াই ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us