ঢকুৱাখনাত আধুনিক নৃত্য প্ৰতিযোগিতা, জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবী

জুবিন গাৰ্গৰ মৃত্যু ৰহস্য উদ্ঘাটন আৰু জন দৰদী শিল্পী গৰাকীক ন্যায় প্ৰদানৰ দাবী উঠিল ঢকুৱাখনাত।

author-image
Asomiya Pratidin
New Update
fsdfsdfdsfd

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ জুবিন গাৰ্গৰ মৃত্যু ৰহস্য উদ্ঘাটন আৰু জন দৰদী শিল্পী গৰাকীক ন্যায় প্ৰদানৰ দাবী উঠিল ঢকুৱাখনাত। মঙলবাৰে সন্ধিয়া ঢকুৱাখনা সমজিলাৰ পূব ঢকুৱাখনাত শ শ ৰাইজে শিল্পী গৰাকীৰ অমৰ সৃষ্টি "মায়াবিনি ৰাতিৰ বুকুত" শীৰ্ষক গীত পৰিবেশন কৰি এইদাবী উত্থাপন কৰে।

প্ৰাণৰ শিল্পী গৰাকীৰ প্ৰতিচ্ছবিত ধূপ বন্তি জ্বলাই পবিত্ৰ আত্মাৰ শান্তি কামনা কৰি জুবিনদা অমৰ হওক, জয় জুবিন দা, জুবিন হত্যাৰ বিচাৰ লাগে আদি ধ্বনি দি চৌদিশ মুখৰ কৰে ন্যায়কামী ৰাইজ অনুগামীয়ে। উল্লেখযোগ্য যে, পূৱ ঢকুৱাখনাৰ অগ্ৰণী সামাজিক সংগঠন  অভয়পুৰ নাহৰণি গাঁও যুবক সংঘৰ উদ্যোগত অনুষ্ঠিত হৈছিল এই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান । অঞ্চলটোৰ অভয়পুৰ নাহৰণীগাঁও ৰাজহুৱা ভৱনত অনুষ্ঠিত হোৱা এই ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ পাছতে অনুষ্ঠিত হয় এক আধুনিক নৃত্যৰ প্ৰতিযোগিতা ।

১৯৮৭ চনৰ পৰাই গ্ৰামাঞ্চলিয় যুৱ প্ৰজন্মৰ বিদ্যায়তনিক দিশৰ উত্তৰণৰ লগতে সাংস্কৃতিক ভাবেও পৰিশীলিত পদ্ধতিৰে আগুৱাই লৈ যোৱাৰ নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰখা যুৱক সংঘৰ উদ্যোগত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা। নৃগোষ্ঠীয় লোক কৃষ্টি সংস্কৃতিৰ লগতে আধুনিক নৃত্য গীতৰ জৰিয়তে উদ্যমী যুৱ প্ৰজন্মৰ সুপ্ত প্ৰতিভা বিকাশৰ লক্ষ্যৰে  প্ৰতিষ্ঠা বর্ষৰ পৰাই ধাৰাবাহিক ভাবে অনুষ্ঠিত কৰি আহিছে নৃত্য প্ৰতিযোগিতা।

এই সাংস্কৃতিক পৰম্পৰা অব্যাহত ৰাখি যোৱা ২১ অক্টোবৰ মঙলবাৰে সন্ধিয়া  অভয়পুৰ নাহৰণীগাঁও ৰাজহুৱা ভৱনত অনুষ্ঠিত হয় প্ৰাইজমানি আধুনিক নৃত্য প্ৰতিযোগিতা। মিচিং ,অসমীয়া আৰু হিন্দী গীতৰ এই নৃত্য প্ৰতিযোগিতা শুভাৰম্ভ কৰা হয় অসম কন্ঠ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে । মঙলবাৰে সন্ধিয়া ৭ বজাত ৰাজহুৱা ভৱন প্ৰাংগনত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত যুৱক সংঘৰ সমূহ কৰ্মকর্তা , দৰ্শক ৰাইজে অংশগ্ৰহণ কৰে । 

 যুৱক সংঘৰ সভাপতি চন্দ্ৰ শেষৰ পেগু আৰু সাধাৰণ সম্পাদক ৰাহুল কুলিৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ হোৱা কাৰ্যসূচীত প্ৰেছ গীল্ড ঢকুৱাখনাৰ সম্পাদক পুলক জ্যোতি বৰা , লখিমপুৰ জিলা সাংবাদিক সংস্থাৰ মাণ্ডলীক সম্পাদক অৰুণ চমুৱা, সাংবাদিক প্ৰতাপ দত্তয়ো অংশগ্ৰহণ কৰে।পৰৱৰ্তী সময়ত অনুষ্ঠিত ১৯সংখ্যক আধুনিক নৃত্য প্ৰতিযোগিতাত গোলাঘাট ,লখিমপুৰ, ধেমাজি ,মাজুলী ,ডিব্ৰুগড় ,শিৱসাগৰ আদি জিলাৰ বহু সংখ্যক প্ৰতিযোগীয়ে নৃত্য প্ৰদৰ্শন কৰে ।  

প্ৰতিযোগিতাৰ পুৰস্কাৰৰ দাতা সকলক সংঘৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱাৰ পাছতে প্ৰতিযোগিতা উদ্বোধন কৰা হয়। মাজ নিশালৈকে অব্যাহত থকা এই প্ৰতিযোগিতাত প্ৰথম  শ্ৰেষ্ঠ বিবেচিত প্ৰতিযোগী গোলাঘাটৰ প্ৰণৱ কুমাৰ মৰাংক নগদ ৫০০১ টকা ,দ্বিতীয় শ্ৰেষ্ঠ প্ৰতিযোগী ঢকুৱাখনাৰ জেচমিনা গগৈক  ৩০০১ টকা , তৃতীয় শ্ৰেষ্ঠ প্ৰতিযোগী ধেমাজিৰ ডেনিচা চুতীয়াক  নগদ ২০০১ টকা চতুৰ্থ স্থান প্ৰাপক ধেমাজিৰ কাৰচেঙ টায়ুং আৰু পঞ্চম স্থান প্ৰাপক গোগামুখৰ এলিজা বুঢ়াগোহাঁইকো নগদ ধনেৰে পুৰস্কৃত কৰা হয় ।

সুশৃঙ্খলিত ভাবে অনুষ্ঠিত এই প্ৰতিযোগিতা সাফল্যমণ্ডিত কৰাত সহযোগিতা আগবঢ়োৱাৰ বাবে দাতাপক্ষৰ লগতে দর্শক , প্ৰতিযোগী আৰু অভ্যাগত অতিথিসকলৰ শলাগ লৈছে যুৱক সংঘৰ সভাপতি চন্দ্ৰ শেষৰ পেগু , সাধাৰণ সম্পাদক ৰাহুল কুলি আৰু মুখ্য উপদেষ্টা ঘন কুলিয়ে ।

জুবিন গাৰ্গ জুবিন