/asomiyapratidin/media/media_files/2026/02/07/whatsapp-image-2026-02-07-16-43-39.jpeg)
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ঘিলামৰা পশু চিকিৎসালয়ত নিযুক্তি কালৰে পৰা সন্ধানহীন হৈ থকা পশু চিকিৎসা বিষয়া গৰাকীৰ অৱশেষত সন্ধান ওলাল। শনিবাৰে হঠাৎ ঘিলামৰা পশু চিকিৎসালয়ত উপস্থিত হল ডাঃ সুস্মিতা নাথ।
বিগত প্ৰায় ৪ বছৰৰ পূৰ্বে পশু চিকিৎসালয়খনত যোগদান কৰি ৰহস্যজনক ভাবে অন্তৰ্ধান হোৱা চিকিৎসা বিষয়া সুস্মিতা নাথ শনিবাৰে পুৱা প্ৰায় ৯ বজাত ঘিলামৰা চিকিৎসালয়ত উপস্থিত হয়। চিকিৎসালয়খনৰ খণ্ড পশু চিকিৎসা বিষয়া হিচাপে ভাৰপ্ৰাপ্ত দায়িত্ব চলাই যোৱা ডাঃ মানবেন্দ্ৰ গগৈৰ পৰা কাৰ্যভাৰ গ্ৰহণ কৰি ডাঃ নাথে দিনটোৰ কৰ্মসময় কাৰ্যালয়তে অতিবাহিত কৰি উভতি যায়।
উল্লেখযোগ্য যে, ডাঃ নাথে বিগত ২০২১ চনতে ঘিলামৰা পশু চিকিৎসালয়ত খণ্ড চিকিৎসা বিষয়া হিচাপে যোগদান কৰিছিল। কিন্তু ৰহস্যজনক কাৰণত বিষয়া গৰাকী শুকুৰবাৰৰ পৰ্যন্ত এদিনো উপস্থিত নাছিল। আগবঢ়োৱা নাছিল কৃষিজীৱী পশুপালক সকলৰ পোহনীয়া পশুধনৰ প্ৰতি সেৱা। এই সন্দৰ্ভত "অসমীয়া প্ৰতিদিন ডিজিটেল"ত ৬ ফেব্ৰুৱাৰীত এক বাতৰি প্ৰকাশ হৈছিল ।
ইফালে, চিকিৎসা বিষয়া গৰাকীৰ বিগত প্ৰায় ৪ বছৰ জোৰা অনুপস্থিতি সন্দৰ্ভত স্থানীয় বিধায়ক নৱ দলে, ঢকুৱাখনা সমজিলা প্ৰশাসন, জিলা পশু চিকিৎসা বিষয়া আদিৰ গুৰুত্বহীনতা উনুকিয়াই দিয়াৰ এদিন পাছতে সকলোৰে সম্বিত ঘূৰি আহিল। লখিমপুৰ জিলা পশু চিকিৎসা বিষয়াৰ জ্ঞাতসাৰেই জিলা মুখ্য কাৰ্য্যালয়ত সুদীর্ঘ দিন ধৰি সেৱা আগবঢ়াই অহা ডাঃ নাথক এক নিৰ্দেশনা যোগে তাৎক্ষণিক ভাৱে কৰ্মথলী ঘিলামৰা পশু চিকিৎসালয়ত যোগদান কৰাৰ নিৰ্দেশ দিয়ে।
তাৰেই পৰিপ্ৰেক্ষিতত শনিবাৰে ডাঃ নাথে ঘিলামৰা চিকিৎসালয়ত উপস্থিত হৈ যোগদান কৰি সেৱা আগবঢ়ায়। "অসমীয়া প্ৰতিদিন ডিজিটেল"ৰ বাতৰিৰ প্ৰভাৱৰ বাবেই বিগত প্ৰায় ৪ বছৰ ধৰি নিযুক্তি স্থানত অনুপস্থিত বিষয়া গৰাকীৰ মুখ ঘিলামৰাবাসীয়ে দেখিবলৈ পালে বুলি বিভিন্নজনে মন্তব্য কৰিছে। ঘিলামৰাবাসীৰ প্ৰত্যাশা অনাগত সময়ত চিকিৎসা বিষয়া গৰাকীয়ে ঘিলামৰাৰ পশুধনৰ প্ৰতি চিকিৎসা সেৱা নিষ্ঠা সহকাৰে আগবঢ়াই যাব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us