ঘিলামৰাত এগৰাকী হৃদয়বান আৰক্ষী বিষয়াৰ মহানুভৱতা...

এগৰাকী হৃদয়বান আৰক্ষী বিষয়াৰ পদক্ষেপে দৃষ্টি কাঢ়িছে সকলোৰে। বিষয়া গৰাকী হল ঢকুৱাখনা সমজিলাৰ ঘিলামৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিত দলে।

author-image
Asomiya Pratidin
New Update
erte4rtewdwdwsdw

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ পোচাকী ক্ষমতা আৰু শক্তিৰ অপব্যৱহাৰ কৰি নিৰীহ নিৰপৰাধী জনতাৰ জীৱন বিপৰ্যস্ত কৰা আৰক্ষীৰ অভাৱ নাই ঢকুৱাখনাত। তাৰ মাজতে এগৰাকী হৃদয়বান আৰক্ষী বিষয়াৰ পদক্ষেপে দৃষ্টি কাঢ়িছে সকলোৰে। বিষয়া গৰাকী হল ঢকুৱাখনা সমজিলাৰ ঘিলামৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিত দলে।

পোচাকী বৃত্তিৰ উপৰিও অনবৰতে এক মানৱতাবাদী চিন্তা চেতনা কঢ়িয়াই লৈ ফুৰা এইগৰাকী শীর্ষ আৰক্ষী বিষয়াই অন্য বিষয়া সকলৰ দৰে অৰ্থসৰ্বস্ব  চৰিত্ৰক প্ৰাধান্য নিদি সমাজৰ এগৰাকী নাগৰিক হিচাবে কিদৰে এখন শান্ত ,শৃঙ্খলিত , অপৰাধমুক্ত সমাজ গঢ় দিব পাৰে তাত ব্ৰতী হৈ আহিছে যোগদানৰ পৰা। বিশেষকৈ নব প্ৰজন্মৰ মাজত অপৰাধ প্ৰৱণতা দূৰীকৰণত এইগৰাকী বিষয়াই বিশেষ ভূমিকা পালন কৰি আহিছে ঘিলামৰাত।

WhatsApp Image 2026-01-25 at 11.08.17 AM

তীব্ৰবেগত বাহন চালনা, হেলমেটবিহীন ভাবে দুচকীয়া বাহন চলোৱা, কিশোৰ কিশোৰীৰ বাহন চালনা কৰা, নিষিদ্ধ নিচাযুক্ত দ্ৰব্য ব্যৱহাৰ কৰা, মাদক দ্ৰব্য সেৱন কৰা, অনাহকত সমাজৰ শান্তি শৃংখলা ভংগ কৰা আদি বিভিন্ন আইন বৰ্হিভূত কৰ্মৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ দিহা পৰামৰ্শ প্ৰদান কৰি ঘিলামৰাৰ একাংশ অভিভাৱকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে বিষয়া দলে। 

যুৱ প্ৰজন্মৰ ওপৰত দমন,ভয়, হেঁচা প্ৰয়োগৰ বিপৰীতে মনস্তাত্বিক পৰিবৰ্তনৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া দলেয়ে শুকুৰবাৰে পশ্চিম ঘিলামৰাৰ  একাংশ যুৱ প্ৰজন্মৰ মাজত  ক্ৰীড়া সুলভ মানসিকতা জাগ্ৰত কৰাৰ মানসেৰে ক্ৰীড়া সামগ্ৰী প্ৰদান কৰে । অচি দলেয়ে পশ্চিম ঘিলামৰাৰ উন্নয়ন খণ্ডৰ খেলপথাৰ প্ৰাঙ্গনত খেলি থকা একাংশ যুৱকৰ মাজত উপস্থিত হৈ ক্ৰিকেট বেট, বল আদি প্ৰদান কৰি উৎসাহিত কৰে।

WhatsApp Image 2026-01-25 at 11.08.16 AM

উপস্থিত খেলুৱৈ সকলৰ একত্ৰিত কৰি সুস্থ মন আৰু শৰীৰ গঠনত লঘু আৰু গুৰু ক্ৰীড়াৰ ভূমিকা সন্দৰ্ভত অৱগত কৰি নিয়মিত ভাৱে অনুশীলন কৰি যোৱাৰ পৰামৰ্শ দিয়ে। তাৰোপৰি যিকোনো খেলৰ সামগ্ৰীৰ অভাৱ অনুভৱ কৰিলে অথবা দৰিদ্ৰ শিক্ষাৰ্থীৰ শৈক্ষিক ক্ষেত্ৰত অভাৱ সমস্যাই দেখা দিলে বিনা দ্বিধাই বিষয়া গৰাকীক অৱগত কৰাৰো আহ্বান জনায়। 

আৰক্ষী বিষয়া দলেয়ে উদীয়মান যুৱক সকলক যান বাহন আইন মানি চলা, নিজ নিজ অঞ্চলত শান্তি শৃংখলা বৰ্তাই ৰখা, সামাজিক অভিশাপ স্বৰূপ নিচাযুক্ত, মাদক দ্ৰব্যৰ বৰ্জনেৰে সুস্থ পৰিবেশ গঢ়াত যুৱ প্ৰজন্মই মনোনিবেশ কৰাৰো আহ্বান ৰাখি ক্ৰীড়া সামগ্ৰী সমূহ প্ৰদান কৰে ।

ঢকুৱাখনা