ঢকুৱাখনাত উন্নয়নৰ ফোঁপোলা স্বৰূপ উদঙাইছে এখন বাঁহৰ দলঙে

বিকশিত অসমৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ। ঢকুৱাখনা উন্নয়ন খণ্ডৰ লগত ঘিলামৰা উন্নয়ন খণ্ডৰ চমু আৰু প্ৰত্যক্ষ পথ যোগাযোগ থকা সদা ব্যস্ত পথৰ এখন দলং বিচাৰি হাহাকাৰ স্থানীয় ৰাইজৰ ।

author-image
Asomiya Pratidin
New Update
3

ডিজিটেল সংবাদ,ঢকুৱাখনাঃ ঢকুৱাখনা বিধানসভা সমষ্টিৰ ১৫ বছৰীয়া বিধায়ক নৱ দলেৰ "আধুনিক ঢকুৱাখনা"ৰ তথাকথিত দম্ভালি নগ্ন ৰূপত উন্মোচিত হৈছে ঢকুৱাখনাত। বিধায়কগৰাকীৰ স্বাৰ্থপৰতা,অমনোযোগিতা,দায়িত্বহীনতা কিম্বা গুৰুত্বহীনতা যিয়েই কাৰণ নহওঁক যুগ যুগ ধৰি অকথ্য যন্ত্ৰণা ভোগী আহিছে ঢকুৱাখনাবাসীয়ে। ঢকুৱাখনা উন্নয়ন খণ্ডৰ লগত ঘিলামৰা উন্নয়ন খণ্ডৰ  চমু আৰু প্ৰত্যক্ষ পথ যোগাযোগ থকা সদা ব্যস্ত পথৰ এখন দলং বিচাৰি হাহাকাৰ কৰা গঞা ৰাইজৰ প্ৰতি চূড়ান্ত প্ৰতাৰণা কৰাৰ ৰাজহুৱা অভিযোগ উত্থাপিত হৈ আহিছে বিধায়ক নৱ দলেৰ বিৰুদ্ধে। 

WhatsApp Image 2026-02-27 at 10.03.11 AM

ঢকুৱাখনাৰ উত্তৰ ঢকুৱাখনা আৰু ঘিলামৰাৰ  দেৱলীয়া পঞ্চায়তৰ মাজেৰে প্ৰবাহিত কঢ়া নদীৰ ওপৰত দুখন পকী দলং বিচাৰি বিগত কেইবা দশক ধৰি হাহাকাৰ কৰি আহিছে স্থানীয় ৰাইজে। উত্তৰ ঢকুৱাখনাৰ জামুগুৰি,মহেমাৰী,বানটৌ,দীঘলা গাঁও,মধ্য ঢকুৱাখনা আদি গাঁওবাসী ৰাইজৰ  লগতে ঘিলামৰাৰ চাকুলি,আখৈফূটিয়া,বলাহী,পুৰণা গোবিন্দপুৰ,মাহতলী,কাঠনি,হকপৰা,বালি পুখুৰী,মেৰ কাঠনি আদি গাঁওৰ লগতে অন্যান্য ৰাইজৰ বাবে  কঢ়া নদীৰ ওপৰৰ আমগুৰি ঘাট আৰু বেপাৰী ঘাটৰ বিশেষ গুৰুত্ব আছে। 

কঢ়া নদীত অৱস্থিত এই দুই পাৰঘাট অতিক্ৰম কৰি দৈনিক হাজাৰ বিজাৰ গঞা কৃষিজীৱী , চাকৰিজীৱী ,শিক্ষাৰ্থী , বনিক ৰাইজ যাতায়ত কৰে এই দুই পথেৰে। দুই বৃহত্তৰ অঞ্চলৰ ৰাইজৰ মেৰুদণ্ড স্বৰূপ কঢ়া নদীৰ ওপৰত এই দুই পাৰঘাটত দুখন পকী দলং নিৰ্মাণৰ বাবে বছৰ বছৰ ধৰি  বিধায়ক নৱ দলেক লিখিত অভিযোগ দাখিল কৰি আহিছে ভুক্তভোগী ৰাইজে। এই জটিল সমস্যাৰ স্থায়ী সমাধানৰ পথ বিচাৰি বহু গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচীও গ্ৰহণ কৰি আহিছে ভুক্তভোগী ৰাইজে। ইমানবেৰ অভিযোগৰ পাছতো ভুক্তভোগী জনতাৰ  জীয়া যন্ত্ৰণা উপশম ঘটাবলৈ তিলমানু গুৰুত্ব নাই বিধায়ক নৱ দলেৰ। নৱ দলেক "আধুনিক ঢকুৱাখনাৰ স্ৰষ্টা" বুলি  দম্ভালি মাৰি অহা গেৰুৱা বাহিনীৰ স্তাৱক সকলৰো দৃষ্টিত নপৰা এই দীৰ্ঘদিনীয়া সমস্যাৰ বাবেই বাৰিষা খৰালি অবৰ্ণনীয় সমস্যা ভুগিব লগা হয় ৰাইজে। 

WhatsApp Image 2026-02-27 at 10.04.31 AM

উল্লেখ্য যে- খৰালি স্থানীয় ৰাইজে গাঁঠিৰ ধন ভাঙি দলঙেৰে যাতায়ত অব্যাহত ৰাখিব লাগে আৰু বাৰিষা নাৱেৰে বিপদসংকুল যাতায়ত কৰিব লাগে । মৰণত শৰণ দি ভৰুণ কঢ়া নৈ দৈনিক পাৰহৈ বাৰিষা যাতায়ত অব্যাহত ৰাখি অহা ঢকুৱাখনা,ঘিলামৰাৰ ৰাইজৰ জীৱনৰ প্ৰতি সামান্যতমো অনুকম্পা নাই বিধায়ক গৰাকীৰ। নিৰ্বাচন আহিলেই পকী দলং নিৰ্মাণৰ আশ্বাস প্ৰতিশ্ৰুতি দি ক্ষমতা পাই পাহৰি যায় নৱ দলেয়ে। স্থানীয় ভুক্তভোগী ৰাইজে আজি জনোৱা মতে দুখন পকী দলং যুগ যুগ ধৰি নিৰ্মাণ নকৰাৰ বাবেই লঘু বাহন চলাচল, ১০৮ মৃত্যুঞ্জয় সেৱাৰ পৰা বঞ্চিত হ'ব লগা হৈ আহিছে গাওঁসমূহৰ ৰাইজ। ঢকুৱাখনা সমজিলা সদৰ কাৰ্য্যালয়লৈ নিচেই চমু পথ হিচাবে ব্যৱহৃত এই পথৰ দলং দুখনৰ পকী নিৰ্মাণৰ প্ৰতি গুৰুত্বহীনতা প্ৰদৰ্শন কৰি অহা বিধায়ক গৰাকীৰ সদিচ্ছাহীনতাক কটু সমালোচনা কৰি ভুক্তভোগী ৰাইজে সমাগত নিৰ্বাচনৰ কালত এনে অমনোযোগিতাৰ সমুচিত প্ৰত্যুত্তৰ পাব বুলি সকীয়াই দিছে।

WhatsApp Image 2026-02-27 at 10.03.41 AM

ঢকুৱাখনা