/asomiyapratidin/media/media_files/2026/02/24/2-2026-02-24-11-23-03.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনাঃ সমাগত ২০২৬ ৰ বিধানসভা নিৰ্বাচন। এই নিৰ্বাচনৰ দিন চমু চাপি আহিলেই চৰকাৰী আঁচনিৰ সম্ভাৰ লৈ ধাৰাবাহিক আধাৰশিলা উন্মোচনৰ ফলকৰে ভৰি পৰে ঢকুৱাখনা সমষ্টিত। একালৰ স্থিতাবস্থামুখী ঢকুৱাখনাক উন্নয়নৰ শিখৰত তোলাৰ স্বাৰ্থত বিধায়ক নৱ দলেক "আধুনিক ঢকুৱাখনাৰ নিৰ্মাতা" আখ্যা দিয়া গেৰুৱা স্তাৱক বাহিনীৰ অন্য এক উলংগ স্বৰূপ উন্মোচিত হৈছে। সভা সমিতিয়ে "টিম ঢকুৱাখনা"ৰ নেতা আখ্যা দি ঢকুৱাখনাৰ সৰ্বাংগীন উন্নয়ন হোৱাৰ ফটা ঢোল বজাই অহা ১৫ বছৰীয়া বিধায়ক নৱ দলে বাহিনীৰ নগ্ন স্বৰূপ উদঙাইছে এখন চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/24/2-2026-02-24-11-23-41.jpg)
ঢকুৱাখনা শিক্ষা খণ্ডৰ অন্তৰ্গত এইখন চৰকাৰী বিদ্যালয়ৰ নাম ধুনাগুৰি কুটুম প্ৰাথমিক বিদ্যালয়। ১৯৬৪ চনতে স্থাপিত এইখন চৰকাৰী শিক্ষানুষ্ঠান বৃহত্তৰ ধুনাগুৰি কুটুম অঞ্চলৰ অন্যতম একমাত্ৰ প্ৰাথমিক বিদ্যালয়। তিনি গৰাকী শিক্ষাগুৰু আৰু মুঠ ১০৪ গৰাকী শিক্ষাৰ্থী বিশিষ্ট এইখন বিদ্যালয়ৰ দুৰৱস্থা আৰু আন্তঃগাঁঠনিৰ অভাৱ নেদেখিলে বৰ্ণাব নোৱাৰা অৱস্থা। নব দলেৰ তথাকথিত আধুনিক ঢকুৱাখনাত যে আজিও মান্ধাতা যুগীয়া শিক্ষা ব্যৱস্থা আছে তাকেই প্ৰকট কৰিছে এইখন বিদ্যালয়ে। বিগত কেইবা দশক ধৰি সীমাহীন অভাৱ সমস্যাৰ মাজত হাবু ডুবু খাই মানৱ সম্পদ গঢ়াত আত্মনিয়োগ কৰি অহা শিক্ষাগুৰু সকলৰ লগতে শিক্ষাৰ্থী সকলে ভোগকৰি অহা যন্ত্ৰণা দেখি,জানি শুনিও অন্ধমুনিৰ ভূমিকা পালিছে বিধায়ক নৱ দলেয়ে। সমান্তৰাল ভাৱে চূড়ান্ত বেপৰোৱা আৰু দায়িত্বহীন ভূমিকা পালন কৰি আহিছে ঢকুৱাখনা সমজিলা প্ৰশাসক,লখিমপুৰ জিলা প্ৰশাসন,ঢকুৱাখনা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ,জিলা প্ৰাথমিক শিক্ষা বিষয়া আদি সকলো দায়িত্বশীল পক্ষই ।
মুঠ ৬টা শ্ৰেণী বিশিষ্ট এইখন প্ৰাথমিক বিদ্যালয়ত যুগ যুগ ধৰি নাই প্ৰতিটো শ্ৰেণীৰ বাবে সুকীয়া শ্ৰেণী কোঠা। এখন বিদ্যালয় পৰিচালনাৰ ক্ষেত্ৰত শিক্ষাৰ অধিকাৰ আইনে নিৰ্ধাৰণ কৰি দিয়া সকলো নীতি নিৰ্দেশনা,পৰামৰ্শৱলী ৰজাঘৰীয়াৰ কৃপাত কেতিয়াবাই ধোঁৱা চাংত উঠিল। অবিশ্বাস্য যেন লাগিলেও প্ৰায় ২৮ ফুট দীঘল,১৪ ফুট বহল এটা মাত্ৰ কোঠাৰ মাজতেই চলে ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ বিভিন্ন চৰকাৰী কামৰ লগতে ৬ টাকৈ শ্ৰেণীৰ পাঠদান। বিদ্যালয়খনৰ নিৰ্বোধ কণ কণ শিক্ষাৰ্থীসকলৰ মৌলিক অধিকাৰ প্ৰকাশ্যে পদপিষ্ট কৰি বছৰ বছৰ ধৰি সীমাহীন যন্ত্ৰণাৰ মাজেৰেই চলিবলৈ দি ৰং চাই অহা বিধায়ক,জিলা আয়ুক্ত ,সমজিলা আয়ুক্ত, জিলা শিক্ষা বিষয়া আৰু সৰ্ব শিক্ষাৰ বিষয়াসকলৰ মুক বধিৰৰ ভূমিকা "অসমীয়া প্ৰতিদিন"ৰ অনুসন্ধানত নিৰ্লজ ৰূপত উন্মোচিত হৈছে।
একাংশ অভিভাৱকে অতি ক্ষোভেৰে জনাই যে গ্ৰীষ্ম ,বাৰিষা সকলো সময়তে অকথ্য হাৰাশাস্তিৰ সম্মুখীন হৈ শিক্ষা গ্ৰহণ কৰিব লাগে গঞা শিক্ষাৰ্থী সকলে । পৰ্য্যাপ্ত শ্ৰেণীকোঠাৰ অভাৱত ছাত্ৰ-ছাত্ৰীসকলক ফৰকাল বতৰত বিদ্যালয়ৰ বাৰাণ্ডাত অথবা বাহিৰৰ গছৰ তললৈ নি পাঠদান কৰিব লাগে শিক্ষাগুৰু সকলে । বাৰিষাৰ সময়ত প্ৰায় ১৯৭২ চনতে নিৰ্মিত বিদ্যালয়খনৰ একমাত্ৰ কোঠাতে সকলো ছাত্ৰ-ছাত্ৰীক ভৰাই লৈ কৰ্দয্য পৰিস্থিতিৰ মাজত শিক্ষাদান কৰিব লাগে শিক্ষকে । প্ৰাক প্ৰাথমিক অৰ্থাৎ "ক"শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণী পৰ্যন্ত এনে পৰিৱেশত দৈনিক শিক্ষা দান কৰি আহিছে শিক্ষক সকলে বুলি কৈ কি বিধায়ক,কি প্ৰশাসনীয় আমোলা,কি শিক্ষা বিষয়া কোনেও এই স্পৰ্শকাতৰ সমস্যাৰ সমাধানৰ বাবে অলপো গুৰুত্ব আৰোপ নকৰে বুলি ক্ষোভেৰে জনাই ৰাইজে।
তাৰোপৰি বাৰিষা সময় চোৱাত এই একমাত্ৰ কোঠাটোত সৃষ্টি হয় এক অবৰ্ণনীয় কৰ্দয্য পৰিৱেশ । বাহিৰৰ পৰা পানী মজিলালৈ প্ৰৱেশ কৰি সমগ্ৰ কোঠা জলমগ্ন হয় ।যাৰ বাবে শিক্ষাৰ্থীৰ মধ্যাহ্ন ভোজন খোৱা কাঁহীৰেই ভিতৰৰ পানী সিঁচি পৰিস্থিতি মোকাবিলা কৰিব লগা হয় শিক্ষক,শিক্ষাৰ্থী সকলে প্ৰায়ে। স্থানীয় ৰাইজ ,অভিভাৱক আৰু বিদ্যালয় পৰিয়ালৰ নিজস্ব আৰু একক তৎপৰতাত বিদ্যালয়খনৰ বাবে " বিদ্যাঞ্জলি " শিতানত ৰাইজে ৰাজহুৱা নামঘৰৰ নিজা প্ৰায় ১কঠা মাটি আৰু অন্য এগৰাকী শুভাকাংক্ষী ব্যক্তিয়ে প্ৰায় ১কঠা মাটি বিদ্যালয়লৈ দান কৰি এখন পূৰ্ণাংগ শ্ৰেণী বিশিষ্ট বিদ্যালয়ৰ আশাত থকা বুলি কৈ ইমানৰ পাছতো অকমন্য বিধায়ক, প্ৰশাসনীয় আমোলা, শিক্ষা বিষয়াৰ মৰ টোপনি নভগা বুলি আক্ষেপ কৰে।
স্মৰ্তব্য যে চৰকাৰী পক্ষৰ ধাৰাবাহিক উদাসীনতাৰ পাছতো গুণগত শিক্ষা দানৰ পৰিবেশ সৃষ্টি কৰি অহা বুলি ৰাইজে জানিবলৈ দি কয় বিদ্যালয়খনে ২০২২ চনত "বি" , ২০২৩ চনত 'এ' , ২০২৪ চনত "এ +" আৰু ২০২৫ চনত পুনৰ "এ+" গ্ৰেড লাভ কৰিবলৈ সক্ষম হয়। তাৎপৰ্যপূৰ্ণ বিষয় হ'ল নিজা গৃহ ভূমিৰ এখন চৰকাৰী বিদ্যালয়ৰ এনে অৱস্থা দূৰ কৰিবলৈ ৰহস্যজনক কাৰণত এদিনো এবাৰো ৰাজনৈতিক শক্তি প্ৰয়োগ কৰা নাই "আধুনিক ঢকুৱাখনাৰ নিৰ্মাতা" বিধায়ক নৱ দলেয়ে । বিপৰীতে শ্ৰেণী কোঠাৰ দীৰ্ঘদিনীয়া অভাৱত হাঁহাকাৰ কৰি অস্তিত্বহীন অৱস্থালৈ গতি কৰা বিদ্যালয়খনৰ চৌহদৰ পকী বেৰা নিৰ্মাণতহে প্ৰাধান্য দিয়াৰ তথ্য উপলব্ধ হ'ল ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us