/asomiyapratidin/media/media_files/2026/02/22/new-ap-web-5-2026-02-22-14-55-08.jpeg)
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ সমাগত ২০২৬ ৰ বিধানসভাৰ নিৰ্বাচনৰ প্ৰাকক্ষণত চৰকাৰী উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপন অব্যাহত আছে ঢকুৱাখনাত। ৭৭ নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন স্থানত বিধায়ক গৰাকীয়ে অব্যাহত ৰখা আধাৰশিলা স্থাপন পৰ্ব দেওবাৰে ঢকুৱাখনা আৰু ঘিলামৰাত সম্পন্ন হয়। সেই অনুক্ৰমে দেওবাৰে অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজি ২০২৫-২০২৬ শিতানত বাটমাৰীৰ সমীপৰ কঢ়া নদীৰ ওপৰত নিৰ্মিত পকী দলংৰ দুয়ো মূৰৰ লগতে নামনি অংশক খহনীয়াৰ গ্ৰাসৰ পৰা স্থায়ী ভাবে সুৰক্ষিত কৰাৰ লক্ষ্যৰে প্ৰায় ২কোটি ২৮ লাখ টকা ব্যয়ৰে এক গাইড বান্ধ নিৰ্মান আঁচনিৰ আধাৰশিলা স্থাপন কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/22/whatsapp-imm-2026-02-22-14-54-42.jpeg)
এই সন্দৰ্ভত অনুষ্ঠিত আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থাকে ঢকুৱাখনা সমজিলাৰ সমজিলা আয়ুক্ত অপূৰ্ব নাথ,লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী ছোনীয়া বৰগোঁহাই, ঢকুৱাখনা জিলা বিজেপিৰ সভাপতি স্বৰূপ কোঁৱৰ,ঘিলামৰা জিলা পৰিষদৰ সদস্য ছন্দেশ্বৰ গগৈ,অগপৰ কেন্দ্ৰীয় সদস্য প্ৰাঞ্জল দিহিঙীয়া,মণ্ডল বিজেপিৰ সভাপতি সুভন দত্ত,ঘিলামৰা গাঁও পঞ্চায়তৰ সভাপতি মোহন হাজৰিকাৰ লগতে বিভাগীয় বিষয়াসকল।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/22/whatsapp-image-2026-02-22-14-55-54.jpeg)
ইয়াৰ পাছতে বিধায়ক গৰাকীয়ে শ্ৰী শ্ৰী বাসুদেৱ থানৰ পৰা নাগপুৰ সংযোগী লোকনিৰ্মান পথত "মাল্টিচেল পকী বক্স কাৰ্লভাৰ্ট" নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে । ৰাজ্যিক দুৰ্যোগ প্ৰশমন আঁচনিৰ অধীনত প্ৰায় ১কোটি ৮৬ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা হ'ব এই অত্যাধুনিক কাৰ্লভাৰ্ট । জনাকীৰ্ণ আধাৰশিলা স্থাপন অনুষ্ঠানত নাৰিকল ভাঙি কামৰ শুভাৰম্ভ কৰি বিধায়ক দলেয়ে বৃহত্তৰ অঞ্চলবাসীৰ দীৰ্ঘদিনীয়া এটা অভাৱ সমস্যাৰ স্থায়ী সমাধানৰ পথ প্ৰশস্ত হব বুলি কয় বিধায়ক গৰাকীয়ে । ইপিনে এই আধাৰশিলা অনুষ্ঠানত বিভাগীয় বিষয়াসকলৰ লগতে জিলা পৰিষদৰ সভানেত্ৰী ছোনীয়া বৰগোঁহাই,সমজিলা আয়ুক্ত অপূৰ্ব নাথ,লোকনিৰ্মান পথ বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা সুবিৰ কৰ্মকাৰৰ উপৰিও অন্যান্য দলীয় নেতৃবৰ্গ আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/22/whatsapp-image-2-2026-02-22-14-56-17.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us