লখিমপুৰৰ কাকৈ বনাঞ্চলৰ বৰহিলত অৰুণাচলী লোকে চলাইছে বেদখল

১০ হেক্টৰৰো অধিক ভূমিত শ শ জোপা গছ কাটি তহিলং ।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ জীৱ বৈচিত্ৰ্য আৰু প্ৰাকৃতিক প্ৰাচুৰ্য্যৰে এসময়ৰ ভৰপূৰ কাকৈ সংৰক্ষিত বনাঞ্চলখনত এতিয়া নাই তাহানিৰ প্ৰাকৃতিক প্ৰাচুৰ্য্যতা। অসম চৰকাৰৰ গুৰুত্বহীনতা তথা অৰুণাচলী লোকৰ উপৰ্যুপৰি বেদখলৰ পৰিণতিত বৰ্তমান বনাঞ্চলখনত ক্ৰমান্বয়ে নিঃশেষ হৈ পৰিছে পূৰ্বৰ প্ৰাকৃতিক প্ৰাচুৰ্য্যতা। অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত অব্যাহত থকা সীমা বিবাদ বুজাবুজিৰ মাজেৰে সমাধান কৰা হৈছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ পাছতো অৰুণাচলী লোকে যে অসমৰ বনভূমিত বেদখল অব্যাহত ৰাখিছে তাৰ এক জ্বলন্ত ছবি বৰ্তমান পোহৰলৈ আহিছে কাকৈ বনাঞ্চলৰ বোকানলা বন শিবিৰৰ দাঁতিকাষৰীয়া বৰহিল এলেকাত। 

WhatsApp Image 2026-01-29 at 7.55.50 PM

বৰ্তমান বনাঞ্চলখনৰ বৰহিল এলেকাত একাংশ অৰুণাচলী লোকে অসমৰ ১০ হেক্টৰৰো অধিক বনভূমিৰ গছ-গছনি কাটি ভূমি বেদখলৰ লক্ষ‍্যৰে জুই লগাই তহিলং কৰাক লৈ পুনৰায় লখিমপুৰ জিলাৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী বোকানলা শান্তিপুৰ এলেকাত পৰিৱেশ উত্তপ্ত হৈ পৰিছে। অসমৰ ভূমি বেদখল কৰি কৃষিভূমিৰ পৰিসৰ বৃদ্ধি কৰা তথা গাঁও স্থাপনৰ লক্ষ্যৰে  অৰুণাচলী লোকসকলে বনাঞ্চলখনৰ অসমৰ গছ-গছনি কাটি তহিলং কৰা পাছতো  লখিমপুৰ জিলা প্ৰশাসন আৰু বন বিভাগে হাত সাবটিহে বহি থকা কাণ্ডক লৈ সম্প্ৰতি সমগ্ৰ সীমান্তৱৰ্তী এলেকাটোতে চেঁপা উত্তেজনা বিৰাজ কৰিছে। 

উল্লেখ্য যে, যোৱা বহু বছৰ ধৰি কাকৈ তথা তাৰিয়নী বনাঞ্চলৰ বিভিন্ন অংশত বেদখল অব্যাহত ৰখা অৰুণাচলী লোকসকলে যোৱা প্ৰায় দুবছৰৰ ভিতৰত বেদখলৰ হাৰ বৃদ্ধি কৰি তুলিছে যদিও উক্ত বেদখল প্ৰতিৰোধৰ ক্ষেত্ৰত চৰকাৰ আৰু জিলা প্ৰশাসনে ৰহস্যজনকভাৱে হাত সাবটি বহি ৰোৱাহে দৃষ্টিগোচৰ হৈছে। চৰকাৰ তথা জিলা প্ৰশাসনৰ সহায় অবিহনে জিলাখনৰ বন বিভাগটো অৰুণাচলীৰ বিৰুদ্ধে যুঁজ আগবঢ়োৱাত অপাৰগ। সেয়েহে যি পৰ্যন্ত অসম চৰকাৰে বন বিভাগৰ আধুনিকীকৰণত গুৰুত্ব আৰোপ নকৰিব আৰু অসমৰ বনভূমিৰ সূৰক্ষাত বন বিভাগৰ প্ৰতি সহযোগিতা আগনবঢ়াব সেই পৰ্যন্ত অসমৰ বনভূমিত অৰুণাচলীৰ অবাধ বেদখল অব্যাহত যে থাকিব সেয়া নিশ্চিত। 

WhatsApp Image 2026-01-29 at 7.55.49 PM

এক কথাত ক'বলৈ গ'লে অসম চৰকাৰৰ অসহযোগিতাৰ বাবেই অসমৰ বন বিভাগৰ সূৰক্ষা ব্যৱস্থাক অংগুষ্ঠ প্ৰদৰ্শন কৰি অসমৰ বনভূমিত এফালৰ পৰা অৰুণাচলী লোকে বেদখল অব্যাহত ৰখাৰ সুযোগ লাভ কৰিছে। ইপিনে কাকৈ বনাঞ্চলৰ বৰহিল অংশৰ দাঁতিকাষৰত নব্বৈ দশকতে পোনপ্ৰথমবাৰৰ বাবে একাংশ অৰুণাচলী লোকে বনাঞ্চল ধ্বংসৰে বেদখল আৰম্ভ কৰিছিল। সেই সন্দৰ্ভত জিলা বন বিভাগৰ তৰফৰ পৰা অসম চৰকাৰে অভিযোগ লাভ কৰিও অসমৰ উক্ত ভূমিভাগ বেদখলমূক্ত কৰাক লৈ কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰিলে। ফলত অসম-অৰুণাচল প্ৰদেশৰ প্ৰকৃত সীমাৰ পৰা প্ৰায় দুই কিলোমিটাৰ অসমৰ বনভূমিত সোমাই আহি অৰুণাচলী লোক একাংশই বৰ্তমান উল্লিখিত অংশত ১০ হেক্টৰৰো অধিক বনভূমিৰ শ শ জোপা গছ-গছনি কাটি তহিলং কৰাৰ সুযোগ লাভ কৰিছে।

ঢকুৱাখনা