১০মাহে আৰ টি আইৰ তথ্য যোগান নধৰিলে ঘিলামৰা আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষই

অদক্ষ আৰু অযোগ্য ব্যক্তি শৈক্ষিক অনুষ্ঠানৰ মূৰব্বী হলে অনুষ্ঠানতো কিমান  বিতৰ্কিত হ'ব লগা হয় সেয়া পদে পদে উপলব্ধি কৰি আহিছে ঘিলামৰাবাসীয়ে ।

author-image
Asomiya Pratidin
New Update
new ap web 6.jpg

ডিজিটেল সংবাদ,ঢকুৱাখনাঃ অদক্ষ আৰু অযোগ্য ব্যক্তি শৈক্ষিক অনুষ্ঠানৰ মূৰব্বী হলে অনুষ্ঠানতো কিমান  বিতৰ্কিত হ'ব লগা হয় সেয়া পদে পদে উপলব্ধি কৰি আহিছে ঘিলামৰাবাসীয়ে । লখিমপুৰ জিলাৰ ভিতৰত ৰাজ্যৰ শিক্ষা বিভাগৰ  কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰৰ অন্তৰ্গত একমাত্ৰ ইংৰাজী মাধ্যমৰ উচ্চ শিক্ষানুষ্ঠান হল আদৰ্শ বিদ্যালয় ঘিলামৰা । আদৰ্শ বিদ্যালয় সংগঠন অসমৰ জৰিয়তে পৰিচালিত এইখন আদর্শ বিদ্যালয়ৰ আদৰ্শহীন অধ্যক্ষ গৰাকীৰ ক্ৰুটি পূৰ্ণ পৰিচালনাৰ বাবে বিদ্যালয়খনৰ অভ্যন্তৰত সূত্ৰপাত ঘটিছে পৰ্বতসম বিত্তীয় অনিয়ম। যাৰ বাবেই  সঘনাই  সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি আহিছে এই  শিক্ষানুষ্ঠানখনে।

WhatsApp Image 2026-02-21 at 5.57.50 PM


প্ৰধানকৈ বিদ্যালয়খনলৈ আৱন্তিত চৰকাৰী আঁচনি আৰু উন্নয়নমূলক  পুঁজিৰ ব্যাপক অপব্যৱহাৰ,অনৈতিক ভাবে কুক্ষীগত কৰাৰ সন্দৰ্ভত ধাৰাবাহিক বাতৰি প্ৰকাশ হোৱাৰ পাছতো এইজন দুৰ্নীতিগ্ৰস্ত অৰ্থলোভী অধ্যক্ষ লক্ষজিৎ হাজৰিকাৰ ওপৰত কোনো বিভাগীয় অনুশাসনমূলক ব্যৱস্থা আদৰ্শ বিদ্যালয় সংগঠন,লখিমপুৰ জিলা  আৰু ঢকুৱাখনা সমজিলা প্ৰশাসনৰ লগতে শিক্ষা বিভাগে গ্ৰহণ কৰা নাই । সম্প্ৰতি এইখন বিদ্যালয় চর্চালৈ আহিছে অদক্ষ অধ্যক্ষ হাজৰিকাৰ অন্য এক বেপৰোৱা কাৰ্যৰ বাবে ।

ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱ দলেৰ ঘনিষ্ঠ হোৱাৰ বাবেই সীমাহীন অনিয়ম সংঘটিত কৰিও ৰাজনৈতিক সুৰক্ষা লাভ কৰি  বিদ্যালয়খনত দৌৰাত্ম্য চলাই যোৱা  এইজন মতলবী অধ্যক্ষই বিধায়কৰ ঘনিষ্ঠ হোৱাৰ সুবাদতে শেহতীয়া ভাৱে তথ্য জনাৰ অধিকাৰ আইনলৈ বৃদ্ধাংগুষ্ঠ  প্ৰদৰ্শন কৰাৰ অভিযোগ উত্থাপিত হৈছে। বিদ্যালয়খনত চৰকাৰী পুঁজিৰ অপচয়,মধ্যাহ্ন ভোজনৰ পুঁজি উদৰস্থকৰণ ,নিৰ্মান শ্ৰমিকক প্ৰাপ্য পুঁজিৰ পৰা বঞ্চনা আদি  বিভিন্ন বিত্তীয় অনিয়মৰ পৰিপেক্ষিতত যোৱা বর্ষৰ ২এপ্ৰিলত তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে তথ্য বিচৰা হৈছিল । কিন্তু অবিবেচকী অধ্যক্ষ শইকীয়াই নিজৰ লুণ্ঠনকাৰী চৰিত্ৰ উন্মোচিত হোৱাৰ ভয়ত সম্পূৰ্ণ তথ্য যোগান ধৰা নাই । 

WhatsApp Image 2026-02-21 at 5.57.53 PM

উল্লেখ্য যে, হাজৰিকাই যোৱা ৩০ এপ্ৰিলত আধৰুৱা আৰু ক্ৰুটি পূৰ্ণ আংশিক তথ্য যোগান ধৰাৰ পাছত আবেদনকাৰীয়ে ৩ জুনত পুনৰ সম্পূৰ্ণ বিচৰা তথ্য নোপোৱাৰ অভিযোগ তুলি পুনৰ আবেদন কৰে। পৰৱৰ্তী সময়ত জিলা অতিৰিক্ত আয়ুক্তই উভয় পক্ষকে কাৰ্য্যালয়লৈ মাতি নি তথ্য যোগান ধৰাৰ নিৰ্দেশ দিয়ে অধ্যক্ষ হাজৰিকাক । সেই অনুক্ৰমে যোৱা ২৬ ছেপ্টেম্বৰত আবেদনকাৰী বিদ্যালয়ত উপস্থিত হৈ সম্পূৰ্ণ তথ্য বিচাৰে অধ্যক্ষক । কিন্তু বিধায়ক আৰু সাংসদৰ কৃপাদৃষ্টি থকা দাম্ভিক অধ্যক্ষজনে তথ্য যোগান ধৰাৰ পৰা ইচ্ছাকৃতভাৱে বিৰত থাকে । এনেদৰে আজি প্ৰায় ১০ মাহ উকলি যোৱাৰ পাছতো আবেদনকাৰীক যোগান ধৰা নাই এই সম্পূৰ্ণ তথ্য । 

আবেদনকাৰীয়ে বিচৰা সম্পূৰ্ণ তথ্য ,নথিপত্ৰ যোগান নধৰি নামমাত্ৰ তথ্য যোগান ধৰি এইগৰাকী কাণ্ডজ্ঞানহীন অধ্যক্ষই আইনখনকে ধোঁৱা চাঙত তোলাৰ অভিযোগ উঠিছে। আবেদনকাৰী লিখন খাটনিয়াৰে জনোৱা মতে,আইনৰ  বিধি অনুসৰি জিলা প্ৰশাসনৰ অতিৰিক্ত আয়ুক্তৰ ওচৰত বিচৰা তথ্য নিৰ্দিষ্ট সময়ত যোগান নধৰাৰ আবেদন কৰাৰ পাছতো কোনো সুদত্তৰ লাভ কৰা নাই আবেদনকাৰীয়ে ।

ঘিলামৰাবাসীৰ শৈক্ষিক নক্ষত্ৰ স্বৰূপ এইখন বিদ্যালয়ক পৈত্রিক সম্পত্তি হিচাবে গণ্য কৰি বিদ্যালয়খনক কলুষিত কৰা অধ্যক্ষজনে ৰান্ধনীগৃহ নিৰ্মানৰ বেলিকাও ব্যাপক অনিয়ম হোৱাৰ ৰাজহুৱা অভিযোগ উঠিছে। মুঠ ৪ লাখ ৭২ হাজাৰ ৩০০ টকা আৱন্তিত হোৱা এই ৰান্ধনী ঘৰত ব্যৱহৃত সামগ্ৰী নিম্ন মানদণ্ডৰ হোৱাৰ লগতে পুঁজি অপচয় কৰা বুলিও চর্চা চলিছে ৰাইজৰ মাজত । তাৰোপৰি গৃহটোত নিয়োজিত নিৰ্মান শ্ৰমিকৰ প্ৰাপ্য মজুৰিও কুক্ষীগত কৰাৰ অভিযোগ তুলিছে বঞ্চিত নিৰ্মাণ শ্ৰমিক সকলে। অন্যহাতে বিদ্যালয়খনৰ শিক্ষাৰ্থী সকলৰ পৰিচয়পত্ৰ  (আইকাৰ্ড )যোগান ধৰাৰ নামতো এইজন বিতৰ্কিত অধ্যক্ষই শিক্ষাৰ্থী সকলক  কেঁকুৰা চেঁপা দি বিত্তীয় অনিয়ম সংঘটিত কৰাৰ তথ্য পোহৰলৈ আহিছে ।

WhatsApp Image 2026-02-21 at 5.57.52 PM

ঢকুৱাখনা