/asomiyapratidin/media/media_files/2026/02/03/1-2026-02-03-22-03-51.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনাঃ ঢকুৱাখনা কিম্বা মাজুলীবাসীৰ লগতে অগণন নাগৰিকক যমৰ যন্ত্ৰণা ভোগাই আহিছে গোগামুখ- ঘিলামৰা ৰাজ্যিক পথে।এক কথাত ঢকুৱাখনা মাজুলীবাসীৰ প্ৰতি ভয়াৱহ সমস্যা হিচাবে থিয় দিছে ধেমাজি পথ সংমণ্ডলৰ অধীনস্থ এই পথে।
১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গোগামুখৰ পৰা ঘিলামৰা সংযোগী ৪২নং ৰাজ্যিক ঘাইপথৰ লেজুৱা অংশ পৰ্যন্ত মৰণফাণ্ড সদৃশ অৱস্থাই এনে ধাৰণাকে প্ৰকট কৰি আহিছে। ঢকুৱাখনা সমজিলাৰ উপৰিও মাজুলী জিলা সংযোগ কৰা একমাত্র ৪২নং ৰাজ্যিক ঘাইপথৰ গোগামুখৰ পৰা লেজুৱা পৰ্যন্ত এই প্ৰায় ১০ কিলোমিটাৰ অংশ ভাগি-ছিগি যাতায়তৰ অনুপযোগী হৈ মৰণফান্দৰ ৰূপ লৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/03/whatsapp-imag-2026-02-03-22-04-23.jpeg)
ধেমাজি বিধানসভা সমষ্টিৰ অন্তৰ্গত ধেমাজি লোকনির্মাণ পথ সংমণ্ডলৰ অধীনস্থ এই অতি ব্যস্ততাপূৰ্ণ বিধ্বস্ত ঘাইপথ অংশৰ মেৰামতি কিম্বা পুনৰ নিৰ্মাণ কৰাত ধেমাজি বিধায়ক,মন্ত্ৰী ডা:ৰনোজ পেগুৱে সামান্যতম গুৰুত্ব আৰোপ নকৰাৰ লগতে অকমন্য লোকনিৰ্মাণ পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাৰ সদিচ্ছাৰ অভাৱৰ বাবে দিনক দিনে জহি খহি বিপদ সংকুল অৱস্থালৈ গতি কৰিছে।
ধেমাজি জিলা প্ৰশাসনেও নিৰ্লিপ্ত ভূমিকা পালন কৰি জটিল কৰি তোলাত এই সমস্যাৰ নিৰ্মম পৰিণতি ভুগিব লগা হৈছে ঢকুৱাখনা-মাজুলীবাসীয়ে । বখলা বখলে পথ ভাগি গৈ যাতায়ত দুৰ্বিসহ কৰি তোলাৰ পাছতো এই প্ৰায় ২০ কিলোমিটাৰ গুৰুত্বপূৰ্ণ পথৰ মেৰামতি অথবা পুনৰ নিৰ্মানক লৈ বছৰজুৰি মুক বধিৰৰ ভাও লৈ আহিছে সাংসদ প্ৰদান বৰুৱাই। ঢকুৱাখনা-মাজুলীবাসীৰ লখিমপুৰ জিলা সদৰৰ সৈতে আৰু গোগামুখ ৰে'ল আস্থান সংযোগী একমাত্ৰ পথ চোৱাৰ এনে দুৰৱস্থাৰ তাৎক্ষণিক দূৰীকৰণৰ দাবীত ৰাজহুৱা প্ৰতিবাদ সাব্যস্ত হৈছিল লগতে পথ অৱৰোধ পৰ্যন্ত হৈছিল। পিছে ইমানৰ পাছতো গেৰুৱা বিধায়ক ডা:ৰনোজ পেগু , সাংসদ প্ৰদান বৰুৱা , ধেমাজি জিলা প্ৰশাসন আৰু ধেমাজি লোকনিৰ্মাণ পথ সংমণ্ডলৰ মৰটোপনী নাভাগিল। পৰিণতিত ভুক্তভোগী ৰাইজে সুচল বিকল্প পথ হিচাবে খলিহামাৰী, গোঁহাইচাপৰি হৈ বৰদলনী তিনি আলিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথক বাছি ল'বলগীয়া হৈছে ।
ইপিনে ঢকুৱাখনা বিধানসভা সমষ্টিৰ অন্তৰ্গত গোগামুখ- ঘিলামৰা সংযোগী ৪২ নং ৰাজ্যিক ঘাইপথৰ লেজুৱাৰ পৰা ঘিলামৰা অংশয়ো জটিল ৰূপ ধাৰণ কৰিছিল। এই সন্দৰ্ভত বিধায়ক নৱ দলে আৰু ঢকুৱাখনা ক্ষেত্ৰীয় লোকনিৰ্মাণ পথ সংমণ্ডলে তৎপৰতা গ্ৰহণ কৰি সমগ্ৰ ভগ্ন পথ অংশ মেৰামতি কৰাৰ কাম প্ৰায় সম্পূৰ্ণ কৰিছে। ঢকুৱাখনা লোকনিৰ্মাণ বিভাগে পি ডি এম এ/২০২৫-২০২৬ শিতানৰ এক আঁচনি গ্ৰহণ কৰি ঢকুৱাখনা বিধানসভা সমষ্টিৰ অন্তৰ্গত লেজুৱাৰ পৰা ঢকুৱাখনা সংযোগী ৰাজ্যিক ঘাইপথৰ প্ৰায় ২৯ কিলোমিটাৰ অংশৰ ভগ্ন অংশ আঁতৰাই নতুনকৈ মেৰামতি আৰু নিৰ্মাণ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/03/whatsapp-image-2026-02-03-22-05-01.jpeg)
লখিমপুৰ লোকনিৰ্মাণ বিভাগৰ ভাৰপ্ৰাপ্ত অধীক্ষক অভিযন্তা তথা ঢকুৱাখনা ক্ষেত্ৰীয় লোকনিৰ্মাণ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা দণ্ডীধৰ মিলিৰ সূক্ষ্ম পৰ্যবেক্ষণত ৰূপায়িত এই আঁচনিৰ সঠিক ৰূপায়ন অলপতে পৰিদৰ্শন কৰে ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলেয়ে । বিধায়ক গৰাকীয়ে লেজুৱা ,বৰদৈ আদি অংশৰ নিৰ্মান কাৰ্য পৰিদৰ্শন কৰি ঢকুৱাখনা সদৰ পৰ্যন্ত যিসমূহ ভগ্ন আৰু বিধ্বস্ত অংশ আছে সেই অংশ সমূহ ক্ষীপ্ৰতাৰে নিৰ্মান আৰু মেৰামতি কৰাৰ বাবে বিভাগ আৰু সংশ্লিষ্ট ঠিকাদাৰক নিৰ্দেশ দিয়ে । এই সন্দৰ্ভত বিভাগক যোগাযোগ কৰাত ধেমাজি সংমণ্ডলৰ অধীনৰ গোগামুখ চাৰি আলিৰ পৰা অতি বিধ্বস্ত ৰূপ লোৱা পথছোৱা মেৰামতিৰ কাম আৰম্ভ কৰা বুলি জনা গ'ল। কিন্তু কামৰ লেহেমীয়া গতি, সীমিত পুঁজিৰ বাবে পূৰ্বৰ দুৰ্দশা অব্যাহত আছে সমগ্ৰ পথছোৱাত ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us