সামৰণি পৰিল পি এম শ্ৰী গোবিন্দপুৰ মজলীয়া বিদ্যালয়ৰ মহাৰজত জয়ন্তী

পি এম শ্ৰী গোবিন্দপুৰ মজলীয়া বিদ্যালয়ৰ সমুজ্জল যাত্ৰাৰ সশ্ৰদ্ধ স্মৰণৰ লক্ষ্যৰে শিক্ষানুৰাগী,ৰাইজ আৰু বিদ্যালয় পৰিয়ালৰ যৌথ উদ্যোগত অনুষ্ঠিত হোৱা মহাৰজত জয়ন্তী মহোৎসৱৰ আজি সামৰণি পৰে।

author-image
Asomiya Pratidin
New Update
new ap web 4.jpg (2)

ডিজিটেল সংবাদ,ঢকুৱাখনাঃ  ঢকুৱাখনা সমজিলাৰ বৃহত্তৰ পশ্চিম মাছখোৱা অঞ্চলৰ এক শৈক্ষিক স্বাভিমানৰ প্ৰতীক পি এম শ্ৰী গোবিন্দপুৰ মজলীয়া বিদ্যালয়। ১৯৪৬-৪৭ চনত প্ৰাথমিক বিদ্যালয়ৰ পৰা ১৯৫০ চনত মজলীয়া বিদ্যালয়লৈ উত্তৰণ ঘটা পি এম শ্ৰী গোবিন্দপুৰ এম ভি বিদ্যালয়ত মহাৰজত জয়ন্তীৰ দেওবাৰে সফল পৰিসমাপ্তি ঘটে। তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত মহাৰজত জয়ন্তীৰ দেওবাৰে অন্তিম দিনাৰ প্ৰথম কাৰ্যসূচী দৃষ্টিনন্দন সাংস্কৃতিক শোভাযাত্ৰাৰে শুভাৰম্ভ কৰে। 

WhatsApp Image 2026-02-01 at 7.42.26 PM

অভিনেত্ৰী পাপৰি বৰাই শুভ উদ্বোধন কৰা বিশাল সাংস্কৃতিক শোভাযাত্ৰাত সামগ্ৰিক ভাৱে পাৰ্শ্বৱতী অঞ্চলৰ সকলো বিদ্যালয়, মহিলা আত্মসহায়ক গোট, ৰাজহুৱা সংগঠন আৰু শিক্ষাসদী ৰাইজে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰে । গ্ৰাম্য সমাজৰ প্ৰতিভূ স্বৰূপ বিভিন্ন লোকাচাৰ ,উৎসৱ পাৰ্বনৰ প্ৰতীকী উপস্থাপনৰ উপৰিও বিভিন্ন লোক সংস্কৃতি দলে অংশগ্ৰহণ কৰে। তিনিখন গাঁও পৰিভ্ৰমণ কৰি দৰ্শকক মন্ত্ৰমুগ্ধ কৰা সাংস্কৃতিক শোভাযাত্ৰা সামৰণি মৰাৰ পাছতে অনুষ্ঠিত হয় মুকলি সভা। 

WhatsApp Image 2026-02-01 at 7.43.18 PM

উল্লেখ্য যে, উদযাপন সমিতিৰ সভাপতি নৱ দলে সভাপতিত্বত কৰা সভাৰ উদ্বোধন কৰে শিক্ষাবিদ ডঃ যোগানন্দ সূতে। সভাত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি মননশীল বক্তব্য আগবঢ়াই মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ অৰূপজ্যোতি চৌধুৰী আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ অখিল ৰঞ্জন দত্ত। জনাকীৰ্ণ সভাত লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী  চোনিয়া বৰগোঁহাই,লখিমপুৰ জিলা আঁচনি বিষয়া নিভাৰাণী শইকীয়া ,ঢকুৱাখনাৰ সমজিলা আয়ুক্ত অপূৰ্ব নাথ জ্যেষ্ঠ নাগৰিক পৃথুৰাম বৰা,যতীন বৰুৱা,টংক ৰাজখোৱা , আনন্দ বৰা আদি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। 

সভাত নিৰ্দিষ্ট বক্তা হিচাপে অনুপ্ৰণামূলক  আৰু প্ৰেৰণাদায়ক বক্তব্য আগবঢ়াই পাৰ্থজ্যোতি বৰুৱাই । নিশা সুকণ্ঠী গায়িকা প্ৰিয়ংকা ভৰালীৰ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰি গৌৰৱোজ্জ্বল জয়ন্তীৰ সফল পৰিসমাপ্তি মৰা হয় । উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি আনন্দ বৰাই জয়ন্তী সফলতাৰে সম্পন্ন কৰাত সকলোৱে সহযোগিতা আগবঢ়োৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছে ।

ঢকুৱাখনা