/asomiyapratidin/media/media_files/2026/01/28/1-2026-01-28-12-35-53.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনাঃ পি এম শ্ৰী গোবিন্দপুৰ মজলীয়া বিদ্যালয়ৰ সমুজ্জল যাত্ৰাৰ সশ্ৰদ্ধ স্মৰণৰ লক্ষ্যৰে শিক্ষানুৰাগী, ৰাইজ আৰু বিদ্যালয় পৰিয়ালৰ যৌথ উদ্যোগত অহা ৩০ জানুৱাৰীৰ পৰা ১ ফেব্ৰুৱাৰীলৈ মহাৰজত জয়ন্তী মহোৎসৱ উদযাপনৰ চলাইছে ব্যাপক প্ৰস্তুতি। প্ৰবীণ শিক্ষাবিদ আনন্দ বৰাক কাৰ্যকৰী সভাপতি আৰু প্ৰধান শিক্ষক দিব্য বৰুৱাক সম্পাদক হিচাপেলৈ গঠিত উদযাপন সমিতি আৰু উপ সমিতি সমূহৰ ঐকান্তিক প্ৰচেষ্টা আৰু তৎপৰতাত এই জয়ন্তীৰ সাফল্যমণ্ডিত কৰাৰ প্ৰয়াস অব্যাহত আছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/28/whatsapp-image-2026-01-28-12-34-26.jpeg)
মহাৰজত জয়ন্তীৰ প্ৰথম দিনা অর্থাৎ ৩০ জানুৱাৰীত গছপুলি ৰোপণ, মুখ্য তোৰণ উন্মোচন,পতাকা উত্তোলন,স্থায়ী পতাকা বেদীৰ শুভ উদ্বোধনৰ পাছতে ৭৫খন পতাকা উত্তোলন কৰিব ৭৫ গৰাকী স্বনামধন্য ব্যক্তিৰ জৰিয়তে। ইয়াৰ পাছত বিদ্যালয়ৰ শীর্ষ গীতৰ উন্মোচন কৰিব প্ৰবীণ সাংস্কৃতিক কৰ্মী তথা শিক্ষাবিদ মিঠাৰাম চেতিয়াই । পৰৱৰ্তী সময়ত মঞ্চ উদ্বোধন,প্ৰদৰ্শনী আৰু বাণিজ্য আৰু গ্ৰন্থমেলাৰ দ্বাৰ উন্মোচন আৰু উদযাপন সমিতি - উপ সমিতি সমূহৰ বিশেষ সন্মিলন অনুষ্ঠিত হ'ব কাৰ্যকৰী সভাপতি আনন্দ বৰাৰ সঞ্চালনাত। দুপৰীয়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক যোগেন্দ্ৰ নাথ দত্তৰ স্মাৰক বক্তৃতাত মুখ্য বক্তা হিচাবে প্ৰবীণ শিক্ষাবিদ উমেশ চন্দ্ৰ শইকীয়াই অংশগ্ৰহণ কৰিব । সন্ধিয়া বিদ্যালয়ৰ শিক্ষাৰ্থী সকলৰ অভিনীত ভাওনা আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/28/whatsapp-image-2026-01-28-12-34-42.jpeg)
দ্বিতীয় দিনা পুৱা স্থানান্তৰিত বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক জগত চন্দ্ৰ দত্ত বৰা স্মাৰক বক্তৃতাৰ সঞ্চালনা কৰিব প্ৰাক্তন ছাত্ৰ তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ অখিল ৰঞ্জন দত্তই । বক্তৃতানুষ্ঠানত মুখ্য বক্তা হিচাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অবসৰী অধ্যাপক ডঃ অৱনী কুমাৰ ভাগৱতীয়ে অংশগ্ৰহণ কৰিব। ইয়াৰ পাছতে " নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি -২০২০ প্ৰত্যাহ্বান আৰু প্ৰত্যাক্ষা" শীর্ষক আলোচনাচক্ৰত শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডঃ পংকজ বৰঠাকুৰ , ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ডঃ প্ৰাঞ্জল বুঢ়াগোহাঁই , উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ডঃ বৰ্ণালী বৰাই আলোচক হিচাবে অংশগ্ৰহণ কৰিব। দুপৰীয়া জয়ন্তীৰ মুখপত্ৰ " মহাৰজত জ্যোতি" উন্মোচন কৰা হব প্ৰবীণ শিক্ষাবিদ ,নাট্যকাৰ,অভিনেতা অমিয় কুমাৰ সন্দিকৈৰ জৰিয়তে। বিয়লি প্ৰাক্তন শিক্ষাৰ্থী আৰু শিক্ষাগুৰু সকলক সম্বৰ্ধনা আৰু সতীৰ্থ সন্মিলন অনুষ্ঠিত হব আৰু পাছতেই প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত কৰা হব । সন্ধিয়া বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব।
মহাৰজত জয়ন্তীৰ অন্তিম দিন অর্থাৎ ১ ফেব্ৰুৱাৰীৰ পুৱা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰিছে। অভিনেত্ৰী পাপৰি বৰাই বিদ্যালয় প্ৰাঙ্গনত শুভ উদ্বোধন কৰিব লগা এই শোভাযাত্ৰাৰ পাছতে মুকলি সভা অনুষ্ঠিত হ'ব । ঢকুৱাখনা স্বায়ত্ব শাসিত মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ যোগানন্দ সূতে উদ্বোধন কৰিব লগা মুকলি সভাত মুখ্য অতিথি হিচাবে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু , সন্মানীয় অতিথি হিচাবে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ অৰূপজ্যোতি চৌধুৰী , নিৰ্দিষ্ট বক্তা হিচাবে অনুপ্ৰেৰণামূলক বক্তা পাৰ্থ জ্যোতি বৰাৰ উপৰিও গৰিষ্ঠ সংখ্যক বিশিষ্ট অতিথিয়ে মুকলি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰিব। নিশালৈ কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীৰ শ্ৰুতিমধুৰ সাংস্কৃতিক কাৰ্যসূচীৰে মহাৰজত জয়ন্তীৰ তিনিওটা দিনৰ কাৰ্যসূচীৰ সফল সামৰণি পৰিব । উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি আনন্দ বৰা আৰু প্ৰচাৰ সমিতিৰ সভাপতি কমিন শইকীয়াই তিনিওটা দিনৰ সমূহ কাৰ্যসূচীত শিক্ষানুৰাগী ৰাইজ ,সমূহ প্ৰাক্তন শিক্ষাৰ্থী , অৱসৰপ্ৰাপ্ত শিক্ষক, কৰ্মচাৰী ,অভিভাৱক ৰাইজ আৰু বিদ্যালয় পৰিয়ালৰ উপস্থিতি , সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে ।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/28/whatsapp-image-2026-01-28-12-34-57.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us